ডিব্ৰুগড় জিলাৰ খোৱাং ৱাকহাবি অঞ্চলত নিৰ্বাচন কেন্দ্ৰিক উত্তেজনা ::উন্নয়নৰ ফোঁপোলা স্বৰূপউদঙাই দিয়াত সাংবাদিকক দুৰ্ব্যৱহাৰ
এম হাছিম আলী,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড় জিলাৰ খোৱাং ৱাকহাবী অঞ্চলত নিৰ্বাচনক কেন্দ্ৰ কৰি এক উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি। দহ বছৰীয়া শাসনকালত উন্নয়নৰ অভাৱ- অভিযোগৰ মাজতে, এইবাৰ সংবাদমাধ্যমৰ ওপৰতো দুৰ্ব্যৱহাৰৰ অভিযোগ উঠিছে শাসকীয় শিবিৰৰ বিৰুদ্ধে।খোৱাং বিধানসভা সমষ্টিৰ বিভিন্ন সমস্যা—বিশেষকৈ পথৰ দুৰৱস্থা আৰু বিভিন্ন দুৰ্নীতি-অনিয়ম উন্মোচন কৰিবলৈ যোৱা সাংবাদিকক দুৰ্ব্যৱহাৰ কৰে বিজেপিৰ বিষয়ববীয়া- পালিনেতাই।বিধায়ক চক্ৰধৰ গগৈৰ বিজেপি দলৰ কিছুমান নেতা- পালিনেতাই সাংবাদিকক বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা অৱস্থাত অভদ্ৰ আচৰণ কৰে। ডিব্ৰুগড় বগীবিল ৱাকহাবিৰ পথৰ দূৰৱস্থাৰ বাতৰি সংগ্ৰহৰ বাবে যোৱা অৱস্থাত অঞ্চলটোত মহিলা আত্মসহায়ক গোটৰ সভা বুলি নিমন্ত্ৰণ জনাই গোপনে এখন নিৰ্বাচনী সভা অনুষ্ঠিত কৰি আছিল বিজেপি দলে ।অভিযোগ অনুসৰি ডিব্ৰুগড়ৰ গৰুধৰীয়া গাঁও পঞ্চায়তৰ উপ-সভানেত্ৰী নিতুমণি চেতিয়া গগৈ আৰু জিলা পৰিষদৰ উপ-সভানেত্ৰী সুমণ মেছ দিহিঙীয়াৰ উপস্থিতিত ৱাকহাবি ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈছিল এই সভাখন।মহিলা আত্মসহায়ক গোটৰ সভা বুলি কোৱা হ’লেও,চক্ৰ ধৰ গগৈৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভা বুলি জানিব পাৰি ক্ষোভিত হৈ উঠে উপস্থিত একাংশ মহিলা। অভিযোগ মতে, তেওঁলোকক বিভ্ৰান্ত কৰি ৰাজনৈতিক উদ্দেশ্য সাধন কৰাৰ চেষ্টা কৰা হৈছিল।প্ৰশাসনৰ অনুমতি নোলোৱাকৈ গোপনে এনেদৰে অনুষ্ঠিত কৰা সভাত দুটা ফৈদৰ মাজত উত্তেজনাপূৰ্ণ পৰিস্থিতি সৃষ্টি হয়। ঘটনাৰ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকৰ ওপৰতে ক্ষোভ প্ৰকাশ কৰে গেৰুৱা বাহিনীয়ে। একাংশ মহিলাৰ মতে “আমাক মহিলা গোটৰ সভা বুলি মাতিছিল, কিন্তু এইটো সম্পূৰ্ণ ৰাজনৈতিক সভা আছিল। এইটো আমি গ্ৰহণ নকৰো।” বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।স্থানীয় সচেতন নাগৰিক আৰু যুৱ সমাজে এই ঘটনাৰ তীব্ৰ বিৰোধিতা কৰিছে। তেওঁলোকে অভিযোগ কৰে যে, নিৰ্বাচনৰ পূৰ্বে সহজ-সৰল মহিলাক প্ৰলোভন দেখুৱাই ভোট প্ৰভাৱিত কৰাৰ চেষ্টা কৰা হৈছে। আনহাতে, সংবাদ সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকৰ সৈতে কৰা দুৰ্ব্যৱহাৰকো তীব্ৰ গৰিহণা জনাইছে বিভিন্ন মহলে।এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত ৰাজনৈতিক বতাহ গৰম হৈ পৰিছে। নিৰ্বাচনলৈ মাজত মাথোঁ দুটামান দিন থকা অৱস্থাত মহিলা সকলক প্ৰলোভনেৰে মাতি এক প্ৰকাৰৰ নিৰ্বাচনী সভা অনুষ্ঠিত কৰা সন্দৰ্ভত চক্ৰধৰ গগৈ বাহিনী বিৰুদ্ধে প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে লক্ষণীয় হ’ব।
