ডিব্ৰুগড়ৰ শ্ৰীশ্ৰী মাধৱদেৱ মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক,বৰ্তমান টিউটৰ হৃদয় সেনাপতিৰ বিদায় সম্বৰ্ধনা

ডিব্ৰুগড়ৰ শ্ৰীশ্ৰী মাধৱদেৱ মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক,বৰ্তমান টিউটৰ হৃদয় সেনাপতিৰ বিদায় সম্বৰ্ধনা:ত্যাগৰ সামাজিক স্বীকৃতি সদায় থাকিব             
এম হাছিম আলী,ডিব্ৰুগড়, ৰঙিলী বাৰ্ত্তাসেৱা- ৰাষ্ট্ৰীয় নতুন শিক্ষা নীতিৰ দ্বাৰা  ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত  অসমৰ ৰাজহুৱা শিক্ষাখণ্ডক ত্বৰান্বিত কৰাৰ লক্ষ্যৰে চৰকাৰে  প্ৰদক্ষেপ গ্ৰহণ কৰাৰ সময়তে ৰাজহুৱা শিক্ষাৰ অন্তৰ্গত একাংশ  শিক্ষকৰ  ক্ষেত্ৰত অসমতাৰ ফলত এতিয়াও শৈক্ষিক- সামাজিক বাতাবৰণ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। বিনা বেতনে কৰ্মজীৱনৰ অধিক সময় সেৱা আগবঢ়োৱা শিক্ষকৰ প্ৰাদেশিকীকৰণৰ পিছত  কম মজুৰিৰ লগতে  শিক্ষকৰ পদ-মৰ্যাদা লাঘৱেৰে সম-কৰ্মেৰে বিভাগীয় দ্বায়বদ্ধতা পালন কৰা সত্বেও অৱসৰী শিক্ষকসকল অৱসৰকালীন সুবিধাৰ পৰাও বঞ্চিত হ’ব লগা হৈছে। শিক্ষামন্ত্ৰীয়ে ঘোষণা  কৰা দহ লাখ টকাৰ গ্ৰেচুইটিও অৱসৰ লোৱা শিক্ষকসকলে লাভ নকৰিলে। চাৰি বছৰত শিক্ষকলৈ উন্নীতকৰণৰ প্ৰক্ৰিয়াও আজিলৈকে সম্পূৰ্ণ নহ’ল । ৰাইজে প্ৰতিষ্ঠা কৰা বিভিন্ন পৰ্যায়ৰ শিক্ষানুষ্ঠানসমূহত কৰ্মৰত শিক্ষকসকলক  বিগত দিনৰ দৰে প্ৰাদেশিকীকৰণ নকৰি ২০২১ চনত নতুন প্ৰাদেশিকীকৰণ আইনৰ অধীনত শিক্ষকৰ পদ-প্ৰাদেশিকীকৰণ কৰি বহু শিক্ষানুষ্ঠানক শিক্ষাক্ষেত্ৰ নীতি দ্বাৰা আন বিদ্যালয়ৰ লগত চামিল কৰে।এনে পৰিৱেশ পৰিস্থিতিৰ মাজতে সমগ্ৰ অসমৰ লগতে ডিব্ৰুগড় জিলাৰ লাহোৱাল শিক্ষাখণ্ডৰ অন্তৰ্গত শ্ৰীশ্ৰী মাধৱদেৱ মধ্য ইংৰাজী বিদ্যালয়খন  সম্পূৰ্ণভাৱে বন্ধ হৈ পৰাৰ ফলত প্ৰাদেশিকীকৃত শিক্ষক-কৰ্মচাৰীৰ ফুলামপুৰ শ্ৰীশ্ৰী শংকৰদেৱ মধ্য ইংৰাজী বিদ্যালয়ত চামিল কৰা হ’ল। উলেখ্য যে এসময়ৰ প্ৰধান শিক্ষকৰ পদ-মৰ্যাদাৰে কৰ্মৰত হৃদয় কুমাৰ সেনাপতি  প্ৰাদেশিকীকৰণোত্তৰ কালত টিউটৰৰ অভিধাৰে যোৱা ইং ৩০ এপ্ৰিল তাৰিখে অৱসৰ গ্ৰহণ কৰে।কৰ্মজীৱনৰ দীৰ্ঘদিন বিনাবেতনে শিক্ষাদান কৰি অৱশেষত ফুলামপুৰ শ্ৰীশ্ৰী শংকৰদেