ডিব্ৰুগড় জিলা প্ৰশাসনৰ সহযোগত  মিছন শক্তিৰ ওপৰত সমিতি তথা সমন্বয়ৰ আলোচনা সভা

ডিব্ৰুগড় জিলা প্ৰশাসনৰ সহযোগত  মিছন শক্তিৰ ওপৰত সমিতি তথা সমন্বয়ৰ আলোচনা সভা
এম হাছিম  আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা-  ডিব্ৰুগড় জিলাৰ মহিলা আৰু শিশু উন্নয়ন বিভাগৰ জিলা সংকল্পঃ মহিলা সৱলীকৰণ কেন্দ্রৰ উদ্যোগত তথা ডিব্ৰুগড় জিলা প্ৰশাসনৰ সহযোগত জিলা আয়ুক্ত কাৰ্য্যালয়ত আজি (৩১-৭-২৪)  মিছন শক্তিৰ ওপৰত জিলা পৰ্যায়ৰ সমিতি তথা সমন্বয়ৰ আলোচনা সভা অনুষ্ঠিত হয়। সহকাৰী আয়ুক্ত তথা ভাৰপ্ৰাপ্ত সমাজকল্যান বিষয়া সুপ্ৰিয়া বাউলাৰীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা  সভাত ভাৰত চৰকাৰৰ ধ্বজাবাহী আচঁনি  “মিছন শক্তি” আৰু এই আচঁনিৰ ১০০ দিনীয়া বিশেষ সজাগতা অভিযানৰ অধীনত জিলাখনৰ বিভিন্ন স্থানত মহিলা, কিশোৰী আৰু শিশু সুৰক্ষাৰ  বাবে চলাই থকা কাৰ্যসূচী সন্দৰ্ভতো বিতংভাবে আলোকপাত কৰা হয়। এই সভাতে পোষণ অভিযানৰ ওপৰতো  আলোচনা কৰাৰ লগতে এই অভিযানৰ অধীনত জিলাখনত গৰ্ভৱতী মহিলা, প্ৰসুতি মাতৃ লগতে দুগ্ধপান কৰোৱাই থকা মহিলা আৰু শিশুৰ পোষণৰ বাবে হাতত লোৱা পদক্ষেপসমূহৰ বিষয়েও বিতংভাবে উল্লেখ কৰা হয়। সভাত স্বাস্থ্য, শ্ৰম, শিক্ষা তথা জিলা পৰিষদৰ বিষয়াবৰ্গৰ লগতে জিলাখনৰ আটাইকেইটা সংহত শিশু উন্নয়ন প্ৰকল্পৰ প্ৰকল্প বিষয়াবৰ্গ,  ইণ্ডিয়ান পোষ্ট পেইমেন্ট বেংক,  শিশু কল্যাণ সমিতি, জিলা শিশু সুৰক্ষা গোট, জিলা আইনী সেৱা প্ৰাধিকৰণৰ বিষয়াবৰ্গ তথা প্ৰতিনিধিসকল উপস্থিত থাকে।