ডিব্ৰুগড় কানৈ বাণিজ্য মহাবিদ্যালয়ত ৭৭তম গণৰাজ্য দিৱস উদযাপন

দেশৰ বিভিন্ন প্ৰান্তৰ লগতে ডিব্ৰুগড়তো ৭৭ সংখ্যক স্বাধীনতা দিৱস উদযাপন

ডিব্ৰুগড় কানৈ বাণিজ্য মহাবিদ্যালয়ত ৭৭তম গণৰাজ্য দিৱস উদযাপন

এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা-ডিব্ৰুগড়ৰ বাণিজ্য শিক্ষাৰ প্ৰাণকেন্দ্ৰ কানৈ বাণিজ্য মহাবিদ্যালয়ত ৭৭তম গণৰাজ্য দিৱস অতি আড়ম্বৰপূৰ্ণ ভাৱে উদযাপন কৰা হয়। এই উপলক্ষে পুৱা ঠিক ৭:৩০ বজাত মহাবিদ্যালয়ৰ অধ্যক্ষ ড° জয়দেৱ গগৈয়ে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। পতাকা উত্তোলনৰ পিছতে ড° গগৈয়ে গণৰাজ্য দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰি এক প্ৰাসংগিক ভাষণ প্ৰদান কৰে। মহাবিদ্যালয়ৰ উপাধ্যক্ষ শৈলেন গগৈয়েও উপস্থিত সকলৰ উদ্দেশ্যে ভাষণ প্ৰদান কৰে। পৰৱৰ্তী কাৰ্যসূচী অনুসৰি মহাবিদ্যালয় চৌহদত ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনা উন্মোচন কৰে অধ্যক্ষ ড° গগৈয়ে। লগতে পদ্মশ্ৰী হনুমানবক্স কানৈৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলি অৰ্পণ কৰা হয়।পতাকা উত্তোলন অনুষ্ঠানৰ পাছতে সমবেত শিক্ষক-কৰ্মচাৰী আৰু ছাত্ৰ-ছাত্ৰীসকলে সমস্বৰে ‘বন্দে মাতৰম’ গীত পৰিবেশন কৰে। এই অনুষ্ঠানত মহাবিদ্যালয়ৰ ছাত্ৰী তথা এন চি চি কেডেট স্নিগ্ধা হাজৰিকা আৰু নিশা কুমাৰীয়ে গণৰাজ্য দিৱস উপলক্ষে নিজৰ অনুভৱ ব্যক্ত কৰে। অনুষ্ঠানটোক অধিক মনোমোহা কৰি তোলে মহাবিদ্যালয়ৰ জ্যেষ্ঠ সহযোগী অধ্যাপক টংক প্ৰসাদ উপাধ্যায় আৰু কাৰ্য্যালয়ৰ জ্যেষ্ঠ বিষয়া প্ৰেমা চুতীয়াই পৰিবেশন কৰা দেশপ্ৰেমমূলক সংগীতে। শেষত এনে চি চি কেডেটসকলে পৰিবেশন কৰা দেশপ্ৰেমমূলক নৃত্যই সমবেত সকলোকে মোহিত কৰে।এই পতাকা উত্তোলন অনুষ্ঠানত মহাবিদ্যালয়ৰ শিক্ষক-কৰ্মচাৰী, এনচি চি আৰু এনে চি চি কেডেটসকলৰ লগতে বৃহৎ সংখ্যক ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে।