ডিব্ৰুগড় জিলাৰ বৰবৰুৱাত কবি সন্মিলন সমাপ্ত

ডিব্ৰুগড় জিলাৰ বৰবৰুৱাত কবি সন্মিলন সমাপ্ত

এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড় জিলা কবি সন্মিলনৰ সমূহ শাখা আৰু ডিব্ৰুগড়বাসী ৰাইজৰ সহযোগত অসম কবি সন্মিলনৰ অষ্টাদশ মধ্যকলীন কেন্দ্ৰীয় কবি সন্মিলনৰ অধিবেশনখনি ২৫ ফেব্ৰুৱাৰী তাৰিখে ঐতিহ্যমণ্ডিত বৰবৰুৱা অঞ্চলৰ ছ্যুকাফা ভৱনত এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায়। কাৰ্যসূচী মতে পুৱা প্ৰয়াত বিজ্ঞানী,যোৰহাট প্লেনটৰিয়ামৰ তত্বাৱধায়ক, কবি,সংগীত শিল্পী প্ৰণৱজ্যোতি চেতিয়া (প্ৰিন্স)ৰ নামত উৎসৰ্গিত অস্থায়ী তৰণ উন্মোচন কৰে বিজ্ঞানী জনাৰ মাতৃ লক্ষীপ্ৰভা চেতিয়াই । ৭-৩০ বজাত সন্মিলনৰ পতাকা উত্তোলন কৰে মুখ্য উপদেষ্টা দীনেশ দাসে। ৮-০০ বজাত স্মৃতি তৰ্পণৰ কাৰ্যসূচী আৰম্ভ কৰা হয়।কেন্দ্ৰীয় বিষয়ববীয়া, জিলা সভাপতি অজিত বড়া, সম্পাদিকা বিবিজান দত্ত, আভ্যথৰ্না সমিতিৰ সভাপতি কৃপাল ফুকন, সম্পাদক মহেন্দ্ৰ হাজৰিকা, জিলা সমিতিৰ বিষয়বৱীয়া, শাখা সমিতিৰ সভাপতি/সম্পাদক সহ শুভাকাংশী ৰাইজে এই কাৰ্যসূচীত অংশ গ্ৰহণ কৰে। পুৱা ১০-০০ বজাৰ পৰা অনুষ্ঠিত হোৱা প্ৰতিনিধি সভাৰ দ্বাৰ উন্মোচন কৰে বিহু সুৰক্ষা সমিতি, অসমৰ প্ৰতিষ্ঠাপক সম্পাদক পবিত্ৰ মহন ফুকনে।চাচনীৰ বৰ্ষা কবি চক্ৰৰ দ্বাৰা বৰগীতেৰে সভাখনি আৰম্ভ কৰা হয়। প্ৰতিনিধি সভাত অসমৰ বিভিন্ন জিলা আৰু শাখাৰ প্ৰায় ১৭০ জন প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। প্ৰতিনিধি সভাৰ অন্তত নিৰ্বাচিত কবি কবিতা পাঠ অনুষ্ঠানটি আৰম্ভ হয়।কানৈ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা চুলতানা হাজৰিকাই উদ্বোধন কৰা অনুষ্ঠানত প্ৰায় ৬০ গৰাকীৰ অধিক নিৰ্বাচিত কবিয়ে স্বৰচিত কবিতা পাঠ কৰে। কবিতা পাঠৰ মাজতে লাহোৱাল শাখা কবি সন্মিলনৰ তৰফৰ পৰা লোক-কৃষ্টি বিয়া নাম পৰিবেশন কৰা হয়।প্ৰতিজনা কবিকে আয়োজক সমিতিৰ তৰফৰ পৰা একোখনকৈ চেলেংৰ লগতে কৃতজ্ঞতা পত্ৰ প্ৰদান কৰা হয়।কবিতা পাঠৰ সঞ্চালক হিচাপে উপস্থিত থাকে ডিব্ৰুগড় জিলাৰ কবি সন্মিলনৰ মুখ্য উপদেষ্টা নৰেশ্বৰ হাজৰিকা। বিয়লি ৩-০০ বজাৰ পৰা অনুষ্ঠিত হোৱা মুকলি সভাখনিত সভাপতিত্ব কৰে কেন্দ্ৰীয় সমিতিৰ মুখ্য উপদেষ্টা দীনেশ দাসে আৰু সভাখনি উদ্বোধন কৰে জীৱনৰ অষ্টশীটা বসন্ত অতিক্ৰম কৰা বিশিষ্ট সমাজ হিতৈষী,সাহিত্য সাধক ডঃ বিপিন কাকতিয়ে।সভাৰ আৰম্ভণিতে চাবুৱা বালিজান শাখা কবি সন্মিলনৰ তৰফৰ পৰা এটি সমবেত কবিতা আবৃত্তি পৰিবেশন কৰা হয়।আদৰণি সমিতিৰ সভাপতি অভি ভাষণ পাঠ কৰাৰ অন্তত স্মৃতিগ্ৰন্থ “ডিব্ৰু কাঞ্চন” উন্মোচন কৰে অসমৰ পৰ্যটন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱাই। সভাত কৃষ্ণকান্ত বৰাৰ “কি নাম দিম” আৰু ফণিধৰ নেওগৰ ” অ’ মোৰ সেউজ উপত্যকা” নামৰ কাব্যগ্ৰন্থ দুখনি উন্মোচন কৰা হয়।সন্মানীয় অতিথি আৰু নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰে ৰাষ্ট্ৰীয় কৃতি শিক্ষক বঁটা প্ৰাপক,বিশিষ্ট সাহিত্যিক, সাহিত্যিক পেঞ্চনাৰ গন্ধেশ্বৰ শইকীয়া আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰিবেশ কলা বিভাগৰ সহযোগী অধ্যাপক মৃণাল কুমাৰ বৰুৱা। সভাত কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা তিনি গৰাকী কবিক সম্বৰ্ধনা জনোৱাৰ লগতে জিলা সমিতিৰ তৰফৰ পৰা নবীন উদ্ভাৱক, বৈমানিক অভিযন্তা, প্ৰবীণ সাংবাদিক, সমাজসেৱক আৰু সংগীত শিল্পীক বিশেষ ভাৱে সম্বৰ্ধনা জনোৱা হয়। নিশাৰ সাংস্কৃতিক বিচিত্ৰানুষ্ঠান উদ্বোধন কৰে অভিনেতা,নাট্য পৰিচালক,গৱেষক ড০ নীলিম চেতিয়াই।