ডিব্ৰুগড় জিলা পৰিৱহণ বিভাগৰ উদ্যোগত লাহোৱালত পথ সুৰক্ষা সজাগতা সভা: ৬ বছৰত ১৫ লাখৰ মৃত্যু
এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- ভাৰত চৰকাৰৰ পথ পৰিৱহণ আৰু ঘাইপথ মন্ত্ৰালয়ৰ দ্বাৰা ঘোষিত ‘ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহ-২০২৫’ কাৰ্যসূচীৰ অধীনত ডিব্ৰুগড় জিলা পৰিৱহণ বিভাগৰ উদ্যোগত আৰু ডিব্ৰুগড়-মোহনবাৰী পথত চলা তিনিচকীয়া বাহন মালিক সন্থাৰ সহযোগত এক পথ সুৰক্ষা সজাগতা সভা অনুষ্ঠিত হয়৷ সংগঠনটোৰ অধীনস্থ সদস্য তথা অৰ্ধ শতাধিক মালিক-চালকৰ উপস্থিতিত অনুষ্ঠিত উক্ত সজাগতা সভাত ভাষণ প্ৰদান কৰি জিলা পৰিৱহণ বিষয়া হীৰকজ্যোতি ডেকাই কয় যে যান-বাহনৰ চালক সকলে নিজৰ দায়িত্বশীলতাৰ পৰিচয় দি গাড়ী চালনা কৰা উচিত৷ ইয়াৰ জৰিয়তে নিজেও সুৰক্ষিত হোৱাৰ লগতে যাত্ৰীও সুৰক্ষিত হয়৷ পথ দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি হৈ অহাৰ প্ৰতি লক্ষ্য ৰাখি পঞ্চসূত্ৰ মানি চলিবলৈ আহ্বান জনাই তেওঁ কয় যে এতিয়াৰে পৰা মাদক দ্ৰব্য সেৱন কৰি গাড়ী চলাই যদিহে দুৰ্ঘটনা সংঘটিত কৰে তেনে চালকৰ ‘অনুজ্ঞাপত্ৰ’ বাতিল কৰা হ’ব৷ সভাত অতিথি হিচাপে উপস্থিত থাকি পথ সুৰক্ষা কৰ্মী, জিলা পথ সুৰক্ষা সমিতিৰ সদস্য তথা জ্যেষ্ঠ সাংবাদিক ৰতন হাজৰিকাই কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে লোকসভাত প্ৰদান কৰা তথ্যৰ উদ্ধৃতিৰে কয় যে দেশত বিগত ২০১৬-২০২২ বৰ্ষত পথ দুৰ্ঘটনাত মুঠ ১৫ লাখ ২ হেজাৰ ৪১৬ গৰাকী লোকৰ মৃত্যু হৈছে৷ সেইদৰে বিগত দহ বছৰত অসমত ২৭ হেজাৰ ৫৪৮ গৰাকী লোকৰ মৃত্যু হৈছে৷ অসমত এই হাৰ হ্ৰাস কৰিবৰ বাবে সকলোৰে দায়িত্ব আছে৷ এইক্ষেত্ৰত বিশেষকৈ যান-বাহনৰ চালকসকলে সজাগ হোৱাৰ আহ্বান জনাই তেওঁ কয় যে দ্ৰুত গতিত যান-বাহন চলোৱা, হেলমেট নিপিন্ধা, চিটবেল্ট নমৰা, সুৰাপান কৰি গাড়ী চলোৱা আৰু যান-বাহন চলাই থকা অৱস্থাত ম’বাইল ফোনৰ ব্যৱহাৰ কৰা এই ‘পঞ্চসূত্ৰ’ মানি চলিলেই নব্বৈ শতাংশ পথ দুৰ্ঘটনাৰ পৰা বাচিব পৰা যায়৷ আনহাতে জিলা পৰিৱহণ বিভাগৰ যান-বাহন পৰিদৰ্শক ধনঞ্জয় শইকীয়াই অসমত বিগত ২০২৩ বৰ্ষৰ তুলনাত ২০২৪ বৰ্ষত পথ দুৰ্ঘটনা হ্ৰাস হোৱা বুলি উল্লেখ কৰি ভাষণত কয় যে কোনো শাস্তি বা জৰিমণাই পথ দুৰ্ঘটনা হ্ৰাস কৰিব নোৱাৰে৷ ইয়াৰ বাবে সকলো চালক সচেতন হ’ব লাগিব আৰু আনকো সচেতন কৰি তুলিব লাগিব৷ সভাখনিৰ আঁতধৰে সন্থাৰ সভাপতি সৌন্দৰ্য গগৈয়ে৷ অনুষ্ঠানত জিলা পৰিৱহণ কাৰ্যালয়ৰ মুখ্য সহায়ক প্ৰিয়াংকু বৰঠাকুৰ, এনফ’ৰ্চমেন্ট বিষয়া নবাৰুণ দে’, আমানুল্লা হুছেইন, আয়োজক সংগঠনটোৰ সম্পাদক সম্পাদক দীপ হাজৰিকাও উপস্থিত থাকে৷