ডিব্ৰুগড় জিলা প্ৰাথমিক শিক্ষাৰ কাৰ্যালয়ৰ উচ্চবৰ্গ সহায়ক ভূপেন ফুকনৰ অৱসৰ গ্ৰহণ

ডিব্ৰুগড় জিলা প্ৰাথমিক শিক্ষাৰ কাৰ্যালয়ৰ উচ্চবৰ্গ সহায়ক ভূপেন ফুকনৰ অৱসৰ গ্ৰহণ: বিশিষ্ট ব্যক্তি উপস্থিত

এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড় জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ৰ উচ্চবৰ্গ সহায়ক ভূপেন ফুকনক আনুষ্ঠানিক ভাবে অৱসৰ বিদায় সম্বৰ্ধনা জনোৱা হয়। এই উপলক্ষে ডিব্ৰুগড় জিলা মধ্য ইংৰাজী শিক্ষক সন্থাৰ উদ্যোগত আৰু পৰিয়ালবৰ্গৰ সহযোগত বিশেষ সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰা হয়। জিলাখনৰ বগীবিলৰ সমীপৰ বে’ৰোজগাৰ ৰেষ্টুৰেন্টত জিলা মধ্য ইংৰাজী শিক্ষক সন্থাৰ সভাপতি অজিত বুঢ়াগোহাঁইৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সাধাৰণ সম্পাদক তৰ্পন সোনোৱালে। সভাত শিক্ষক সন্থাৰ কেইবাখনো আঞ্চলিক সমিতৰ তৰফৰ পৰা সম্বৰ্ধনা জনোঁৱা লগতে ফুকনৰ সহ:কৰ্মী, পৰিয়াল বৰ্গ, বিভিন্ন শুভাকাংশীৰ লগতে আমোলাপট্টি এম ভি স্কুলৰ প্ৰধান শিক্ষক তথা ডিব্ৰুগড় সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক, জিলা কৰ্মচাৰী পৰিষদৰ প্ৰাক্তন সাংগঠনিক সম্পাদক তথা প্ৰচাৰ সম্পাদক চন্দন ফুকন, পৰিষদৰ জিলা সভাপতি জনক দাস, ডিব্ৰু মহাবিদ্যালয় অধ্যক্ষ ৰঞ্জন চাংমাই, ডিব্ৰুগড় আঞ্চলিক কৰ্মচাৰী পৰিষদৰ প্ৰাক্তন সভাপতি সুশান্ত দেব, হাইস্কুল শিক্ষক সন্থাৰ সভাপতি মোহনলাল উপাধ্যায়, ডিব্ৰুগড় জিলা এম ভি স্কুল শিক্ষক সন্থাৰ সভাপতি অতুল চন্দ্ৰ কোঁচ , ৰাষ্ট্ৰীয় কৃতী অৱসৰী প্ৰধান শিক্ষক খগেন্দ্ৰ নাথ চেতিয়া ফুকন, ৰাজ্যিক কৃতী অৱসৰী প্ৰধান শিক্ষক পুন্যনাথ পাংগিঙ, বিদ্যালয় সমূহৰ পৰিদৰ্শক কাৰ্যালয়ৰ পৰিকল্পনা বিষয়া প্ৰদীপ গোহাঁইকে প্ৰমুখ্যে কৰি বিদ্যালয় সমূহৰ উপ-পৰিদৰ্শক কাৰ্যালয়ৰ আখতাৰ ৰহমান, সুস্মিতা জেনা, কেশৱ সোনোৱাল, হৰকান্ত সোনোৱাল, ভাস্কৰজ্যোতি চুতীয়া, জিলা প্ৰাথমিক শিক্ষা বিষয়া কাৰ্যালয়ৰ বন্দিতা কোঁৱৰ , দেৱজানী বৰুৱা, চন্দ্ৰকান্ত গগৈ, বিক্ৰমজিৎ দে, গানণিক বিষয়া জিতুৰাজ সন্দিকৈ আদিৰ লগতে স্বাস্থ্যৰ কৰ্মী বিদ্যাৱতী ফুকন, পপীমণি বৰা, শিক্ষয়িত্ৰী বন্তি ফুকন ,শিক্ষক প্ৰণৱ ফুকন, মানকটা প্ৰগতিৰ মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক বিজু শৰ্মা, কৰ্মছাৰী পৰিষদৰ জিলা সম্পাদীকা দেবীকা দেবী, সহকাৰী সম্পাদক সুনেশ্বৰ দিহিংগীয়াৰ আদিৰ লগতে অসংখ্য শুভাকাংশীয়ে অৱসৰী ভূপেন ফুকনক বিদায় সম্বৰ্ধনা জনোৱা হয়।উপস্থিত সকলো লোকে ভূপেন ফুকনৰ বিগত সময়ছোৱাত আগবঢ়োৱা অৱদানৰ কথা শ্ৰদ্ধাৰে স্মৰণ কৰে।