ডিব্ৰুগড়ৰ সন্ধানী মহিলা চ’ৰাৰ ষষ্ঠ সংখ্যক প্ৰতিষ্ঠা দিৱসত বীৰ স্বহীদক শ্ৰদ্ধাঞ্জলি
এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- বৰ্তমান ভাৰত পাকিস্তানৰ যুদ্ধত প্ৰাণাহুতি দিয়া ভাৰতীয় বীৰ স্বহীদ আৰু নিৰপৰাধী সকলক শ্ৰদ্ধাঞ্জলি জনাই ডিব্ৰুগড় চহৰৰ অগ্ৰণী মহিলা সন্থা “সন্ধানী মহিলা চ’ৰা”ৰ ষষ্ঠ সংখ্যক প্ৰতিষ্ঠা দিৱসটি দেশভক্তি গীত মাতেৰে ১৮ মে’ তাৰিখে পূব বানীপুৰস্থিত উপাসনা ক’লা কেন্দ্ৰত সম্পন্ন হয়। আৰম্ভণিতে চ’ৰাৰ সভানেত্ৰী নিহাৰীকা শ্ৰতিকৰে সকলো সদস্যাৰ উপস্থিতিত চ’ৰাৰ পতাকা উত্তোলন কৰি উপস্থিত সকলো মহিলাক ষষ্ঠতম প্ৰতিষ্ঠা দিৱসৰ বাবে আন্তৰিক অভিনন্দন জ্ঞাপন কৰে । স্বহীদ বেদীত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধা নিবেদন কৰে চ’ৰাৰ মুখ্য উপদেষ্টা ঝৰ্ণা শইকীয়াই। চ’ৰাৰ সদস্যা পদ্মা খনিকৰে প্ৰতিষ্ঠা দিৱস আনুষ্ঠানিকভাৱে বন্তি প্ৰজ্বলন কৰি মুকলি কৰে । দিনটোৰ কাৰ্যসূচীৰ প্ৰাৰম্ভনিতে চ’ৰাৰ উপ-সভানেত্ৰী হিমাশ্ৰী ফুকনে আদৰণি ভাষণেৰে সকলোকে স্বাগতম জনায় । সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সম্পাদিকা লক্ষহীৰা গগৈয়ে আৰু বিগত বৰ্ষত সম্পন্ন হোৱা কাৰ্য্যৱলীৰ প্ৰতিবেদন তেওঁ পাঠ কৰে । মুখ্য উপদেষ্টা ঝৰ্ণা শইকীয়াই বৰ্তমানৰ যুদ্ধকালিন পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত বক্তব্য ডাঙি ধৰে। ইয়াৰ পাছতেই সভাৰ সাঙ্কৃতিক বিভাগৰ নেতৃত্বত থকা ড০ চুমী ফুকন আৰু সঙ্গীবৃন্দই দেশভক্তিমূলক গীতৰ শৰাই পৰিবেশনে অনুষ্ঠানটি জীপাল কৰি তোলে । সভাৰ সদস্যা ক্ৰমে পূৰবী চৌধুৰীৰ স্বৰচিত দেশভক্তিমূলক কবিতা পাঠ, লক্ষহীৰা গগৈ, পদ্মা খনিকৰৰ কবিতা আবৃত্তিয়ে সভাখন গম্ভীৰ কৰি তোলে। নিমন্ত্ৰীত অতিথি অধিবক্তা শিউলি হালদাৰেও স্বৰচিত কবিতা পাঠ কৰে । সদস্যা মনজ্যেতি শইকীয়াই কেইবাটাও সুন্দৰ দেশপ্ৰেমমূলক গীত পৰিৱেশন কৰে । সভাৰ শেষত চ’ৰাৰ সভানেত্ৰী নিহাৰীকা শ্ৰতিকৰে চ’ৰাখনিৰ লক্ষ আৰু উদ্দেশ্য ৰূপায়নত সদস্যা আৰু শুভাকাঙ্খী সকলক আন্তৰিক ধন্যবাদ আৰু অভিনন্দন জ্ঞাপন কৰে আৰু লগতে ভবিষ্যতৰ বাবে ও সকলোকে সক্ৰিয় ভাৱে আগবাঢ়ি আহিবলৈ আহ্বান জনায়।