ডিব্ৰুগড় চহৰত নৱনির্মিত দুখন উৰণীয়া সেঁতু উদ্বোধন মুখ্যমন্ত্রীৰ: ডিব্ৰুগড়-শিলচৰ পৌৰ নিগমত ভাৰতীয় প্ৰশাসনিক বিষয়া নিযুক্ত
এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই দেওবাৰে ডিব্ৰুগড় চহৰৰ ব্যস্ততাপূর্ণ অঞ্চলক’নভয় ৰোড আৰু পুৰণি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সংযোগস্থলত নিৰ্মাণ কৰা উৰণ সেঁতু, থানা চাৰিআলি আৰু চৌকিডিঙ্গীৰ মাজৰ মানকটা পথৰ নৱনিৰ্মিত উৰণ সেঁতুৰ শুভ উদ্বোধন কৰে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ প্রদান কৰি মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে ৰাজ্য চৰকাৰে বিগত সময়ছোৱাত ডিব্ৰুগড় জিলাৰ উন্নয়নক এক অগ্রাধিকাৰৰ বিষয় হিচাপে গণ্য কৰিছে আৰু ডিব্ৰুগড় উন্নয়নৰ বাবে চৰকাৰে নিৰন্তৰ কাম কৰি আহিছে। ক’নভয় ৰোড আৰু পুৰণি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সংযোগস্থলত নিৰ্মাণ কৰা উৰণ সেঁতুখন বিশিষ্ট সাহিত্যিক, শিক্ষাবিদ ড° লীলা গগৈৰ নামত উৎসর্গিত কৰাৰ কথা উল্লেখ কৰি তেওঁ কয় যে এইগৰাকী সাহিত্যিকে অসমীয়া সাহিত্য জগতত অম্লান স্বাক্ষৰ ৰাখি থৈ গৈছে। তেওঁ লগতে কয় যে থানা চাৰিআলি আৰু চৌকিডিঙ্গী চাৰিআলিৰ মাজৰ মানকটা পথত নৱনিৰ্মিত উৰণ সেঁতুখন “বাগ্মীবৰ নীলমনি ফুকন”ৰ নামত উৎসর্গিত কৰা হৈছে। মুখ্যমন্ত্ৰীয়ে কয় যে অসমীয়া সাহিত্যত ‘ককা’ আৰু ‘বাগ্মীবৰ’ উপাধিৰে পৰিচিত নীলমনি ফুকনদেৱ আছিল এগৰাকী বহুমুখী প্রতিভাধৰ সাহিত্যিক, কবি, ৰাজনীতিবিদ, সুবক্তা, সম্পাদক আৰু ব্যৱসায়ী। নীলমনি ফুকনৰ কবিতা আৰু সাহিত্যই অসমীয়া সাহিত্যত বিশিষ্ট স্থান অধিকাৰ কৰিছিল বুলিও তেওঁ মন্তব্য কৰে। মুখ্যমন্ত্রীয়ে কয় যে অসমৰ জাতীয় জীৱন, উদ্যোগ আৰু বাণিজ্যৰ প্ৰাণকেন্দ্ৰ ডিব্ৰুগড় জিলা আৰু চহৰখনক সুন্দৰ ৰূপত সজাই পৰাই তুলিবলৈ ৰাজ্য চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ কার্যসূচী হাতত লৈছে। তেওঁ লগতে কয় যে ২৬ জানুৱাৰীত ডিব্ৰুগড়ত চাৰিখন নতুন উৰণ সেঁতুৰ একেদিনাই আধাৰশিলা স্থাপন কৰা হৈছিল। মানকটা পথত নতুন উৰণ সেঁতুৰ বাবে ৮৩.৬২ কোটি টকা, আমোলাপট্টি চাৰিআলি উৰণ সেঁতুৰ বাবে ১৫৭.৭৩ কোটি টকা, লাহোৱাল-বৰডুবি-তিনিচুকীয়া আৰু পুৰণি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সংযোগস্থল উৰণ সেঁতুৰ বাবে ৭১.৫২ কোটি টকা আৰু লেজাইক’লাখোৱা পথ উৰণ সেঁতুৰ বাবে ৬২.