ডিব্ৰুগড়ৰ ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত ছাত্ৰ সন্থাৰ প্ৰতিবাদ , মুৰ্দাবাদ ধ্বনিৰে ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ উত্তাল
এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা-ডিব্ৰুগড়ৰ ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ বানীপুৰত থকা পথটো যোৱা ২৫ দিন ধৰি সম্পূৰ্ণ পানীৰ তলত থকাত স্হানীয় ৰাইজ ক্ষুব্ধ হৈ পৰিছে। ডিব্ৰুগড়ৰ কনভয় ৰ’ড ৰ পৰা বকুললৈ সংযোগী ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্হা আৰু ইয়াৰ সমাধানৰ দাবীত আজি (১৫-৭-২৪ )সদৌ ডিব্ৰুগড় ছাত্ৰ সন্থা আৰু ডিব্ৰুগড় নাৰী সন্থাৰ উদ্যোগত স্হানীয় ৰাইজৰ সহযোগত পথ অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰে। ডিব্ৰুগড় ছাত্ৰ সন্থা আৰু ডিব্ৰুগড় নাৰী সন্থাই স্হানীয় ৰাইজৰ সহযোগত পথ অৱৰোধ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।প্ৰতিবাদকাৰী সকলে অসম চৰকাৰ হায় হায়, ডিব্ৰুগড় পৌৰনিগম হায় হায়, মেয়ৰ চৈকত পাত্ৰ গো বেক আদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে । উল্লেখ্যযোগ্য যে – আজিৰ পৰা ২৫ টা দিন ধৰি ৰাষ্ট্ৰীয় ঘাইপথ পানীত বুৰগৈ যোৱাৰ ফলত বহুতো পথ দুৰ্ঘটনা সংঘটিত হয় আৰু ইয়াৰ ফলত কেইবাজনো লোক আহত হৈছে লগতে যান-বাহনৰো ভীষণ ক্ষতি হৈছে।