এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড় মহানগৰত আন্তঃৰাষ্ট্ৰীয় চাহ দিৱসৰ উপলক্ষে ‘আসাম বট লিফ টি মেনুফেকচাৰ্চ এচছিয়েচনৰ উদ্যোগ’ত মহানগৰখনৰ বিভিন্ন ঠাইত সৰ্বসাধাৰণ ৰাইজৰ লগতে ছাত্ৰ ছাত্ৰী সকলক চাহ সেৱনত গুৰুত্ব প্ৰদান কৰে। সংস্থাৰ সভাপতি চান্দ কুমাৰ গোহাঁইয়ে চৌকিডিঙী খেলপথাৰৰ মূল গেটৰ সন্মুখত চাহৰ যোগান ধৰা লগতে জিলা আয়ুক্ত কাৰ্য্যালয়ৰ সম্মুখ, ডিব্ৰুগড় বিশ্ববিদ্যালয়,অসম চিকিৎসা মহাবিদ্যালয় আৰু জিলা ন্যায়ালয়ৰ সন্মুখত “আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস”ৰ উপলক্ষে চাহ খাবলৈ উৎসাহিত কৰি চাহ পৰিৱেশন কৰিবলৈ যোগান ধৰে। ডিব্ৰুগড়ৰ বৈৰাগীমঠত থকা শ্ৰীশ্ৰী অনিৰুদ্ধদেৱ কণিষ্ঠ মহাবিদ্যালয়টো আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস পালন কৰা হয়।এই অনুষ্ঠানত মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি হলিৰাম ফুকনে চাহৰ গুণাগুণৰ ওপৰত ভাষণ প্ৰদান কৰে। মহাবিদ্যালয়খনৰ অধ্যক্ষ ভূষণ জ্যোতি সন্দিকৈয়ে আঁতধৰা এই অনুষ্ঠানটোত মহাবিদ্যালয়খনৰ মুখ্য শৈক্ষিক বিষয়া ড০ দীপা গোস্বামী,শ্ৰীশ্ৰী অনিৰুদ্ধদেৱ একাডেমীৰ মুখ্য শৈক্ষিক বিষয়া যাদৱ গগৈকে ধৰি অধ্যাপক- অধ্যাপিকা,শিক্ষক- শিক্ষয়িত্ৰী আৰু শিক্ষাৰ্থী সকল উপস্থিত থকা লগতে উপস্থিত সকলোকে চাহ পৰিৱেশন কৰিবলৈ দিয়া হয়।
ডিব্ৰুগড়ৰ শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ কনিষ্ঠ মহাবিদ্যালয়ত আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস পালন

ডিব্ৰুগড়ৰ শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ কনিষ্ঠ মহাবিদ্যালয়ত আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস পালন