ডিব্ৰুগড় পৌৰ নিগমৰ মেয়ৰক বিভিন্ন সমস্যা সম্পৰ্কত নাগৰিক মঞ্চৰ স্মাৰক পত্ৰ প্ৰদান
এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড়ৰ বিভিন্ন সমস্যাৰাজি সন্দৰ্ভত আৰু মহানগৰৰ সৌন্দৰ্যবর্ধন দিশ সম্পৰ্কতো সততে সজাগ হৈ ৰোৱা ডিব্ৰুগড়ৰ এক জাগ্ৰত নাগৰিক সংগঠন ডিব্ৰুগড় নাগৰিক মঞ্চই আজি (২১ আগষ্ট,২৫) ডিব্ৰুগড় পৌৰ নিগমৰ মেয়ৰ ডা০ সৈকত পাত্ৰক সাক্ষাৎ কৰি এক স্মাৰক পত্ৰ প্ৰদান কৰে। মঞ্চৰ সভাপতি ড০ ভাৰতী দত্ত,কাৰ্যকৰী সভাপতি তাৰিক ৰহমান,সম্পাদক দুৰ্লভ গগৈৰে গঠিত সঁজাতি দলটোৱে আঠদফীয়া স্মাৰক পত্ৰখনিত উল্লেখ কৰা মহানগৰখনৰ বিভিন্ন সমস্যা সন্দৰ্ভত মেয়ৰৰ সৈতে আলোচনাত মিলিত হয়। পথৰ কাষৰ আৰু পদপথৰ অস্থায়ী বজাৰে সৃষ্টি কৰা সমস্যা,অস্বাস্থ্যকৰ পৰিৱেশত মাছ, মাংস,পাচলি বিক্ৰী কৰা,অপৰ্যাপ্ত কাৰ পাৰ্কিং ব্যৱস্থা, কৃত্ৰিম বানৰ সমস্যা,পাব্লিক টয়লেটৰ সমস্যা আদি বিভিন্ন সমস্যা সন্দৰ্ভত সঁজাতি দলটোৱে আলোচনা কৰে। প্ৰতি ৱাৰ্ডৰ ৱাৰ্ড কমিচনাৰ সকলে নিজ নিজ ৱাৰ্ডৰ বাসিন্দাসকলক লৈ মাহত একোখন সভা অনুষ্ঠিত কৰিলে মহানগৰখনৰ বহু সমস্যাৰ সমাধানসূত্ৰ ওলোৱাৰ সম্ভাৱনা আছে বুলিও মেয়ৰক অৱগত কৰে আৰু মেয়ৰে এই বিষয় সমূহ বিশেষ গুৰুত্বসহকাৰে লোৱা হ’ব বুলি সঁজাতি দলটোক আগত প্ৰকাশ কৰে। ডিব্ৰুগড় পৌৰ নিগমে স্বচ্ছ সৰ্ৱেক্ষণৰ এক পুৰস্কাৰ লাভ কৰাত মেয়ৰ ডা০ পাত্ৰক দলটোৱে এখন ফুলাম গামোছাৰে সম্বৰ্ধনা জ্ঞাপন কৰে। সঁজাতি দলটোৱে একেই বিষয় সন্দৰ্ভত এখনি পত্ৰ আয়ুক্তৰ কাৰ্যালয়তো জমা দিয়ে।