ডিব্ৰুগড় জিলা প্ৰশাসনৰ উদ্যোগত “দেশভক্তি দিৱস” উদযাপন – এম হাছিম আলী, ডিব্ৰুগড়

ডিব্ৰুগড় ২৮ জুলাইঃ ষ্টাফ ৰিপ’ৰ্টাৰ
ডিব্ৰুগড় জিলা প্ৰশাসনৰ উদ্যোগত তথা ডিব্ৰুগড় তথ্য আৰু জনসংযোগ বিভাগৰ সহযোগত আজি(২৮-৭-২৪) জিলা আয়ুক্ত কাৰ্য্যালয়ৰ সভাকক্ষত “দেশভক্তি দিৱস” উদযাপন কৰা হয়। কাৰ্য্যসূচীৰ আৰম্ভনীতে দেশভক্ত তৰুনৰাম ফুকনৰ প্ৰতিছব্বিত বন্তি প্ৰজ্বালন কৰাৰ লগতে উপস্থিত সকলোয়ে পুষ্প অৰ্পণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। সহকাৰী আয়ুক্ত তথা ভাৰপ্ৰাপ্ত জিলা তথ্য আৰু জনসংযোগ বিষয়া সুপ্ৰিয়া বাউলাৰীয়ে আঁত ধৰা “দেশভক্তি দিৱস”ৰ কাৰ্য্যসূচীত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে বিশিষ্ট লেখক তথা সাহিত্যিক সুমন দত্ত। তেখেতে দেশভক্ত তৰুনৰাম ফুকনৰ আদৰ্শ তথা অৱদান আৰু কৰ্মৰাজীৰ ওপৰত আলোকপাত কৰি সকলোকে অসমী আইৰ এইগৰাকী সুযোগ্য সন্তানৰ আদৰ্শৰে অনুপ্ৰাণিত হ’বলৈ আহ্বান জনায়। দেশভক্ত তৰুনৰাম ফুকনৰ দেশমাতৃৰ প্ৰতি থকা প্ৰেম আৰু ত্যাগৰ মনোভাৱ আমাৰ সমাজৰ বাবে এক উজ্জ্বল নিদৰ্শন বুলিও নিৰ্দিষ্ট বক্তাগৰাকীয়ে উল্লেখ কৰে। এই কাৰ্য্যসূচীতে “দেশভক্তি দিৱস”ৰ লগত সংগতি ৰাখি তিনিটা শাখাত আয়োজিত সদৌ অসম ভিত্তিক ৰচনা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি জিলাভিত্তিক সফলতা লাভ কৰিবলৈ সক্ষম হোৱা প্ৰতিযোগীসকলকো পুৰস্কাৰ প্ৰদান কৰা হয়। আজিৰ কাৰ্য্যসূচীত ডিব্ৰুগড় জিলাৰ জিলা উন্নয়ন আয়ুক্ত অনুপ কুমাৰ ব্ৰহ্ম, অতিৰিক্ত জিলা আয়ুক্ত সংঘমিত্ৰা বৰুৱা, নিৰ্বাচনী বিষয়া প্ৰাঞ্জিল গগৈ প্ৰমুখ্যে জিলাখনৰ স্বাধীনতা সংগ্ৰামীসকলৰ পৰিয়ালবৰ্গ আৰু জিলা প্ৰশাসনৰ অন্যান্য বিষয়াবৰ্গ উপস্থিত থাকে।