ডিব্ৰুগড় চৰকাৰী বালিকা বহুমুখী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ ফাইজা খাতুনৰ মৃত্যু
এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড়ৰ নালিয়াপুল বাঁহবাৰী নিবাসী ফাইজা খাতুনৰ(পৰিমা) পুৱতি নিশা বাৰ্ধক্যজনিত কাৰণত ৮৩ বছৰ বয়সত মৃত্যু হয়। ১৯৪২ চনৰ ১ ছেপ্টেম্বৰত ডিব্ৰুগড়ৰ গ্ৰাহাম বজাৰত জন্ম গ্ৰহণ কৰা খাতুন ডিব্ৰুগড়তে পঢ়া-শুনা কৰাৰ পিছত ডিব্ৰুগড় কানৈ মহাবিদ্যালয়ৰ পৰা বি এ ডিগ্ৰী লাভ কৰে আৰু পাছত তেখেতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা বি টি ডিগ্ৰী লয়। শিক্ষকতাকে জীৱনৰ ব্ৰতৰূপে বাচি লোৱা বেগমে ডিব্ৰুগড় চৰকাৰী বালিকা বহুমুখী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সহকাৰী শিক্ষক হিচাপে কৰ্ম জীৱনৰ পাতনি মেলে আৰু সেইখন বিদ্যালয়ৰ পৰাই উপাধ্যক্ষ হিচাপে ২০০০ চনত অৱসৰ গ্ৰহণ কৰে। ২০০১ চনত তেখেতে হজব্ৰত সমাপন কৰে। এগৰাকী ধৰ্মপ্ৰাণা মহিলা হিচাপে জনাজাত আলহাজিন ফাইজা খাতুনৰ স্বামী আছিল আলহজ ৰহিমুউদ্দিন আহমেদ। তেখেত আছিল ডিব্ৰুগড় আদালতৰ চৰকাৰী অধিবক্তা। আহমেদ সকলোৰে মাজত ‘লাল উকিল’ বুলিয়ে জনাজাত আছিল। ডিব্ৰুগড়ৰ চেণ্টাৰ ফৰ ইছলামিক ষ্টাডিজে অনুষ্ঠানটিৰ বিগত ৰূপালী জয়ন্তী বৰ্ষত আয়োজিত ৰাজহুৱা সভাত এই গৰাকী বৰেণ্য শিক্ষয়িত্ৰী ফাইজা খাতুনক সম্বৰ্ধনা জ্ঞাপন কৰিছিল।মৃত্যুৰ সময়ত তেওঁ তিনি গৰাকী কন্যাৰ লগতে ৩ নাতি- নাতিনীসহ পৰিয়ালৰ অনেক আত্মীয়ক ইহ সংসাৰত এৰি যায়। স্থানীয় নালিয়াপুল কবৰ স্থানত অনেক গুণমুগ্ধৰ উপস্থিতিত খাতুনৰ জানাজা সম্পন্ন কৰা হয়।
