ডিব্ৰুগড় কানৈ মহাবিদ্যালয়ত জাপানৰ শিনম্মু বিশ্ববিদ্যালয়ৰ অধ্যাপক কানাজাৱা

ডিব্ৰুগড় কানৈ মহাবিদ্যালয়ত জাপানৰ শিনম্মু বিশ্ববিদ্যালয়ৰ অধ্যাপক কানাজাৱা: অসম মোৰ দ্বিতীয় ঘৰ

এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- “অসমলৈ মই দ্বিতীয়বাৰ আহিছো। কিন্তু অসম মোৰ দ্বিতীয় গৃহ যেন অনুভৱ হৈছে। মই পৃথিৱীৰ বহু ঠাই ভ্ৰমণ কৰিছো, কিন্তু ডিব্ৰুগড়ৰ কানৈ মহাবিদ্যালয়ৰ যি আত্মীয়তা লাভ কৰিলো ই মোৰ বাবে চিৰস্মৰণীয় হৈ ৰ’ব। জাপান আৰু অসমৰ মাজত ভৌগলিক দূৰত্ব থাকিলেও হৃদয়ৰ টান একেই”। ডিব্ৰুগড় হনুমানবক্স সূৰজমল কানৈ মহাবিদ্যালয় (স্বায়ত্তশাসিত)-ৰ ভূগোল বিভাগ, আন্তঃৰাষ্ট্ৰীয় আৰু উদ্যোগীক সম্পর্ক কোষৰ যৌথ উদ্যোগত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় বক্তৃাতানুষ্ঠানত মূল বক্তা হিচাপে উপস্থিত থাকি জাপানৰ শিনম্মু বিশ্ববিদ্যালয়ৰ অধ্যাপক কেণ্টাৰ’ কানাজাৱাই এইদৰে কৈ আৱেগিক হৈ পৰে। ‘এছিয়াৰ সুগন্ধ: ক্রান্তীয় বনাঞ্চল আৰু সংস্কৃতি’- শীর্ষক বিষয়ত বক্তৃতা প্রদান কৰি অধ্যাপক কানাজাৱাই সাঁচিগছ, ইয়াৰ বিশ্ব বাণিজ্যত ভূমিকা সম্পর্কে তথ্যসহকাৰে অৱগত কৰে। ভূগোল বিভাগৰ অধ্যাপিকা ড০ জুৰি বৰুৱাই আঁত ধৰা বক্তৃতানুষ্ঠানত তেওঁ কয়- দক্ষিণ পূৱ এছিয়াৰ দেশসমূহৰ অৰণ্যত প্রাকৃতিকভাৱে উপলব্ধ এই সাঁচি গছৰ বিশ্ব বাণিজ্যত চাহিদা থকাৰ লগতে অঞ্চলভেদে যোৱা দশকজুৰি বাগান ভিত্তিক সাঁচি গছ উৎপাদনৰ ওপৰতো গুৰুত্ব আৰোপ কৰিছে। ভাৰতবৰ্ষৰ কেৰেলা আৰু তামিলনাডুত সাঁচি গছ উপলব্ধ হোৱাৰ উপৰিও অসমৰ বিশেষকৈ শিৱসাগৰ, যোৰহাট আৰু গোলাঘাট জিলাতো ইয়াৰ উৎপাদন কিছু পৰিমাণে দেখা যায় বুলি তেওঁ অৱগত কৰে। ভূগোল বিভাগৰ অধ্যাপিকা ড° ফাৰনাজ ৰজলীন চাইবা আহমেদে যুগুত কৰা এখনি গ্ৰন্থৰ আলমত অধ্যাপক কানাজাৱাই দেৰগাঁৱৰ নাহৰণি অঞ্চলত উপলব্ধ সাঁচি গছৰ বিষয়ে অধ্যয়ন তথা তথ্য আহৰণ কৰিবলৈ ইচ্ছা প্রকাশ কৰি অসমলৈ অহা বুলি উল্লেখ কৰি কয়- মই জাপানৰ বাসিন্দা, কিন্তু অসমৰ মানুহৰ মৰম আৰু অসমৰ প্ৰকৃতিয়ে অসমখনক মোৰ নিজৰ ঘৰৰ দৰেই অনুভর কৰাইছে। অসমীয়া সমাজৰ মৰম, ভালপোৱা, পৰম্পৰাই তেওঁক অভিভূত কৰি তুলিছে বুলি উল্লেখ কৰি অধ্যাপক গৰাকীয়ে কয় যান্ত্রিক শিক্ষাই নহয়, মানৱীয় প্রমূল্যবোধেৰেহে বিশ্বক জয় কৰিব পৰা যায়। ভূগোল বিভাগৰ মুৰব্বী অধ্যাপিকা ড০ মিতালী চলিহাই উদ্দেশ্য ব্যাখ্যা কৰা বক্তৃতানুষ্ঠানত মহাবিদ্যালয়ৰ অধ্যক্ষ ড° শশীকান্ত শইকীয়াই আদৰণী ভাষণ প্রদান কৰি কয়- এছিয়া হৈছে গভীৰ বৈচিত্র্যৰ এক মহাদেশ, যাক প্রকৃতি আৰু সংস্কৃতিৰ মিলনভূমি বুলি জনা যায়। এছিয়াৰ ক্রান্তীয় অৰণ্যবোৰ কেৱল জৈৱিক হটস্পট নহয়; সেইবোৰ আমাৰ পৰম্পৰা, প্রাচীন জ্ঞানৰ উৎস আৰু পৰিচয়। অধ্যক্ষগৰাকীয়ে কয়- পৰিৱেশ আৰু সাংস্কৃতিক বিকাশৰ মাজত থকা গভীৰ সম্পৰ্কতো বুজা অতি গুৰুত্বপূর্ণ, বিশেষকৈ এনে এটা সময়ত যেতিয়া বিশ্বব্যাপী জলবায়ুৰ পৰিৱৰ্তনে এই দুয়োটা ক্ষেত্ৰকেই বিপদৰ মুখত পেলাইছে। অনুষ্ঠানত মহাবিদ্যালয়ৰ উপাধ্যক্ষ ড০ পার্থ গাংগুলী, আভ্যন্তৰীণ মান নির্ণায়ক কোষৰ সমন্বয়ক ড০ দীপংকজ গগৈ, অধ্যাপক ড° জ্যোতি শইকীয়াৰ লগতে ভালেসংখ্যক অধ্যাপক- অধ্যাপিকা আৰু শতাধিক ছাত্র-ছাত্রী উপস্থিত থাকে। অনুষ্ঠানৰ শেষত শলাগ জ্ঞাপন কৰে অধ্যাপিকা ড° কৃষ্ণাক্ষী শইকীয়াই।