ডিব্ৰুগড় জিলাৰ ২৩ গৰাকী হজ্বযাত্ৰীৰ প্ৰশিক্ষণ

ডিব্ৰুগড় জিলাৰ ২৩ গৰাকী হজ্বযাত্ৰীৰ প্ৰশিক্ষণ :২ মে’ ৰ পৰা বিমান উৰণৰ সম্ভাৱনা 
এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- অন্যান্য বছৰৰ দৰে এইবছৰ অৰ্থাৎ ২০২৫ চনৰ বাবে ডিব্ৰুগড়ৰ পৰা ২৩ গৰাকী হজ্বযাত্ৰী এইবাৰ পৱিত্ৰ মক্কা- মদিনালৈ হজ্বব্ৰত কৰিবলৈ যাব। মুঠ ২৩ গৰাকী হজ্বযাত্ৰীৰ ভিতৰত ১৪ গৰাকী পুৰুষ আৰু ৯ গৰাকী মহিলাই এই প্ৰশিক্ষণত অংশ গ্ৰহণ কৰে। গ্ৰাহাম বজাৰত থকা ডিব্ৰুগড় কেন্দ্ৰীয়  ঈদগাহ ময়দান প্ৰেক্ষাগৃহত অনুষ্ঠিত  প্ৰশিক্ষণ শিবিৰত ডিব্ৰুগড় জিলা হজ্ব কমিটিৰ উদ্যোগত আৰু জিলা প্ৰশাসনৰ সহযোগত অনুষ্ঠিত হজ্ব যাত্ৰীসকলক প্ৰশিক্ষণ দিয়ে আলহজ্ব চৈয়দ পাৰভেজ মুন্নাফৰ ৰহমান, আলহজ্ব চিদ্দিকুৰ ৰহমান আৰু আলহজ্ব শেখ চামিৰুল হক(চাজু )।এই প্ৰশিক্ষণত ৩ গৰাকী ব্যক্তিগত ভাৱে হজ্বব্ৰত কৰিবলৈ  যাবলৈ ওলোৱা হজযাত্ৰীও প্ৰশিক্ষণত  অংশ গ্ৰহণ কৰে আৰু ইয়াৰে ২ গৰাকী মহিলা আৰু ১ গৰাকী পুৰুষ। এইবছৰ অসমৰ পৰা মুঠ ২৭৭৫ গৰাকী হজ্বযাত্ৰী মক্কা-মদিনালৈ এপ্ৰিলৰ শেষত বা মে’ মাহৰ (২ )দুই তাৰিখৰ পৰা গুৱাহাটীৰ পৰা পোনে পোনে হজ্বযাত্ৰীসকল  জিদ্দা বা মদিনালৈ  যাব পাৰিব বুলি অসম হজ্ব কমিটীৰ অধ্যক্ষ আলহজ নেকিবুজামানে জানিবলৈ দিয়ে।