ডিব্ৰুগড় জিলা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ চতুৰ্থ দ্বি-বাষিক পূৰ্ণাংগ অধিৱেশন:কবি সাহিত্যিক প্রশান্ত শইকীয়াক “চাচনীৰ গৌৰৱ বটাঁ”ৰ প্ৰদান

ডিব্ৰুগড় জিলা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ চতুৰ্থ দ্বি-বাষিক পূৰ্ণাংগ অধিৱেশন:কবি সাহিত্যিক প্রশান্ত শইকীয়াক “চাচনীৰ গৌৰৱ বটাঁ”ৰ প্ৰদান

এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্রুগড় জিলা জ্যেষ্ঠ নাগৰিক সম্মিলনৰ চতুর্থ দ্বি-বার্ষিক পূৰ্ণাংগ অধিৱেশনখনি ২৬ মে’ত ডিব্ৰুগড়ৰ চাচনী মেৰবিলত জ্যেষ্ঠ নাগৰিক মঞ্চৰ কাৰ্য্যলয় প্ৰাঙ্গনত অনুষ্ঠিত হয়। নাগৰিক মঞ্চৰ সভাপতি ভৱেশ সোনোৱালে পতাকা উত্তোলন কৰা অনুষ্ঠানত স্মৃতি তৰ্পণ কৰে মঞ্চৰ উপ-সভাপতি হেমকান্ত গগৈয়ে। দিনজোৰাকৈ অনুষ্ঠিত হোৱা কাৰ্যসূচী অনুসৰি অন্তিম কাৰ্যনিৰ্বাহক সভাৰ লগতে বিষয় বাচনি সভা অনুষ্ঠিত হয়। সভাত আগন্তুক কাৰ্যকালৰ বাবে ডিব্ৰুগড় বৰবৰুৱাৰ নোমল গগৈক সভাপতি আৰু কঠালগুৰিৰ ভূপেন শইকীয়াক সাধাৰণ সম্পাদক ৰূপে মনোনীত কৰে। আনহাতে অধিৱেশনৰ মুকলি সভাত ” চাচনী জ্যেষ্ঠ নাগৰিক মঞ্চ”ৰ দ্বাৰা “চাচনীৰ গৌৰৱ বটাঁ’ প্ৰদান কৰা হয়। চাচনীৰ খাট’পথাৰ গাঁৱৰ সন্তান, এসময়ত চাচনী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ অঞ্চলটোলৈ সন্মান কঢ়িয়াই অনা ছাত্ৰ তথা বৰ্তমানে অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগৰ অধীক্ষক অভিযন্তা, গল্পকাৰ, কবি, সাহিত্যিক, সাংস্কৃতিক কৰ্মী, সমাজ সেৱক প্ৰশান্ত শইকীয়াৰ লগতে সমাজ সেৱক চাচনী মনিমানিক গগৈক “চাচনীৰ গৌৰৱ'” বঁটাৰে বিভূষিত কৰে।এই সভাতে অৰুণ কুমাৰ চাংমাই আৰু দিলীপ শইকীয়াৰ সম্পাদনাৰে প্ৰকাশিত “হেঙুলী আভা” নামৰ স্মৃতিগ্ৰন্থ খনি উন্মোচন কৰে সাহিত্যিক পেঞ্চনাৰ মোহন সোনোৱালে। একেটা অনুষ্ঠানতে চাচনীৰ জ্যেষ্ঠ বৰেণ্য ব্যক্তিক সকলকো সভাতে সম্বৰ্ধনা জনোৱা হয়।