ডিব্ৰুগড়ৰ ৰটাৰী ক্লাবৰ দ্বাৰা জাতি নিৰ্মাতাৰ প্ৰতি সন্মান প্ৰদৰ্শন::ডিব্ৰুগড়ত আন্তঃৰাষ্ট্ৰীয় সাক্ষৰতা দিৱস
এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড়ৰ ৰটাৰী ক্লাবে শিক্ষাৰ ক্ষেত্ৰত উল্লেখযোগ্য অৱদান আগবঢ়োৱা অসাধাৰণ শিক্ষক-শিক্ষয়িত্ৰীসকলক স্বীকৃতি আৰু সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে আজি নেচন বিল্ডাৰ বঁটা প্ৰদান কাৰ্যসূচীৰ আয়োজন কৰে। ৰটাৰী ক্লাব চৌহদত অনুষ্ঠিত এই কাৰ্যসূচীত বিবেকানন্দ কেন্দ্ৰ বিদ্যালয়ৰ অধ্যক্ষ তথা চিবিএছইৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সমিতিৰ সদস্য শ্ৰী ৰবি সাৱদেকাৰকে ধৰি সন্মানীয় অতিথিসকলে অংশগ্ৰহণ কৰে। ডিব্ৰুগড়ৰ ৰটাৰী ক্লাবৰ সভাপতি ৰটাৰীয়ান গুৰদ্বীপ সিঙে সমাৱেত সকলোকে আদৰণি জনায় l তেওঁ উল্লেখ কৰে যে আন্তঃৰাষ্ট্ৰীয় সাক্ষৰতা দিৱস আৰু লগতে ভাৰত ৰত্ন ড° ভূপেন হাজৰিকাৰ ৯৮ সংখ্যক জন্মদিন হোৱাৰ বাবে এই দিনটো অতি বিশেষ তাৎপৰ্যপূৰ্ণ আছিল। আজিৰ অনুষ্ঠানত সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰে ৰটাৰীয়ান খলিলুৰ ৰহমান বৰবৰাই। ৰটাৰী পাষ্ট ডিস্ট্ৰিক্ট গৱৰ্ণৰ তথা আৰ আই এল এম ৰ ৰাষ্ট্ৰীয় সমিতিৰ সদস্যা কল্পনা খাউণ্ডে ৰটাৰী ইণ্ডিয়া লিটাৰেচি মিছনৰ কাৰ্যকলাপৰ ওপৰত আলোকপাত কৰে। তেওঁ কয় যে শিক্ষা ৰটাৰী ইণ্টাৰনেশ্যনেলৰ অন্যতম কেন্দ্ৰবিন্দু ক্ষেত্ৰ। তেওঁ ডিব্ৰুগড় জিলা আৰু হিমাচল প্ৰদেশৰ পালামপুৰৰ ২০ খন বিদ্যালয়ত গণিত সেতু কাৰ্যসূচীৰ ওপৰত চমুকৈ ভাষণ দিয়ে য’ত চৰকাৰী বিভাগৰ বিদ্য়ালয়ৰ ছাত্ৰ ছাত্ৰীৰ মাজত গণিতৰ প্ৰতি আগ্ৰহ সৃষ্টি ৰ চেষ্টা কৰা হয়। ডিব্ৰুগড়ৰ ৰটাৰী ক্লাবৰ সাক্ষৰতা কাৰ্যসূচীৰ অধ্যক্ষ ৰটাৰীয়ান ড° চন্দনা গোস্বামীয়ে তেওঁৰ বক্তব্যত শিক্ষকসকলৰ জাতি নিৰ্মাতা হিচাপে নিস্বাৰ্থ সেৱা আৰু দায়বদ্ধতাক সন্মান প্ৰদৰ্শন কৰে। ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা কৰা এটা মূল্যায়নৰ ভিত্তিতে বঁটাৰ বাবে শিক্ষকসকল নিৰ্বাচিত হোৱা বুলি তেওঁ জানিবলৈ দিয়ে । এই উপলক্ষে সম্বৰ্ধনা জনোৱা শিক্ষকসকল আছিল- ১).তুষাৰ ভট্টচাৰ্জী ( তিনিআলি টি.ই. মডেল স্কুল), ২) নিতুল বৰপাত্ৰ, ( তিনিআলি টি.