ডিব্ৰুগড় জিলা লেখিকা সমাজৰ সৃজনীশীল সাহিত্য আৰু সাংস্কৃতিক অনুষ্ঠানত গ্ৰন্থ উন্মোচন

ডিব্ৰুগড় জিলা লেখিকা সমাজৰ সৃজনীশীল সাহিত্য আৰু সাংস্কৃতিক অনুষ্ঠানত গ্ৰন্থ উন্মোচন

এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা-  ডিব্ৰুগড় জিলা লেখিকা সমাজৰ অনুষ্ঠান আয়োজিত হৈ যায় ডিব্ৰুগড়ৰ,ডিব্ৰুগড় হনুমানবক্স সুৰজমল কানৈ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত ১১ জানুৱাৰীত। এই উদ্দেশ্যে পুৱা ১১ বজাত বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে ডি এইচ এছ কে মহাবিদ্যালয়ৰ অধ্যক্ষ ড° শশীকান্ত শইকীয়াই। দীপস্তোত্ৰ পৰিৱেশন কৰে ডিব্ৰুগড় জিলা লেখিকা সমাজৰ লৰিয়লি বাগ্মিতা গগৈয়ে। ডিব্ৰুগড় লেখিকা সমাজৰ সভাপতি মধুমিতা দত্তৰ সভাপতিৰ আদৰণিসূচক বক্তব্যৰ পিছতে সম্পাদক অনিতা গগৈয়ে উদ্দেশ্য ব্যাখ্যা কৰে ।অনুষ্ঠানটিত লোকগীত পৰিৱেশন কৰে বাগ্মিতা গগৈয়ে। অনুষ্ঠানৰ মূল কাৰ্যসূচী গ্ৰন্থ উন্মোচনীত দুগৰাকীকৈ লেখিকা ক্ৰমে অৰ্চনা বড়াৰ কাব্যগ্ৰন্থ: ” অভ্ৰভেদী সুৰৰ মালিতা” আৰু “এমুঠি লিমাৰিক” শীৰ্ষক লিমাৰিকৰ এখনি সংকলন উন্মোচন কৰা হয়। অনুষ্ঠানতে উন্মোচন কৰা হয়: লৰিয়লি বাগ্মিতা গগৈৰ কাব্যগ্ৰন্থ: “চৰাই হোৱা হ’লে”। মুখ্য উন্মোচক হিচাপে আমন্ত্ৰিত ড° শশীকান্ত শইকীয়াৰ লগতে গ্ৰন্থ উন্মোচন কাৰ্যসূচীত অংশ গ্ৰহণ কৰে আমন্ত্ৰিত বিশিষ্ট অতিথি ডিব্ৰুগড়ৰ সমাজ কৰ্ম্মী অৱসৰপ্ৰাপ্ত বিষয়া ৰঞ্জন দত্তকে আদি কৰি সভাপতি, সম্পাদকে। গ্ৰন্থ উন্মোচন কৰি ড° শইকীয়াই তেখেতৰ উন্মোচনী ভাষণত কয় যে, মানৱ সমাজ,সভ্যতাৰ অগ্ৰগতিত সৃজনীশীল সাহিত্যৰ ভূমিকা অপৰিসীম। অসমীয়া ভাষা তথা জাতিক জীয়াই ৰাখিবৰ বাবে, ব্যক্তিৰ মনোজগত,জীৱনক সুন্দৰ কৰিবৰ বাবে সৃজনীশীল সাহিত্য চৰ্চা অব্যাহত ৰখাৰ প্ৰয়োজনীয়তা আছে। লেখিকা অৰ্চনা বৰাই দুয়োখন গ্ৰন্থ প্ৰণয়নৰ সম্পৰ্কত নিজৰ আত্মিক তাগিদা তথা অনুভৱ ব্যক্ত কৰে। আনগৰাকী শিশু লেখিকা বাগ্মিতা গগৈয়েও নিজৰ বক্তব্য আগবঢ়ায়। এই অনুষ্ঠানতে ডিব্ৰুগড় জিলা লেখিকা সমাজৰ সহ:সম্পাদক জোনটি বৰা গগৈক সাংগঠনিক দিশত আগবঢ়োৱা পাৰদৰ্শিতাৰ বাবে সন্মানিত কৰা হয়। জিলা সাংস্কৃতিক সম্পাদক ৰিমঝিম শইকীয়াক সাংস্কৃতিক ক্ষেত্ৰত আগবঢ়োৱা অৱদান তথা পাৰদৰ্শিতাৰ বাবে সন্মানিত কৰা হয়। সৃজনীশীল সাহিত্য আৰু সাংস্কৃতিক কাৰ্যসূচী অনুসৰি ক্ৰমে: লৰিয়লি শিশু শিতান,সখিয়তী কিশোৰী শিতানৰ লগতে লেখিকাসকলৰ নৃত্য-গীতকে আদি কৰি স্বৰচিত কবিতা পাঠ, কবিতা আবৃত্তি, স্বৰচিত গল্প পাঠ আদিৰ পৰিৱেশনেৰে সম্পন্ন হোৱা অনুষ্ঠানটিত গীত পৰিৱেশন কৰে লেখিকা সমাজৰ সদস্যা হেপ্পী দত্তই। স্বৰচিত গল্প পাঠ কৰে হিৰোমা শইকীয়াই । সৃজনীশীল নৃত্য পৰিৱেশন কৰে ক্ৰমে অংকিতা বৰঠাকুৰ আৰু ৰুণজুন দাসৰ যুটীয়ে। ভূপেন্দ্ৰ সংগীতত নৃত্য পৰিৱেশন কৰে অংকিতা বৰঠাকুৰে। দলীয় সৃজনীশীল নৃত্য পৰিৱেশন কৰে লৰিয়লি বাগ্মিতা গগৈ, আৰাধ্যা বৰা আৰু টিজুস্মিতা দাসে। প্ৰয়াত জুবিন গাৰ্গৰ এটি গীত পৰিৱেশনেৰে শিল্পীগৰাকীলৈ শ্ৰদ্ধা জনোৱাৰ লগতে ভূপেন্দ্ৰ সংগীত পৰিৱেশন কৰে ডিব্ৰুগড়ৰ শিশু কণ্ঠশিল্পী চাউলী গগৈয়ে। অনুষ্ঠানটিত চাহ পৰ্ব তথা দুপৰীয়াৰ আহাৰ বিৰতিৰ পিছতে সদ্য প্ৰয়াত মহান শিল্পীজনলৈ শ্ৰদ্ধা নিবেদি তেওঁৰ এটি গীত পৰিৱেশনৰ লগতে এটি নিজা গীত পৰিৱেশন কৰে সুকণ্ঠী গায়িকা, অনাতাঁৰ শিল্পী তথা ডিব্ৰুগড় জিলা লেখিকা সমাজৰ সাংস্কৃতিক সম্পাদক ৰিমঝিম শইকীয়াই। গীত পৰিৱেশন কৰে লেখিকা তথা গায়িকা ড° নীলাঞ্জনা শৰ্মাই। অনুষ্ঠানত স্বৰচিত কবিতা পাঠ কৰে ডিব্ৰুগড় জিলা আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ বিটুমণি গগৈ, ডিব্ৰুগড় সাহিত্য সভাৰ সাংগঠনিক সম্পাদক মিনাক্ষী দাস বৰুৱাই। চমু বক্তব্যৰ লগতে কবি দেৱকান্ত বৰুৱাৰ কবিতা আবৃত্তি কৰে বৃহত্তৰ পাটকাই আঞ্চলিকৰ উপ সভাপতি, আবৃত্তিকাৰ তথা শিক্ষয়িত্ৰী প্ৰেৰণা শইকীয়াই। বিহুনাম আৰু নাচ পৰিৱেশন কৰে বিহুৱতী তথা ডিব্ৰুগড় জিলা লেখিকা সমাজৰ কোষাধ্যক্ষ নিভা বৰচেতিয়া, কাৰ্য-নিৰ্বাহক সদস্য বনশ্ৰী দেৱীৰ লগতে অনুষ্ঠানত উপস্থিত থকা ডিব্ৰুগড় জিলা লেখিকা সমাজৰ সদস্যসকলে। সম্পাদক অনিতা গগৈ আৰু সহ সম্পাদক জোনটি বৰা গগৈয়ে আঁত ধৰা মনোজ্ঞ অনুষ্ঠানত শলাগ জ্ঞাপন আৰু সভাপতি মধুমিতা দত্তই।