ডিব্ৰুগড় চল্টব্ৰক অকাডেমীৰ ছাত্র ধৃতিষ্মান দত্তই সমগ্ৰ দেশৰ ভিতৰতে চতুৰ্থ স্থান দখল কৰি ডিব্ৰুগড়লৈ গৌৰৱ কঢ়িয়ায়

ডিব্ৰুগড় চল্টব্ৰক অকাডেমীৰ ছাত্র ধৃতিষ্মান দত্তই সমগ্ৰ দেশৰ ভিতৰতে চতুৰ্থ স্থান দখল কৰি ডিব্ৰুগড়লৈ গৌৰৱ কঢ়িয়ায়

এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড়ৰৰ আগশাৰীৰ শিক্ষানুষ্ঠান চল্টব্ৰক অকাডেমীৰ ছাত্র ধৃতিষ্মান দত্তই সমগ্ৰ দেশৰ ভিতৰতে চতুৰ্থ স্থান দখল কৰি ডিব্ৰুগড়ৰ লগতে অসমলৈ গৌৰৱ কঢ়িয়াই আনে। ২০২৪ চনৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাতো ডিব্ৰুগড়ৰ চল্টব্ৰক একাডেমীৰ পৰা বিজ্ঞান শাখাত ৯৪.২% নম্বৰেৰে উত্তীৰ্ণ হোৱা ছাত্র ধৃতিষ্মান দত্তই পুনৰবাৰ শিক্ষানুষ্ঠানখনৰ লগতে সমগ্ৰ অসমবাসীলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। ৯ জুনত অনুষ্ঠিত IAT( IISER Apitude Test) ২০২৪ পৰীক্ষাত অৱতীৰ্ণ হৈ ধৃতিষ্মানে সমগ্ৰ দেশৰ ভিতৰতে চতুৰ্থ স্থান দখল কৰি বেংগালুৰুস্থ বিশ্ব প্ৰসিদ্ধ শিক্ষানুষ্ঠান IISC ত অধ্যয়নৰ সুযোগ লাভ কৰিছে।ইয়াৰ পূৰ্বেও এইবৰ্ষৰ JEE-Mains আৰু JEE-ADVANCED, পৰীক্ষাটো তেওঁ উজনি অসমৰ ভিতৰত সৰ্বোচ্চ নম্বৰ পোৱাৰ উপৰিও NEET পৰীক্ষাটো সুখ্যাতিৰে উত্তীৰ্ণ হৈছে। ইফলে IIT কানপুৰ আদিকে কৰি বহু কেইটা প্ৰতিষ্ঠানত সুবিধা পাইছিল। হাইস্কুল শিক্ষান্ত পৰীক্ষাতো ৰাজ্যৰ ভিতৰত নৱম স্থান লাভ কৰা ধৃতিষ্মান বিশিষ্ট চিকিৎসক ডঃ ৰাজীৱ দত্ত আৰু লাহোৱাল পলিটেকনিকৰ অধ্যাপিকা ডঃ তুলিকা তামুলী দত্তৰ জ্যেষ্ঠ পুত্ৰ।ধৃতিষ্মানৰ এই বিৰল কৃতিত্বত চল্টব্ৰক একাডেমীৰ সঞ্চালক অশ্বিনী দুৱৰা, অধ্যক্ষ ৰঞ্জিত বৰুৱা আৰু সমূহ শিক্ষক- শিক্ষয়িত্ৰীবৃন্দ উৎফুল্লিত হোৱাৰ লগতে ছাত্রজনক অভিনন্দন আৰু শুভাশিস জ্ঞাপন কৰিছে।