ডিব্ৰুগড় জিলা আইনী সেৱা প্ৰাধিকৰণৰ ড্ৰাগছ বিৰোধী সজাগতা সভা
এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড়ত একাংশ অঞ্চলত বিগত কিছু বছৰৰ পৰা ড্ৰাগছৰ এক ৰমৰমীয়া ব্যৱসায় গঢ়ি উঠিছে। যাৰ ফলত সামাজিক বাতাৱৰণৰ শৃংখলা বিঘ্নিত হোৱাৰ লগতে উঠি অহা প্রজন্মলৈ ভাবুকি আহিছে। আনহাতে জিলা প্ৰশাসনে ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই সৰবৰাহকাৰী, সেৱনকাৰী আদি আটক কৰি আহিছে যদিও এই সামাজিক ব্যাধি হ্রাস হোৱা পৰিলক্ষিত হোৱা নাই। নিচাৰ এই মাৰাত্মক প্ৰাদূৰ্ভাৱ সকলোতে বিয়পি পৰাৰ সময়তে ডিব্ৰুগড় জিলা আইনী সেৱা প্ৰাধিকৰণৰ উদ্যোগত আজি আমোলাপট্টি মধ্য অসমীয়া বিদ্যালয় মোহনাঘাটত এক সজাগতা সভা “ডন-ড্রাগ সজাগতা আৰু সুস্থতা নেভিগেচনৰ বাবে… এ ড্ৰাগছ ফ্ৰী ভাৰত) আঁচনি, ২০২৫- শীর্ষক সজাগতা সভা সম্পন্ন হয়। স্থানীয় পি.ল.ভি. কৰ্মী প্ৰশান্ত শইকীয়াই আঁতধৰা সভাত কেইবাগৰাকীও সন্মানীয় ব্যক্তিৰ লগতে ডিব্ৰুগড় জিলা আইনী সেৱা প্ৰাধিকৰণৰ বিষয়া অভিজিৎ শইকীয়া উপস্থিত থাকে।এই সভাত সমল ব্যক্তিৰূপে ডিব্রু মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড° ৰঞ্জিত সিনহা আৰু ডিব্ৰুগড় সাহিত্য সভা আৰু বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ সম্পাদক ৰাতুল বুঢ়াগোঁহাই সমল ব্যক্তি হিচাবে উপস্থিত থাকে। ড্রাগছ সেৱনৰ প্ৰৱণতা এক সামাজিক সমস্যাহে, এই সমস্যাটো সম্পূৰ্ণৰূপে নির্মূল কৰিবলৈ হ’লে সমাজৰ সৰ্বসাধাৰণ ৰাইজক আগবাঢ়ি আহিবলৈ আহ্বান জনাই নতুন প্ৰজন্মৰ যুৱক-যুৱতীসকল বেছিকৈ এই নিচাৰ প্ৰতি আসক্ত হোৱাত এই ব্যাধি নিৰ্মূলৰ বাবে পৰিয়ালৰ লোকসকলে নিজৰ সন্তানৰ আচাৰ-আচৰণ সন্দৰ্ভত সজাগ হোৱাৰ লগতে সমাজৰ সচেতন লোকসকলে সতর্কতা অৱলম্বন কৰিলেহে ইয়াৰ সমাধান সম্ভৱ হ’ব বুলি কয়। মাৰাত্মক ৰূপ ধাৰণ কৰা ড্ৰাগছৰ বেহা আৰু সেৱন সন্দৰ্ভত অৱসৰপ্ৰাপ্ত অধ্যাপক ডঃ ৰঞ্জিত সিনহাই উপস্থিত ছাত্ৰ ছাত্ৰী সকলক কেইবাটাও গল্পৰ জৰিয়তে মাৰাত্মক ড্ৰাগছৰ ভয়াৱহতাৰ বিষয়ে বক্তব্য ৰাখে। জ্যেষ্ঠ সাংবাদিক ৰাতুল বুঢ়াগোহাঁইয়ে বিভিন্ন সময়ত ড্ৰাগছ বিৰোধী অভিযান অব্যাহত থাকে যদিও নিষিদ্ধ ড্ৰাগছৰ প্ৰতি আসক্তি সমাজৰ বাবে বিষবাষ্প হৈ থিয় দিয়া বুলি উল্লেখ কৰি ছাত্ৰ-ছাত্ৰী সকলৰ অভিভাৱক আৰু শিক্ষক-শিক্ষয়িত্ৰী সকলৰ লগতে চুবুৰীয়া সকলোৱে সজাগতা আৰু সচেতনতাৰ জৰিয়তে এই ব্যাধি হ্ৰাস কৰিবলৈ সক্ষম হ’ব বুলি কয়। তেওঁ বিভিন্ন নিচাযুক্ত সামগ্ৰীৰ বিষয়ে উল্লেখ কৰি শেহতীয়াকৈ নৱ প্ৰজন্মৰ বাবে মোবাইল ফোনটো মাৰাত্মক ড্ৰাগছৰ দৰেই প্ৰভাৱ পেলাইছে বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰে।সভাত সন্মানীয় অতিথি ৰূপে উপস্থিত থাকি আমোলাপট্টি মধ্য অসমীয়া বিদ্যালয়ৰ প্ৰধান শিক্ষক চন্দন ফুকনে ড্ৰাগছৰ ভয়াবহতাৰ আৰু নিৰ্মুলতাৰ সন্দৰ্ভত শিশুৰ পৰাই সজাগতা বৃদ্ধি কৰিব লাগিব বুলি কয়। লগতে ডিব্ৰুগড় জিলা আইনী সেৱা প্ৰাধিকৰণে শিক্ষানুষ্ঠান সমুহত এনেদৰে সজাগতা সভা অনুষ্ঠিত কৰি যোগাত্মক পদক্ষেপ গ্ৰহণ কৰা বুলি কয়।সভাত অধ্যাপিকা অৰ্পিতা সিনহা, সাংবাদিক -লেখক জ্যোতিষ পাতিৰ সহ আন কেবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকি বক্তব্য প্ৰদান কৰে। সভাত ছাত্ৰ-ছাত্ৰী সকলৰ মাজত এই ব্যাধি নিৰ্মূলৰ ওপৰত সজাগতা বৃদ্ধিৰ প্ৰয়াস কৰি স্থলিতে সমল ব্যক্তি ভাষণৰ ওপৰত কুইজ প্ৰতিযোগীতা অনুষ্ঠিত কৰি বিভাগীয় ফালৰ পৰা বঁটাপ্ৰদান কৰে।সভাত শতাধিক ছাত্ৰ ছাত্ৰী লগতে শিক্ষক শিক্ষয়িত্ৰী সকল উপস্থিত থাকে।