ই. মডেল স্কুল), ৩/ শিখা ৰাণী দত্ত( ডিব্ৰুগড় চৰকাৰী ছোৱালী HS & MP School), ৪/ নমিতা হাজৰিকা( ডিব্ৰুগড় চৰকাৰী ছোৱালী HS & MP School), ৫) লিনা শৰ্মা (চাবুৱা টি.ই. মডেল স্কুল), ৬) শিৰুমনি চাংমাই(চাবুৱা টি.ই. মডেল স্কুল) দ্বিতীয় পৰ্যায়ৰ প্ৰশিক্ষণ সম্পূৰ্ণ কৰা গণিত সেতুৰ প্ৰশিক্ষক আৰু কাৰ্যসূচী সমন্বয়ক সকলকো শিক্ষাৰ প্ৰতি থকা নিষ্ঠাৰ বাবে স্বীকৃতি প্ৰদান কৰা হয়। ডিব্ৰুগড়ৰ ৰটাৰী ক্লাবে আমেৰিকা যুক্তৰাষ্ট্ৰৰ পাঁচটা ক্লাব, ৰটাৰী ফাউণ্ডেচন, ৰ’টাৰী ইণ্টাৰনেশ্যনেল ডিষ্ট্ৰিক্ট ৫৯৫০, আমেৰিকা আৰু ৰটাৰী ইণ্টাৰনেশ্যনেল ডিষ্ট্ৰিক্ট ৩২৪০ৰ সহযোগত গ্ৰহণ কৰা “গণিত সেতু” কাৰ্যসূচীৰ লক্ষ্য হৈছে মাধ্য়মিক পৰ্যায়ৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ গণিতৰ গণিতৰ প্ৰতি থকা অনিহা দূৰ কৰা। প্ৰতি বিদ্যালয়ৰ ষষ্ঠ শ্ৰেণীৰ ৪০ গৰাকী ছাত্ৰ-ছাত্ৰী যিসকলৰ গণিতৰ প্ৰতি ভয় আছে তেওঁলোকক এই কাৰ্যসূচীৰ সুবিধা দিয়া হয়। মুখ্য ভাষণত ৰবি সাৱদেকাৰে ভৱিষ্যত প্ৰজন্মৰ মন গঢ় দিয়াত শিক্ষকৰ গুৰুত্বপূৰ্ণ ভূমিকাত গুৰুত্ব আৰোপ কৰি তেওঁলোকৰ ব্যতিক্ৰমী কাম অব্যাহত ৰাখিবলৈ উৎসাহিত কৰে। তেওঁ শিক্ষাৰ জৰিয়তে জাতি গঠনত ভগ্নী নিবেদিতাৰ মহৎ অৱদানৰ কথা সোঁৱৰাই দিয়ে আৰু লগতে শিক্ষাবিদ হিচাপে অধিক মহিলাৰ অংশগ্ৰহণৰ ওপৰতো গুৰুত্ব আৰোপ কৰে । বিশেষকৈ চাহ বাগিচা এলেকাত ৰটাৰীয়ে গ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকসকলক প্ৰশিক্ষণ দিয়াৰ কামৰ শলাগ লয়। তেখেতে উল্লেখ কৰে যে স্বামী বিবেকানন্দৰ “BE and MAKE” আহ্বানটো ভাৰতীয় সকলৰ বাবে জীৱনত লোৱা কাৰ্য্যৰ বাবে অতি প্ৰাসংগিক আছিল l আজিৰ বঁটাৰ বাবে নিৰ্বাচিত শিক্ষাৰ লগত জড়িত প্ৰশিক্ষক আৰু শিক্ষকসকলে স্বামী জীয়ে যুৱক-যুৱতীলৈ কৰা আহ্বানৰ সৈতে খাপ খুৱাই শিক্ষাদান কৰা যেন লাগে বুলি তেওঁ উল্লেখ কৰে। এই উপলক্ষে শিক্ষক বঁটা বিজয়ীসকলৰ লগতে গণিত সেতুৰ সমন্বয়কসকলে ভাষণ দিয়ে। অনুষ্ঠানৰ সামৰণিত ৰটাৰীয়ান,সমাজ সেৱক ছাজিদুৰ ৰহমানে ধন্যবাদ জ্ঞাপন কৰি, সকলো উপস্থিত আৰু অংশগ্ৰহণকাৰীক কৃতজ্ঞতা জ্ঞাপন কৰে। উল্লেখযোগ্য যে এই অনুষ্ঠানতে সমাজত ইতিবাচক প্ৰভাৱ পেলোৱা শিক্ষাবিদসকলক স্বীকৃতি আৰু সহায় আগবঢ়োৱাৰ প্ৰতি ডিব্ৰুগড়ৰ ৰটাৰী ক্লাবৰ দায়বদ্ধতাক আলোকপাত কৰিছে।