ডিব্ৰুগড় চহৰ কৃত্ৰিম বানৰ কবলত :জাবৰেৰে নলা নৰ্দমা ভৰ্তি
এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ গৃহ চহৰ ডিব্ৰুগড় এতিয়া কৃত্ৰিম বানৰ কবলত। কাণসাৰ নাই কেন্দ্ৰীয় মন্ত্ৰী গৰাকীৰ লগতে বিধায়ক আৰু কৰ্তৃপক্ষৰ। ডিব্ৰুগড় চহৰৰ বিভিন্ন ঠাইত এজাক বৰষুণতে সৃষ্টি হয় কৃত্ৰিম বান। ডিব্ৰুগড় চহৰৰ চৌকিডিঙী,চিৰিং চাপৰি, আমোলাপট্টি,গ্ৰেহেম বজাৰ, শাক পাচলিৰ বজাৰ , গাৰ্ডপাৰা, পাচআলি, ফুলবাগান, ঐতিহাসিক ডিব্ৰুগড় চহৰৰ কালীবাৰী অঞ্চল আদি পানীত বুৰি গৈছে। ডিব্ৰুগড়ৰ সো-মাজেৰে যোৱা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ ৰাস্তা নে নৈ ধৰিব নোৱাৰা অৱস্হা । ঘাইপথটোৰ ওপৰত একাঁঠু পৰ্যন্ত পানী। এজাক বৰষুণতেই বোৱতী নৈ লৈ পৰিণত হ’ল ডিব্ৰুগড় চহৰ।কাণহাৰ নাই ডিব্ৰুগড় সমষ্টিৰ বিধায়ক প্ৰশান্ত ফুকনৰ। সৃষ্টি হৈছে তীব্ৰ যান-জঁটৰ। ব্যাহত হৈ পৰিছে যাতায়ত। ডিব্ৰুগড় জিলা প্ৰশাসন আৰু ডিব্ৰুগড় পৌৰনিগমৰ চৰম গাফিলতিৰ অভিযোগ ৰাইজৰ। পানী ওলাই যোৱাৰ নাই কোনো ৱ্যৱস্হা, আধা বন্ধা পকী নলাৰ বাবে কৃত্ৰিম বানৰ কবলত পৰিছে ডিব্ৰুগড় চহৰ। খৰালি দিনত কোনো ধৰণৰ সু পৰিকল্পিত বৈজ্ঞানিক পদ্ধতিৰ ব্যৱস্থা নাই কাৰণে প্ৰতিবছৰে ডিব্ৰুগড়ৰ ৰাইজে এজাক বৰষুণতে জীয়াতু ভুগিব লগীয়া হৈছে। নলা নৰ্দমা পৰিস্কাৰ কৰাৰ নামত ভেকোঁ ভাওনা। আনকি কনভয় ৰোডৰ বহু ঠাইত নলাৰ ব্যৱস্হা নাই। পানী বোৰ আৱদ্ধ হৈ থকাৰ ফলত এই কৃত্ৰিম বানৰ সৃষ্টি হয়। দীৰ্ঘম্যাদী পৰিকল্পনাৰে নলা নৰ্দমাৰ বা জাবৰ জোথৰ নিস্কাষনৰ নকৰিলে কৃত্ৰিম বানপানী হৈ থকাতো স্বাভাৱিক। ৰাইজে ইয়াৰ স্থায়ী সমাধান বিচাৰে।