ডিব্ৰুগড় জিলাত “মিছন অন্নস্থান”ৰ শুভাৰম্ভ জিলা আয়ুক্ত বিক্ৰম কৈৰীৰ

ডিব্ৰুগড় জিলাত “মিছন অন্নস্থান”ৰ শুভাৰম্ভ জিলা আয়ুক্ত বিক্ৰম কৈৰীৰ : মিছন অন্নস্থান”ৰ জৰিয়তে ডিব্ৰুগড়ৰ ১০০ খন বিদ্যালয়ত স্থাপন কৰা হব একোটাকৈ ডাইনিং হল

এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা-  ডিব্রুগড় জিলাৰ জিলা আয়ুক্ত বিক্ৰম কৈৰীয়ে ২৫ জুনত জিলা আয়ুক্ত কাৰ্য্যালয়ৰ সভাকক্ষত ডিব্ৰুগড় জিলা প্ৰশাসনৰ উদ্যোগত ৰূপায়ন কৰিবলগীয়া “মিছন অন্নস্থান”ৰ শুভাৰম্ভ কৰে। উল্লেখ্যযোগ্য যে, “মিছন অন্নস্থান”ৰ জৰিয়তে জিলাখনৰ ১০০ খন বিদ্যালয়ত ছাত্ৰ ছাত্ৰীসকলে মধ্যাহ্ন ভোজন গ্ৰহণ কৰিবৰ বাবে একোটাকৈ পৰিষ্কাৰ-পৰিচ্ছন্ন ডাইনিং হল নিৰ্মাণ কৰা হ’ব। জিলা আয়ুক্ত কাৰ্য্যালয়ৰ সভাকক্ষত বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকলৰ উপস্থিতিত শুভাৰম্ভ কৰা “মিছন অন্নস্থান”ৰ অন্তৰ্নিহিত মূল উদ্দেশ্য সন্দৰ্ভত বিতং তথ্য সম্বলিত পাৱাৰপইন্ট প্ৰেজেণ্টেশ্যন আগবঢ়ায় ডিব্রুগড় জিলাৰ নিৰ্বাচনী বিষয়া প্ৰাঞ্জিল গগৈয়ে। “মিছন অন্নস্থান”ৰ শুভাৰম্ভ কৰি জিলা আয়ুক্ত বিক্ৰম কৈৰীয়ে কয় যে, বিদ্যালয়সমূহত ছাত্ৰ ছাত্ৰীসকলে মধ্যাহ্ন ভোজন গ্ৰহণ কৰিবলৈ সু-সজ্জিত তথা পৰিষ্কাৰ- পৰিচ্ছন্ন এডোখৰ স্থান থকাটো অতিকে জৰুৰী যাতে ইয়াৰ দ্বাৰা ছাত্ৰ- ছাত্ৰীসকলে চাফ-চিকুনতাৰ লগতে সমূহীয়াভাবে ভোজন গ্ৰহণ কৰাৰ সময়ত পালন কৰিবলগীয়া আচাৰ-ব্যৱহাৰ সম্পৰ্কেও জ্ঞান আহৰণ কৰিব পাৰে। ডিব্ৰুগড় জিলাত প্ৰথম পৰ্যায়ত ১০০ খন বিদ্যালয়ত ডাইনিং হ’ল নিৰ্মাণ কৰা হ’ব আৰু পৰৱৰ্তী সময়ত পৰ্যায়ক্ৰমে আন বিদ্যালয়সমূহতো ছাত্ৰ-ছাত্ৰীসকলে মধ্যাহ্ন ভোজন কৰিবৰ বাবে ডাইনিং হ’ল নিৰ্মাণৰ ব্যৱস্থা কৰা হ’ব।