ডিব্ৰুগড়ৰ সমাজ জীৱনলৈ আগবঢ়োৱা বিশিষ্ট অৱদানৰ বাবে ছয় ব্যক্তিলৈ “কাঞ্চনজংঘা ট্ৰেণ্ডচেটাৰ এৱাৰ্ড” ২০২৪
এম্ হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড়ৰ জ্যেষ্ঠ সাংবাদিক তথা বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ সাধাৰণ সম্পাদক ৰাতুল গোহাঁইসহ সমাজৰ বিভিন্ন শিতানত অৱদান আগবঢ়াই যোৱা ছয় গৰাকী বিশিষ্ট ব্যক্তিলৈ প্ৰদান কৰা হয় “কাঞ্চনজংঘা ট্ৰেণ্ডচেটাৰ এৱাৰ্ড” ২০২৪ । এই বঁটাত আছে স্মাৰক,নগদ ২০ (বিশ)হেজাৰকৈ টকা আৰু মানপত্ৰ সহ অন্যান্য উপহাৰ। ঊল্লেখযোগ্য যে চীনত কৰ্মৰত অভিযন্ত্ৰাৰ পদ এৰি কাঞ্চনজংঘাৰ জৰিয়তে ডিব্ৰুগড়ৰ বগীবিল দলঙৰ মনোৰম প্ৰাকৃতিক সৌন্দৰ্য স্থলীৰ তথা শুকান বালিত অক্লান্ত শ্ৰম আৰু কষ্ট কৰি সেউজীয়া কৰি গঢ়ি পৰ্যটন ক্ষেত্ৰলৈ পৰিণত কৰা লগতে নদী পৰ্যটনক এক নতুন গতি প্ৰদান কৰা সমাজকৰ্মী গৌতম বৰদলৈয়ে এইবাৰ সমাজৰ বিভিন্ন ক্ষেত্ৰলৈ বৰঙণি আগবঢ়াই যোৱা ব্যক্তি সকলক উৎসাহিত কৰাৰ বাবে বছৰৰ পহিলা দিনটোতে ‘Kanchanjangha Trendsetter Award’ শীৰ্ষক বঁটা প্ৰদানেৰে আন এক বাৰ্তা প্ৰদান কৰিলে। মানৱসেৱাৰ সংকল্পৰে প্ৰায় ২,৬০০ জন ব্যক্তিক সৰ্প দংশনৰ চিকিৎসা আগবঢ়াই ২,৫৯৯ জনৰ জীৱন বচোৱাৰ বাবে বিশিষ্ট চিকিৎসক ডা° সুৰজিৎ গিৰীলৈ চিকিৎসা সেৱাৰ বাবে, অজস্ৰ গৃহহীন ব্যক্তিক নিজা ধনেৰে আশ্ৰয়ৰ থলী নিৰ্মাণ কৰি দিয়া বাবে সমাজসেৱাৰ ক্ষেত্ৰত ইউটিউবাৰ সময় গগৈ, কৃষিক্ষেত্ৰত ব্যৱহৃত বিভিন্ন অত্যাধুনিক যন্ত্ৰৰ সজুঁলি নিৰ্মাণেৰে কৃষকসকলৰ উৎপাদনশীলতা বঢ়োৱা আৰু কষ্ট লাঘৱ কৰাৰ বাবে কৃষিক্ষেত্ৰত হীৰেন চেতিয়াক,আধুনিক বৈদ্যুতিক বিভিন্ন উদ্যোগৰ এটা থলুৱা ভেটি গঢ়াত সফল হোৱা তথা বহুজনক সহজ বৈদ্যুতিক সামগ্ৰীৰে উপকৃত কৰা বাবে উদ্যোগীকৰণ তথা উদ্ভাৱকৰ শিতানত কৌশিক হাজৰিকাক, টাই আহোম সঙ্গীতৰ স্বকীয় ঐতিহ্যক আগুৱাই নিয়াৰ ক্ষেত্ৰত আপ্ৰাণ প্ৰচেষ্টা চলাই যোৱাৰ বাবে সাংস্কৃতিক ক্ষেত্ৰত জ্যেতিমালা বুঢ়াগোহাঁইক আৰু প্ৰায় ২০ বছৰ সাংবাদিকতাৰ ক্ষেত্ৰত আগবঢ়াই অহা অৱদানৰ বাবে ডি ৱাই ৩৬৫ৰ জ্যেষ্ঠ সাংবাদিক ৰাতুল গোহাঁইক প্ৰদান