ডিব্ৰুগড় জিলা কৰ্মচাৰী পৰিষদৰ ষষ্ঠদশ দ্বি-বার্ষিক অধিৱেশনৰ মুকলি সভা ::১৭ গৰাকী বিশিষ্ট ব্যক্তিক উষ্ম সম্বর্ধনা
এম্ হাছিম আলী, ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- ‘কৰ্মচাৰীসকলেই দেশৰ মেৰুদণ্ড স্বৰূপ। কৰ্মচাৰীসকলৰ অনবদ্য বৰঙণি অবিহনে এখন দেশ কেতিয়াও উন্নতিৰ শিখৰলৈ আগুৱাই যাব নোৱাৰে।’ ডিব্ৰুগড় জিলা কৰ্মচাৰী পৰিষদৰ ষষ্ঠদশ দ্বি-বার্ষিক অধিৱেশনৰ মুকলি সভাত ‘কর্ম প্রবাহ’ স্মৃতিগ্রন্থখন উন্মোচন কৰি ডিব্ৰুগড়ৰ কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ, বিশিষ্ট সাহিত্যিক কর্মসূর্য ড০ শশীকান্ত শইকীয়াই এইদৰে কয়। অধ্যক্ষগৰাকীয়ে কয়, কিছু সংখ্যক কর্মচাৰী আছে যিসকলে দেশখনক তথা সমাজখনক ভালপোৱাৰ যি তাড়ণা সেই তাড়ণা তেওঁৰ শৰীৰৰ প্ৰতিটো ৰক্ত কণিকাত লৈ ফুৰে। অধ্যক্ষগৰাকীয়ে কিছুসংখ্যক কৰ্মচাৰীয়ে জীৱনৰ সৌন্দৰ্য অথবা সমাজৰ সৌন্দৰ্যতাক মনৰ মাজত লৈ নিস্বাৰ্থৰে যি কৰ্ম কৰি দেশ আৰু সমাজৰ উন্নতিত অৰিহণা যোগাইছে, সেই কৰ্মৰ স্পৃহা সকলো কৰ্মচাৰীৰ মাজত জাগ্ৰত কৰিবলৈ আহ্বান জনোৱাৰ লগতে কৰ্মচাৰীসকলৰ মাজত নিয়মীত প্রশিক্ষণৰ ব্যৱস্থা গ্ৰহণৰ বাবেও কৰ্মচাৰী পৰিষদৰ বিষয়ববীয়া সকলক আহ্বান জনায়। কৰ্মচাৰীসকলে চৰকাৰৰ পৰা বিভিন্ন সা-সুবিধা লাভ কৰিবলৈ শক্তিশালীভাৱে দাবী সাব্যস্ত কৰে, ঠিক তেনেদৰে কৰ্মচাৰীসকলে দায়িত্ব, কর্তব্য আৰু জবাবদিহিতাৰ ওপৰতো অধিক মনোযোগ দিবলৈ তেওঁ আহ্বান জনায়। কৰ্মৰ জদবাদিহিতা নাথাকিলে দেশৰ চৰকাৰৰ প্ৰগতি সম্ভৱ নহয় বুলিও তেওঁ কয়। ডিব্রুগড় জিলা কৰ্মচাৰী পৰিষদৰ সাধাৰণ সম্পাদক জনক দাসে আঁত ধৰা সভাখনত সদৌ অসম কৰ্মচাৰী পৰিষদৰ সভাপতি দীপেন শৰ্মাই কয়- দূর্নীতিগ্রস্ত কৰ্মচাৰীৰ লগত কৰ্মচাৰী পৰিষদ নাই। তেওঁ কয়- কৰ্মচাৰী পৰিষদে বিভিন্ন সময়ত উত্থাপন কৰা বিষয়সমূহ চৰকাৰে গুৰুত্ব সহকাৰে ল’ব লাগে। এন পি এছৰ কৰ্মচাৰীসকলক অ পি এছলৈ নিয়াৰ প্রক্রিয়াটো গুৰুত্ব সহকাৰে লৈ বিহীত ব্যৱস্থা গ্রহণ কৰিবৰ বাবে তেওঁ চৰকাৰক আহ্বান জনায়। অনুষ্ঠানত সদৌ অসম কৰ্মচাৰী পৰিষদৰ সম্পাদক প্রধান পংকজ বৰ্মনে কয়- চৰকাৰী কৰ্মচাৰীসকলে নিজৰ দায়িত্ব আৰু কৰ্তব্য নিষ্ঠাসহকাৰে পালন কৰা উচিত। তেওঁ এন পি এছ ব্যবস্থা বাতিল কৰি অ পি এছ ব্যৱস্থা বাহাল ৰাখিবলৈ চৰকাৰক আহ্বান জনায়। অনুষ্ঠানৰ লগত সংগতি ৰাখি চিকিৎসা, সাহিত্য, সংস্কৃতি, শিক্ষা, সমাজ তথা সংবাদ জগতলৈ বিশেষ বৰঙণি আগবঢ়োৱা প্ৰায় ১৭ গৰাকী বিশিষ্ট ব্যক্তিক সম্বর্ধনা জ্ঞাপন কৰা হয়। সেইসকলৰ ভিতৰত ক্ৰমে বিশিষ্ট হৃদৰোগ চিকিৎসক ডাঃ হেম চন্দ্র কলিতা, বিশিষ্ট সাহিত্যিক, সমাজকর্মী ইন্দ্ৰ গগৈ, বৰহাট ভবানী প্ৰসাদ বৰুৱা সোঁৱৰণী মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ জ্যেষ্ঠ সহযোগী অধ্যাপক ড০ বাৰীন্দ্র দাস, অসম আদিত্য কাকতৰ সম্পাদক মনজিৎ বৰা, ডিব্ৰুগড় সাহিত্য সভাৰ সম্পদক তথা জ্যেষ্ঠ সাংবাদিক ৰাতুল গোহাঁই, বিশিষ্ট ক্রীড়া সংগঠক জয়ন্ত বিজয় শর্মা, শ্বহীদ গহীন চেতিয়া মধ্য ইংৰাজী বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত প্রধান শিক্ষক কৰুণা কান্ত গগৈ, সমাজ কল্যাণ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক গোবিন বাহাদুৰ ছেত্রী, ডিব্রুগড় জিলা বিদ্যালয়সমূহৰ উপ পৰিদৰ্শকৰ কাৰ্যালয়ৰ উচ্চ বৰ্গ সহায়ক আখতাৰ ৰহমান, দঙ্গৰচুক প্রাথমিক বিদ্যালয়ৰ প্রধান শিক্ষক গুণীন্দ্র গোহাঁই, ডিব্ৰুগড় কোষাগাৰ প্ৰাধিকাৰীৰ কাৰ্যালয়ৰ অধীক্ষক প্রসন্ন দাস, অসম চিকিৎসা মহাবিদ্যালয়ৰ মুখ্য সহায়ক জিতুল গগৈ, ডিব্রুগড় জিলা আযুক্ত কাৰ্যালয়ৰ জ্যেষ্ঠ জিলা প্রশাসনিক সহায়ক দিগন্ত কুমাৰ গগৈ, ডিব্ৰুগড় জল সম্পদ বিভাগৰ মুখ্য সহায়ক অৰূপ ভট্টাচার্য, ডি এইচ এছ কানৈ মহাবিদ্যালয়ৰ নিম্নবৰ্গৰ সহায়ক অপূর্ব শর্মা, ডিব্রুগড় জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ কনিষ্ঠ সহায়ক নিলোৎপল বুঢ়াগোহাঁই আৰু সহকাৰী কৰ আয়ুক্ত কাৰ্যালয়ৰ জ্যেষ্ঠ সহায়ক দ্বীপেন দাস। ডিব্ৰুগড় জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি পলাশ কোঁৱৰৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনিত সদৌ অসম কৰ্মচাৰী পৰিষদৰ উপ সভাপতি প্রসন্ন বৰুৱা, ডিব্ৰুগড় জিলা কৰ্মচাৰী পৰিষদৰ প্ৰাক্তন সভাপতি ইন্দ্ৰ গগৈকে ধৰি ভালেসংখ্যক প্রতিনিধি বৰ্গ আৰু গন্যমান্য ব্যক্তি উপস্থিত থাকে।