১৫ কোটি টকা ব্যয় কৰা হ’ব বুলি তেওঁ কয়। ইতিমধ্যে এই উৰণ সেঁতু নিৰ্মাণৰ বাবে লোকনিৰ্মাণ বিভাগে যাৱতীয় প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিছে। আগতে অসমৰ উন্নয়ন গুৱাহাটী মহানগৰীত সীমাবদ্ধ হৈ আছিল বুলি মন্তব্য কৰি তেওঁ কয় যে ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন চৰকাৰখনে সমগ্ৰ অসমৰ সুষম আৰু বিকশিত উন্নয়নৰ বাবে অসমৰ প্ৰতিখন জিলালৈ উন্নয়নৰ নতুন দিগন্ত আনিবলৈ প্ৰয়াস চলাইছে। প্ৰতিখন জিলাতে কেবিনেট বৈঠক অনুষ্ঠিত হৈছেআৰু সেই জিলাৰ বাবে প্ৰয়োজনীয় গুৰুত্বপূৰ্ণ আঁচনিসমূহ অনুমোদন দিয়া হৈছে। তেওঁ লগতে কয়যে নগাঁও চহৰত উৰণ সেতু, গোলাঘাট চহৰত চিকিৎসা মহাবিদ্যলয়, যোৰহাটত উৰণ সেঁতু,শিৱসাগৰত কৰ্কট চিকিৎসালয় আৰু চিকিৎসা মহাবিদ্যালয়, চৰাইদেউত চিকিৎসা মহাবিদ্যালয় আৰু তিনিচুকীয়া জিলাত চিকিৎসা মহাবিদ্যালয় আৰু উৰণ সেঁতু নিৰ্মাণ হৈছে। ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ উন্নয়নৰ বিষয়টো উল্লেখ কৰি তেওঁ কয় যে ধেমাজিত চিকিৎসা মহাবিদ্যালয়, লখিমপুৰত চিকিৎসা মহাবিদ্যালয় আৰু উৰণ সেঁতু, বিশ্বনাথত চিকিৎসা মহাবিদ্যালয় আৰু ৰোপৱে, গহপুৰত কনকলতা বিশ্ববিদ্যালয় নিৰ্মাণৰ প্ৰসংগ উল্লেখ কৰি তেওঁ কয় যে ৰাজ্যখনৰ সকলো জিলাৰ উন্নয়নৰ বাবে বিজেপি নেতৃত্বাধীন চৰকাৰখনে নিৰন্তৰ কাম কৰি আহিছে।মুখ্যমন্ত্রীয়ে কয় যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰৰ শাসনকালত ধলাশদিয়া, বগীবিলৰ দলং সম্পূৰ্ণ হ’ব। কলিয়াবৰত ব্ৰহ্মপুত্ৰৰ ওপৰত দ্বিতীয়খন দলং, গুৱাহাটী-উত্তৰ গুৱাহাটী, শুৱালকুছি-পলাশবাৰী, ধুবুৰী- ফুলবাৰীৰ মাজত দলং নিৰ্মাণৰ বিষয়টো আলোকপাত কৰিতেওঁ কয় যে প্রধানমন্ত্ৰীৰ উন্নয়নী প্ৰক্ৰিয়াই প্রতিখন জিলাকে সামৰি লৈছে। অসম লাহে লাহে আত্মবিশ্বাসী হৈছে আৰু নতুন নতুন আঁচনিৰ কল্পনা কৰিছে। তেওঁ লগতে কয় যে গহপুৰ আৰু নুমলীগড়ৰ মাজত ১২ হাজাৰ কোটি টকা ব্যয় সাপেক্ষে সুৰংগ নিৰ্মাণৰ দিশত কেন্দ্ৰীয় চৰকাৰে আগবাঢ়ি যাব। ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কাজিৰঙাত ৩২ কিলোমিটাৰ দৈৰ্ঘ্যৰ এলিভেটেড ক’ৰিডৰ কথা উল্লেখ কৰে। তেওঁ লগতে কয় যে এই বছৰৰ ভিতৰতে ৰাজ্য চৰকাৰে নতুন অর্থনৈতিক ক’ডিকো আগুৱাই লৈ যাবলৈ পৰিকল্পনা কৰা হৈছে। গুৱাহাটী মহানগৰীৰ সৈতে প্ৰতিখন নগৰলৈ অতি কম সময়ৰ ভিতৰত যাব পৰা পথ পৰিকল্পনাৰ প্ৰাৰম্ভিক কাম-কাজ আৰম্ভ কৰা হৈছে। গুৱাহাটী আৰু ডিব্ৰুগড়ৰ মাজত নিৰ্মাণৰত ৰাষ্ট্ৰীয় ঘাইপথৰ কাম এই বছৰৰ ভিতৰত সম্পূৰ্ণ হৈ উঠিব।প্রধানমন্ত্ৰীয়ে নিজৰ ভৰিৰ ওপৰত ঠিয় হ’বলৈ শিকাইছে বুলিও তেওঁ উল্লেখ কৰে ।মুখ্যমন্ত্রীয়ে কয় যে ডিব্ৰুগড় চহৰক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে ইতিমধ্যে মর্যাদা প্রদানকৰা হৈছে। ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ সচিবালয় আৰু অসম সচিবালয় নিৰ্মাণৰ কাম ছেপ্টেম্বৰ মাহত আৰম্ভ হ’ব। ডিব্ৰুগড়ত বিধানসভা ভৱন, পোন্ধৰশ ব্যক্তিয়ে একেলগে বহিব পৰা প্ৰেক্ষাগৃহ,বিধায়ক সকলৰ আবাস আৰু এশখন বিচনাযুক্ত আৱৰ্ত্ত ভৱন নিৰ্মাণ বিষয়টো উল্লেখ কৰি তেওঁ কয় যে অসম বিধান সভাৰ অধিবেশন বছৰত দুবাৰ গুৱাহাটীত আৰু দুবাৰ ডিব্ৰুগড়ত অনুষ্ঠিত কৰা হ’ব।মুখ্যমন্ত্রীয়ে লগতে কয় যে খনিকৰ ষ্টেডিয়ামখন ৩৫ হাজাৰ মানুহে বহি উপভোগ কৰিব পৰাকৈ নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে। প্ৰথম পৰ্যায়ৰ কাম অক্টোবৰত উদ্বোধন কৰা হ’ব আৰু এবছৰৰ ভিতৰত এই বিশাল ষ্টেডিয়াম ৰাইজ বাবে উৎসৰ্গা কৰা হ’ব বুলিও তেওঁ মন্তব্য কৰে ।মুখ্যমন্ত্ৰীয়ে লগতে কয় যে ডিব্ৰুগড় পৌৰনিগমৰ আয়ুক্ত হিচাপে ভাৰতীয় প্ৰশাসনিক বিষয়া এগৰাকীক নিযুক্তি দিয়াৰ বাবে ৰাজ্য চৰকাৰে সিদ্ধান্ত লৈছে। মুখ্যমন্ত্ৰীয়ে কয় যে ডিব্ৰুগড় জিলাৰ কেইবাটাও সমস্যা সমাধানৰ দিশত ৰাজ্য চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছে ৷ ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে নামৰূপ সাৰ কাৰখানা পুনৰ্জ্জীৱিত কৰাৰ লগতে নতুন সাৰ কাৰখানা নিৰ্মাণৰ দিশত কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ বিষয়েও উল্লেখ কৰে। এইক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ লগতে অসম চৰকাৰে অৰ্থনৈতিক সহযোগিতা আগবঢ়োৱাৰ দিশটো অৱলোকন কৰে। মুখ্যমন্ত্রীয়ে কয় যে নুমলীগড় শোধনাগাৰে নামৰূপত ৭০০ কোটি টকা ব্যয় সাপেক্ষে এক মিথানল প্রকল্প গঢ়ি তুলিব। সাৰ কাৰখানা আৰু মিথানল প্ৰকল্পই ডিব্ৰুগড় জিলাত এক নতুন উদ্যোগিক বাতাবৰণ গঢ়ি তুলিব । তেওঁ লগতে কয় যে কেন্দ্ৰীয় চৰকাৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ক ১০০ কোটি টকা প্রদান কৰিছে আৰু ৰাজ্য চৰকাৰেও এই উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানখনলৈ ১০০ কোটি টকা আগবঢ়াইছে। এই অনুষ্ঠানত কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, শক্তি আদি বিভাগৰ মন্ত্ৰী প্ৰশান্ত ফুকন, শ্রমিক কল্যাণ আদি বিভাগৰ মন্ত্ৰী ৰূপেশ গোৱালা, সাংসদ ৰামেশ্বৰ তেলী, বিধায়ক বিনোদ হাজৰিকা, পোণাকন বৰুৱা, চক্ৰধৰ গগৈ, তৰংগ গগৈ, অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা, ডিব্ৰুগড় পৌৰ নিগমৰ মেয়ৰ ড° চৈকত পাত্র, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচার্য অধ্যাপক জিতেন হাজৰিকা, লোকনির্মাণ পথ বিভাগৰ বিশেষ আয়ুক্ত সচিব বিভুতি হাজৰিকা প্রমূখ্যে শীর্ষ বিষয়াসকল আৰু গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে।