ডিব্ৰুগড় পৌৰ নিগম এলেকাত ব্যৱসায়ী,বিত্তীয় তথা শৈক্ষিক প্ৰতিস্থানৰ নাম ফলকত অসমীয়া ভাষা ব্যৱহাৰ কৰিবলৈ ডিব্ৰুগড় সাহিত্য সভাৰ আহ্বান মেয়ৰক :আছুৰ ১৫ দিনৰ সময়সীমা
এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড়ৰ পৌৰ নিগম এলেকাত থকা সকলো ব্যৱসায়ীক,বিত্তীয় তথা শৈক্ষিক প্ৰতিস্থানৰ নাম ফলকত অসমীয়া ভাষা ব্যৱহাৰ কৰিবলৈ পুনৰ দাবী উত্থাপন কৰিছে ঐতিহ্যমণ্ডিত ডিব্ৰুগড় সাহিত্য সভাই। ডিব্ৰুগড় সাহিত্য সভাৰ উপ-সভাপতি বিভাস দুৱৰা আৰু সম্পাদক ৰাতুল গোহাঁইৰ নেতৃত্বত এটা সজাতি দলে ডিব্ৰুগড় পৌৰ নিগমৰ মেয়ৰ ডাঃ সৈকত পাত্ৰক সাক্ষাৎ কৰি এখন স্মাৰক পত্ৰ প্ৰদান কৰে। স্মাৰক পত্ৰত কোৱা হয় যে অসম সাহিত্য সভাই পূৰ্বতে গঠন কৰা তথা ১৮৯৩ চনতে স্থাপিত হোৱা অসমৰ প্ৰথমখন সাহিত্য সভা(ডিব্ৰুগড় সাহিত্য সভা)ই অসমীয়া জাতীয় জীৱনৰ অলংকাৰ স্বৰূপ ভাষা,সাহিত্য, কলা-কৃষ্টি-সংস্কৃতিৰ উন্নতিৰ হকে অহৰহ কাম কৰি আহিছে।এই সমূহ অলংকাৰৰ কোনো কাৰণতেই বিকৃতকৰণ বা ভেঙুচালি বা উপহাস কৰাতো ডিব্ৰুগড় সাহিত্য সভাই কদাপি কামনা নকৰে।অন্যহাতেদি, ডিব্ৰুগড় সাহিত্য সভাই লক্ষ্য কৰিছে যে দশক দশক ধৰি নৱ গঠিত ডিব্ৰুগড় মহানগৰীত থকা ব্যৱসায়ীক প্ৰতিষ্ঠান,কিছু শৈক্ষিক প্ৰতিষ্ঠান,বিত্তীয় প্ৰতিষ্ঠান,চৰকাৰী বেচৰকাৰী কাৰ্যালয় আদিৰ নাম ফলকত এতিয়াও অসমীয়াৰ পৰিৱৰ্তে ইংৰাজী, হিন্দী আদি ভাষা ব্যৱহাৰ কৰা পৰিলক্ষিত হৈছে।যদিও অসমত বসবাস কৰা সকলোৱেই অসম আৰু অসমীয়াৰ স্বাভিমান অসমীয়া ভাষা নাম ফলক সমূহত লিপিবদ্ধ কৰা দৃষ্টিগোচৰ হোৱা নাই। যিয়ে নেকি অসমৰ বায়ু-পানী সেৱন কৰাৰ পাছতো অসম তথা অসমীয়া ভাষাৰ প্ৰতি আনুগত্য প্ৰকাশ নকৰাৰ লগতে অসম আৰু অসমীয়াক উপহাস কৰাৰো যেন সাহিত্য সভাৰ বোধগম্য হয়।সেয়েহে ডিব্ৰুগড় সাহিত্য সভাৰ সভাপতি ড° শশীকান্ত শইকীয়া, উপ-সভাপতি বিভাস দুৱৰা আৰু সম্পাদক ৰাতুল গোহাঁই স্বাক্ষৰিত স্মাৰক পত্ৰৰ দ্বাৰাই ডিব্ৰুগড়ৰ মহানগৰীত থকা সকলো সৰু-বৰ ব্যৱসায়ীক প্ৰতিষ্ঠান ,চৰকাৰী-বেচৰকাৰী বিত্তীয় প্ৰতিষ্ঠান,শৈক্ষিক প্ৰতিষ্ঠান,চৰকাৰী-বেচৰকাৰী কাৰ্যালয়ৰ নাম ফলকত অসমীয়া ভাষা ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ নিৰ্দেশনা দি বিহিত পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে।লগতে উক্ত পত্ৰৰ জৰিয়তে ডিব্ৰুগড় পৌৰ নিগমৰ মেয়ৰক শ্ৰীঘ্ৰেই এক নিৰ্দেশনা জাৰি কৰাৰ লগতে ব্যৱসায়ীক প্ৰতিষ্ঠান, বিত্তীয় প্ৰতিষ্ঠান,শৈক্ষিক প্ৰতিষ্ঠান তথা চৰকাৰী-বেচৰকাৰী কাৰ্যালয়সমূহতো নাম ফলকত অসমীয়া ভাষা ব্যৱহাৰৰে ভাষাটোক শ্ৰদ্ধা কৰিবলৈকো আহবান জনায়। স্মাৰকপত্ৰ প্ৰদান অনুষ্ঠানত ডিব্ৰুগড় সাহিত্য সভাৰ প্ৰচাৰ সম্পাদক জেচিম আহমেদ, কাৰ্যালয় সম্পাদক হিৰণ্য বৰা, টমাছ বুঢ়াগোহাঁই, ইফটিকাৰ হুছেইন সহ অন্যান্য সদস্য সকল উপস্থিত থাকে। আনহাতেদি ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাইও অসমীয়া ভাষা ব্যৱহাৰৰ ক্ষেত্ৰত দাবী তুলি ডিব্ৰুগড়ৰ মেয়ৰক এক স্মাৰক পত্ৰ প্ৰদানৰে অহা ১৫ দিনৰ ভিতৰত মহানগৰৰ সকলো প্ৰান্ততে অসমীয়া ভাষাৰ ফলক জিলিকাই তুলিবলৈকো দাবী জনায়। ডিব্ৰুগড় ছাত্ৰ সন্থাই পূৰ্বেও অসমীয়া ভাষা ব্যৱহাৰৰ ক্ষেত্ৰত স্মাৰকপত্ৰ প্ৰদান কৰিছিল যদিও কোনো কাৰ্যকৰী নোহোৱাত আজি পুনৰ প্ৰদান কৰি ১৫ দিনৰ সময়সীমা বান্ধি দিছে পৌৰনিগমক।