ডিব্ৰুগড় কেন্দ্ৰীয় ঈদগাহ প্ৰাঙ্গণত ৰাজহুৱা ইফটাৰ পাৰ্টী
এম হাছিম আলী,ৰঙিলী বাৰ্ত্তাসেৱা- প্ৰতি বছৰৰ দৰে এইবাৰো গ্ৰাহাম বাজাৰত থকা ডিব্ৰুগড় কেন্দ্ৰীয় ঈদগাহ প্ৰাঙ্গণত ঈদগাহ কমিটিয়ে যোৱা ৩০ -৩-২৪ শনিবাৰে ইফটাৰ পাৰ্টীৰ আয়োজন কৰে। এই ইফটাৰ পাৰ্টীত ডিব্ৰুগড়ত থকা প্ৰায় ২৮ টা মছজিদৰ সভাপতি সম্পাদকৰ লগতে স্থানীয় বহু সংখ্যক ৰোজাব্ৰত পালনকাৰীয়ে এই ইফটাৰ পাৰ্টীত অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে ঐতিহ্যমণ্ডিত এই “ডিব্ৰুগড় ঈদগাহ” খনিত থকা কমিউনিটি হল আৰু ঈদগাহ ফিল্ডখন আজিও অৰ্থৰ অভাৱত আধৰুৱা হৈ আছে। বিশেষকৈ কমিউনিটি হলটি সম্পূৰ্ণ হৈ উঠিলে ডিব্ৰুগড়ৰ ৰাইজৰ এটা দীৰ্ঘদিনীয়া আশা পূৰণ হব বুলি ঈদগাহ সমিতিৰ উদ্যোক্তা সকলে জানিবলৈ দিয়ে ইয়াৰ লগতে ডিব্ৰুগড় ঈদগাহ ফিল্ডখনত বাৰিষা সময়ত কৃত্ৰিম পানী হোৱাৰ ফলত ঈদৰ নামাজ পঢ়াৰ বাবে যথেষ্ট অসুবিধাৰ সন্মুখীন হয় বুলিও স্হানীয় ৰাইজে জানিবলৈ দিয়ে।এই ঈদগাহ খনিত ঈদুল ফিটৰ আৰু ঈদুল আজ্বহা নামাজত প্ৰতি বছৰে আঠৰ পৰা দহ হাজাৰ মানুহে নামাজত অংশগ্ৰহণ কৰে।গতিকে ৰাইজে দান বৰঙণিৰ জৰিয়তে এই দুটা কাম সফল কৰি তুলিবলৈ উদ্যোক্তা সকলে বিনয়েৰে আহ্বান জনাইছে।