ডিব্ৰুগড় জিলাৰ জকাই মহাবীৰ চাহ বাগিচাত সাংসদ ৰামেশ্বৰ তেলী আৰু মৰাণ সমষ্টিৰ বিধায়কৰ বিৰুদ্ধে সমষ্টি উন্নয়নত গুৰুত্ব নিদিয়াৰ অভিযোগ চাহ শ্ৰমিকৰ

ডিব্ৰুগড় জিলাৰ জকাই মহাবীৰ চাহ বাগিচাত সাংসদ ৰামেশ্বৰ তেলী আৰু মৰাণ সমষ্টিৰ বিধায়কৰ বিৰুদ্ধে সমষ্টি উন্নয়নত গুৰুত্ব নিদিয়াৰ অভিযোগ চাহ শ্ৰমিকৰ

এম হাছিম আলী, ডিব্ৰুগড়, ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড় জিলাৰ নৱগঠিত খোৱাং সমষ্টিৰ (মৰাণ) অন্তৰ্গত জকাই মহাবীৰ চাহবাগিচা অঞ্চলৰ দুই শতাধিক চাহ শ্ৰমিকে আজি ( ২৭-২-২৪) ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ বিৰুদ্ধে সমষ্টি উন্নয়নত গুৰুত্ব নিদিয়াৰ অভিযোগ তুলি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে। স্থানীয় চাহ শ্ৰমিক সকলে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ সময়ত সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা অনুসৰি ২০১৪ চনৰ পৰা বৰ্তমানলৈকে দুবাৰকৈ সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰীৰ দৰে পদত অধিষ্ঠিত হোৱাৰ পিছতো জকাই মহাবীৰ চাহবাগিচা অঞ্চলৰ ৰাইজে আজিকোপতি মন্ত্ৰী গৰাকীৰ ছাঁ টোকে দেখা পোৱা নাই বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। বিশেষকৈ জকাই মহাবীৰ চাহ বাগিচাৰ মাজেৰে যোৱা পথটো উন্নয়ন কৰা আৰু বিভিন্ন সমস্যাৰ লগতে চাহ শ্ৰমিক সকলৰ আন সমস্যাৰ বুজ ল’বলৈ বিগত দহ বছৰেও সাংসদ ৰামেশ্বৰ তেলীয়ে কিয় সময় নাপালে বুলি ক্ষোভ প্ৰকাশ কৰিছে। লগতে বৰ্তমানৰ মৰাণ সমষ্টিৰ বিধায়ক গৰাকীয়েও মহাবীৰ চাহবাগিচাৰ চাহ শ্ৰমিকৰ সমস্যা বুজ ল’বলৈ আহৰি পোৱা নাই বুলি শ্ৰমিক ৰাইজে কটাক্ষ কৰে। জকাই মহাবীৰ চাহ বাগিচাৰ চাহ শ্ৰমিক সকলে চাহ শ্ৰমিকৰ জ্বলন্ত সমস্যা, যাতায়ত, আৰু অন্যান্য দিশত সাংসদ হিচাপে বিগত দহ বছৰেও একেবাৰে গুৰুত্ব নিদিয়াৰ অভিযোগ তুলি সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীক চাহবাগিচাত প্ৰবেশ কৰিবলৈ নিদিয়ে বুলি হুংকাৰ প্ৰদান কৰি তীব্ৰ প্ৰতিবাদ ৰূপায়ন কৰে। বিশেষকৈ জকাই মহাবীৰ চাহবাগিচাৰ মাজেৰে বৰবৰুৱালৈ যোৱা সংযোগী পথটোৰ দুৰৱস্থাই চাহ শ্ৰমিক সকলৰ যাতায়তৰ ক্ষেত্ৰত অতীষ্ঠ কৰি তুলিছে বুলি সাংবাদিকৰ আগত গভীৰ দুখ প্ৰকাশ কৰে। বৰ্তমানৰ শাসনাধিষ্ঠ বি জে পি মিত্ৰজোটৰ চৰকাৰে দুবাৰকৈ শাসনভাৰ লাভ কৰাৰ পাছতো জকাই মহাবীৰ চাহ বাগিচাৰ মাজেৰে বৰবৰুৱালৈ সংযোগী পথটোৰ উন্নয়ন , অৰুণোদয়, প্ৰধানমন্ত্ৰীৰ আবাস যোজনাকে ধৰি বহু আচঁনিৰ পৰা বঞ্চিত বুলিও সংবাদ মাধ্যমৰ আগত চাহ শ্ৰমিক সকলে ক্ষোভ উজাৰে । বিগত সময়ৰ প্ৰতিখন চৰকাৰেই জকাই মহাবীৰ চাহ বাগিচাৰ চাহ শ্ৰমিক সকলক অৱহেলা কৰি আহিছে বুলিও আক্ষেপ প্ৰকাশ কৰে। ইফালে জকাই বনকুমাৰ গাওঁ আৰু জকাই মহাবীৰ চাহ বাগিচাৰ সংযোগী পথৰ জকাই বনাঞ্চলৰ মাজত থকা একমাত্ৰ জৰাজীৰ্ণ কাঠৰ দলংখন ইতিমধ্যে সামগ্ৰী ভৰ্তি এখন ট্ৰাক গাড়ী পাৰ হৈ যোৱা সময়ত পথ দুৰ্ঘটনাত পতিত হৈ চালক সহ কেবাজনো লোক আহত হ’ব লগীয়া হৈছে। আজি পৰ্যন্ত জকাইৰ বনাঞ্চল মাজেদি যোৱা জকাই বনকুমাৰ গাওঁ আৰু জকাই মহাবীৰ চাহবাগিচাৰ সংযোগী পথটো লগতে সংযোগী তথৈবচ কাঠৰ দলংখন পকীকৰণ নোহোৱা বুলিও ৰাইজে অভিযোগ প্ৰকাশ কৰিছে। জকাই মহাবীৰ চাহ বাগিচাৰ চাহ শ্ৰমিক সকলে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা মতে আনকি কোটোহা গাওঁ পঞ্চায়তৰ তদানীন্তন সভানেত্ৰী আৰু আঞ্চলিক সদস্য গৰাকীয়েও জকাই মহাবীৰ চাহ বাগিচাৰ চাহ শ্ৰমিক সকলক চৰকাৰী ভাৱে আচঁনি পোৱাৰ ক্ষেত্ৰত বঞ্চিত কৰি আহিছে বুলি অভিযোগ প্ৰকাশ কৰিছে।