ডিব্ৰুগড়ৰ শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ কনিষ্ঠ মহাবিদ্যালয়ৰ ২৮ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

ডিব্ৰুগড়ৰ শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ কনিষ্ঠ মহাবিদ্যালয়ৰ ২৮ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন::কৃতী শিক্ষাৰ্থীক শিৱ কুমাৰ দত্ত সোঁৱৰণী বৃত্তি প্ৰদান
এম হাছিম  আলী, ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- উজনি অসমৰ অন্যতম আগশাৰীৰ কনিষ্ঠ মহাবিদ্যালয় বৈৰাগীমঠস্থিত শ্ৰীশ্ৰীঅনিৰুদ্ধদেৱ কনিষ্ঠ মহাবিদ্যালয়ৰ ২৮ সংখ্যক  প্ৰতিষ্ঠা দিবস এক গাম্ভিয্যপূৰ্ণ অনুষ্ঠানেৰে মহাবিদ্যালয়ৰ পেক্ষাগৃহত উদযাপন কৰা হয়। মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি তথা শ্ৰীশ্ৰীঅনিৰুদ্ধদেৱ সেৱা সমিতি, অসমৰ সম্পাদক হলিৰাম ফুকনৰ সভাপতিত্বত অনুষ্ঠিত হোৱা অনুষ্ঠানটোত সেৱা সমিতিৰ সভাপতি লনাথ চৌখাম,পৰিচালনা সমিতিৰ  কাৰ্য্যকৰী সভাপতি চান্দ কুমাৰ গোহাঁই, হিৰণ্য কুমাৰ সেনাপতি, যোগলতা গগৈ গোহাঁই, মঞ্জুলা শইকীয়া,ৰঞ্জন দত্ত,তৰুণ সেনাপতি,যাদৱ গগৈকে আদি কৰি বহু কেইগৰাকী ব্যক্তিৰ লগতে মহাবিদ্যালয়খনৰ অধ্যাপক অধ্যাপিকা সকল উপস্থিত থাকে ।প্ৰাক্তন অধ্যাপিকা,গায়িকা ৰূপনন্দা দত্তই মহাবিদ্যালয়ৰ গীতটোৰ উপৰিও এটি গীত পৰিৱেশন কৰি উপস্থিত সকলোকে আপ্লুত কৰে ।সহকাৰী অধ্যাপিকাদ্বয় চাবিনা নাচিফা  আহমেদ আৰু মনমিতা শৰ্মাই মহাবিদ্যালয়খনৰ শৈক্ষিক পৰিৱেশ আৰু ছাত্ৰ ছাত্ৰী সকলৰ  মনোযোগ সম্পৰ্কে নিজৰ নিজৰ মনৰ ভাৱ ব্যক্ত কৰে। চলিত ২০২৪ বৰ্ষত মহাবিদ্যালয়খনৰ পৰা ক’লা,বিজ্ঞান আৰু বাণিজ্য শাখাত সৰ্বোচ্চ নম্বৰ লাভ কৰি কৃতিত্ব অৰ্জন কৰা শিক্ষাৰ্থী ক্ৰমে চাজিদা খাতুন, জিনামনি নৰহ, দীপাংকৰ সোণোৱাল আৰু ৰস্নী প্ৰসাদ মণ্ডলক মহাবিদ্যালয় পৰিচালনা সমিতিৰ প্ৰাক্তন সভাপতি,শিক্ষাবিদ প্ৰয়াত শিৱ কুমাৰ দত্ত সোঁৱৰণী বঁটা, নগদ দহ হাজাৰকৈ ধন আৰু উপহাৰ প্ৰদান কৰে শিৱকুমাৰ দত্তৰ পৰিবাৰ মঞ্জুলা শইকীয়া, লনাথ চৌখাম, হলিৰাম ফুকন আৰু যোগলতা গগৈ গোহাঁইয়ে। শ্ৰীশ্ৰীঅনিৰুদ্ধদেৱ কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ তথা বিশিষ্ট সাংবাদিক ভূষণজ্যোতি সন্দিকৈয়ে বঁটা প্ৰদান অনুষ্ঠানটো সম্পৰ্কে ব্যক্ত কৰাৰ লগতে অনাগত দিনত মহাবিদ্যালয়খনৰ পৰা সুখ্যাতিৰে উৰ্ত্তীণ হোৱা শিক্ষাৰ্থী সকলক বহু কেইটা বঁটা আৰু ধনৰ উপহাৰ প্ৰদান কৰা হ’ব বুলি নিজৰ ভাষণত উল্লেখ কৰে।২৮ সংখ্যক প্ৰতিষ্ঠা দিৱসত পতাকা উত্তোলন আৰু প্ৰয়াত সকলৰ স্মৃতিত বন্তি প্ৰজ্বলন কৰে ক্ৰমে হলিৰাম ফুকন আৰু লনাথ চৌখামে। অধ্যক্ষ ভূষণ জ্যোতি সন্দিকৈয়ে শলাগ জ্ঞাপন কৰা অনুষ্ঠানটো সন্ধিয়া ২৮ গছি বন্তি প্ৰজ্বলন কৰি সামৰা হয়।