ডিব্ৰুগড় জিলাৰ টেঙাখাট লোকনিৰ্মান বিভাগত স্বয়ম্ভূ ঠিকাদাৰৰ জালিয়াতি: মটক যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিক্ৰিয়া

ডিব্ৰুগড় জিলাৰ টেঙাখাট লোকনিৰ্মান বিভাগত স্বয়ম্ভূ ঠিকাদাৰৰ জালিয়াতি: মটক যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিক্ৰিয়া

এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড় জিলাৰ টেঙাখাট লোকনিৰ্মান বিভাগত চৰম দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছে ।২০০১- ২০০২ বিত্তীয় বৰ্ষত ভুৱা ৰ্ৱকঅৰ্ডাৰ প্ৰস্তুত কৰি চৰকাৰী ধন আত্মসাৎৰ অভিসন্ধি ৰচনা কৰি কেবালাখ টকা হৰলুকি কৰাৰ অভিযোগ দীৰ্ঘদিনীয়া ।অসম চৰকাৰৰ কেবাটাও গুৰুত্বপূৰ্ণ বিভাগৰ একাংশ ঠিকাদাৰ আৰু বিষয়া কৰ্মচাৰীৰ এটা প্ৰভাৱশালী চক্ৰৰ বাবে হৈ পৰিছে সোনৰ কণী পৰা হাঁহৰ লেখিয়া। এই দুৰ্নীতিগ্ৰস্ত চক্ৰটোৱে এতিয়া বিজেপি চৰকাৰৰ আমোলতো ৰাজ্যত সক্ৰিয় হৈ থকা তথ্য পোহৰলৈ আহিছে। ভুৱা ৰ্ৱকঅৰ্ডাৰ কৰি ,ভুৱা বিল প্ৰস্তুত কৰি বিভাগীয় বিষয়া কৰ্মচাৰীৰ ভুৱা চহী,চিলমোহৰ ব্যৱহাৰ কৰি লোকনিৰ্মান বিভাগৰ লাখ লাখ টকা আত্মসাৎৰ অভিসন্ধি ৰচনা কৰা তেনে এটা বৃহৎ চক্ৰ কংগ্ৰেছ চৰকাৰৰ দিনৰ পৰাই আজি পৰ্যন্ত কৰি আহিছে।কান- সাৰ নাই বিভাগীয় মন্ত্ৰী আমোলাৰ তথা বিভাগীয় কৰ্তৃপক্ষৰ।কাক মেনেজ কৰি চলিছে এই বিভাগ সমূহ। বিভাগটোত তিনিজন ব্যক্তিৰ গোপন মিতিৰালীৰে টকা হৰলুকি কৰাৰ অভিযোগ উত্থাপিত হৈছে। সেই কথা বাতৰি কাকতত প্ৰকাশ পোৱাৰ পিছতেই সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদৰ ডিব্ৰুগড় জিলা সমিতিৰ সাধাৰণ সম্পাদক বিতুপণ দুৱৰাৰ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে লোকনিৰ্মাণ বিভাগটো এতিয়া খীৰতি গাইত পৰিণত হৈছে। এই দুৰ্নীতিগ্ৰস্ত বিষয়া কৰ্মচাৰীক শীঘ্ৰেই কৰায়ত্ব কৰি শাস্তিমূলক ব্যৱস্হা ল’বলৈ দুৱৰাই চৰকাৰক আহ্বান জনায়।