কৰে “কাঞ্চনজংঘা ট্ৰেণ্ডচেটাৰ এৱাৰ্ড” ২০২৪ প্ৰদান কৰে। বগীবিল দলঙৰ”কাঞ্চন জংঘা” বাকৰিত শিল্পী হাচান ইকবাল আহমেদে আঁত ধৰা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত কাঞ্চন জংঘাৰ স্বত্বাধিকাৰ তথা বিশিষ্ট সমাজকৰ্মী গৌতম বৰদলৈ,ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰীক্ষা নিৰীক্ষক ড° প্ৰশান্ত কাকতি, মনোহাৰী দেৱী কানৈ মহিলা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা ড° আৰাধনা কাকতি, ৰুমী বৰশইকীয়াকে প্ৰমুখ্যে কৰি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকি বগীবিলৰ নৈসৰ্গিক পৰিবেশত বছৰৰ প্ৰথম দিনটো উদযাপনৰ বাবে যোৱা সহস্ৰাধিক লোকৰ উপস্থিতিত উক্ত আটাইকেইটা বিভিন্ন শিতানত বঁটা সমূহ প্ৰদান কৰে। সমাজকৰ্মী তথা কাঞ্চন জংঘাৰ স্বত্বাধিকাৰী গৌতম বৰদলৈয়ে প্ৰতিবছৰে এই বঁটা সমাজৰ বিভিন্ন শিতানত প্ৰদান কৰি আহিব বুলি জানিবলৈ দিয়ে। উল্লেখযোগ্য যে ডিব্ৰুগড়ৰ বিশিষ্ট সাংবাদিক সমাজকৰ্মী প্ৰয়াত হেৰম্ব বৰদলৈৰ জ্যোষ্ঠ পুত্ৰ গৌতম বৰদলৈয়ে চীনত অভিযন্তা ৰূপে কাৰ্য্যনিৰ্বাহ কৰি আছিল যদিও মহামাৰী ৰূপ ধাৰণ কৰা কভিডকালিন পৰিস্থিতি সময়ত চীনৰ পৰা নিজ গৃহ ভূমিলৈ ঘুৰি আহিছিল। তেওঁ নিজৰ গৃহজিলাত ব্যক্তিগত ভাৱে বিভিন্ন সমাজসেৱা মুলক কামত জড়িত হৈ পৰা লগতে নিজৰ সাঁচতীয়া ধনেৰে চীনৰ হংকঙৰ আৰ্হিত এটা অত্যাধুনিক পথ নিৰ্মাণ কৰি চৰ্চা লাভ কৰিছিল। পৰৱৰ্তী সময়ত তেওঁ বগীবিল দলঙৰ সমিপত ব্ৰহ্মপুত্ৰৰ বালিচৰত গছ বনেৰে সেউজীয়া কৰি “কাঞ্চন জংঘা” নামৰ ওপঙা ৰেষ্টুৰেণ্টৰ জৰিয়তে নদী পৰ্যটনৰ ক্ষেত্ৰত এক নতুন জাগৰণ আনিবলৈ সক্ষম হৈছিল। চাৰি বছৰৰ পূৰ্বে অসমৰ নৱপ্ৰজন্মৰ হাৰ্টথ্ৰ’ জুবিন গাৰ্গে শুভ উদ্বোধনী কৰা কাঞ্চন জংঘাত বহুতো নিবনুৱা কৰ্ম সংস্থাপন লাভ কৰাৰ লগতে বহু পৰ্যটকে ব্ৰহ্মপুত্ৰৰ নৈসৰ্গিক দৃষ্টিনন্দন দৃশ্য উপভোগ কৰিবলৈ সুযোগ লাভ কৰিছে। এই কাঞ্চন জংঘা বাকৰিতে সমাজৰ বিভিন্ন ক্ষেত্ৰত অহোপুৰুষাৰ্থ কৰি অহা ব্যক্তিলৈ নিজস্ব প্ৰচেষ্টাৰে বঁটা প্ৰদান কৰি উৎসাহিত কৰাৰ প্ৰচেষ্টাক স্বাভাবিকতে সকলোৱে শলাগ জ্ঞাপন কৰিছে।