ডিব্ৰুগড় কানৈ বাণিজ্য মহাবিদ্যালয়ৰ ৬২ সংখ্যক মহাবিদ্যালয় সপ্তাহৰ সামৰণী অনুষ্ঠান

ডিব্ৰুগড় কানৈ বাণিজ্য মহাবিদ্যালয়ৰ ৬২ সংখ্যক মহাবিদ্যালয় সপ্তাহৰ সামৰণী অনুষ্ঠান

এম হাছিম আলী,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড় চহৰৰ অন্যতম অগ্ৰণী শিক্ষানুষ্ঠান কানৈ বাণিজ্য মহাবিদ্যালয়ত ৬২ সংখ্যক মহাবিদ্যালয় সপ্তাহৰ সামৰণি অনুষ্ঠান অতি গাম্ভীৰ্যপূৰ্ণ ভাৱে মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈ যায়। অনুষ্ঠানত প্ৰথমে জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত মাল্যাপৰ্ণ কৰা হয়।ইয়াৰ পাছত ছাত্ৰ একতা সভাৰ সভাপতি অংকুৰ গগৈয়ে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে। বিশিষ্ট অতিথি মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ তথা পৰিচালনা সমিতিৰ সন্মানীয় সদস্য চাৰ্টাৰ্ড একাউণ্টেণ্ট জ্যোতি প্ৰসাদ কানৈয়ে ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি নিয়মানুবর্তিতা আৰু শৃঙ্খলাৰ গুৰুত্ব সম্পৰ্কে বক্তব্য ৰাখে। মহাবিদ্যালয়ৰ উপাধ্যক্ষ শৈলেন গগৈ, বাংলা বিভাগৰ মুৰব্বী সহযোগী অধ্যাপক ড° স্বপ্না নাথ আৰু স্নাতকোত্তৰ পাঠ্যক্ৰমৰ সমন্বয়ক ড° সত্য ৰঞ্জন দলেইও ভাষণ প্ৰদান কৰে।পোন প্ৰথমবাৰৰ বাবে প্ৰৱৰ্তন কৰা অধ্যক্ষ বিশেষ মেধা বঁটাৰ অধীনত প্ৰথম ষান্মাসিকৰ ছাত্ৰী অংকিতা ভট্টাচাৰ্য্য, তৃতীয় ষান্মাসিকৰ ছাত্ৰী স্মৰণিকা দাস আৰু পঞ্চম ষান্মাসিকৰ ছাত্ৰ ক্ৰমে য়ুনুছ আনছাৰি আৰু ইশা দে’ক যুটীয়াভাৱে শেষান্ত পৰীক্ষাত সৰ্বোচ্চ এছ জি পি এ আৰু চি জি পি এ লাভ কৰাৰ বাবে সম্বৰ্ধনা জনোৱা হয়। বঁটাস্বৰূপে মানপত্ৰ, গ্ৰন্থ, গামোচা আৰু নগদ ২,৫০০ টকা প্ৰদান কৰা হয়। ইয়াৰ উপৰিও মহাবিদ্যালয় সপ্তাহৰ বিভিন্ন প্ৰতিযোগিতাত বঁটা লাভ কৰা ছাত্ৰ-ছাত্ৰীসকলকো বঁটা প্ৰদান কৰা হয়। সভাপতি তথা মহাবিদ্যালয়ৰ অধ্যক্ষ ড° জয়দেৱ গগৈয়ে সভাপতিৰ মন্তব্যত ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি অনুপ্ৰেৰণা মূলক বক্তব্য আগবঢ়ায় আৰু লগতে কয় যে ছাত্ৰ ছাত্ৰী সকলে যাতে পঢ়াশুনাত ভালদৰে মনোনিবেশ কৰি আগন্তক দিনত আৰু ভাল ফলাফল দেখুৱাই নিজৰ তথা মহাবিদ্যালয়ৰ নাম আৰু উজ্বলাই তুলিব পাৰে সেই উদ্দেশ্য আগত ৰাখিয়েই এই বিশেষ বঁটা প্ৰদান কৰা হৈছে।ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা পৰিবেশিত মনোমুগ্ধকৰ সাংস্কৃতিক কাৰ্য্যসূচীয়ে অনুষ্ঠানটো আৰু অধিক মনোৰম কৰি তোলে।এই বছৰৰ পৰা মহাবিদ্যালয় সপ্তাহৰ এক বিশেষ কাৰ্য্যসূচী হিচাপে “স্বচ্ছতা অভিযান” শীৰ্ষক এক ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰা হৈছে। এই অভিযানৰ অংশ হিচাপে মহাবিদ্যালয়ৰ অধ্যক্ষ ড° জয়দেৱ গগৈৰ তত্ত্বাৱধানত মহাবিদ্যালয়ৰ সমূহ ছাত্ৰ-ছাত্ৰী, শিক্ষক আৰু কৰ্মচাৰীসকলে একেলগে ডিব্ৰুগড় চহৰৰ থানা চাৰিআলিৰ পৰা নালিয়াপুল পৰ্য্যন্ত অতি ব্যস্ত কেশৱ চন্দ্ৰ গগৈ পথ পৰিষ্কাৰ কৰে। এই ব্যতিক্ৰমী উদ্যোগক মহাবিদ্যালয়ৰ পৰিয়ালৰ সকলো সদস্য, স্থানীয় ৰাইজ তথা বিভিন্ন দল সংগঠনে ভুঁয়সী প্ৰশংসা কৰে।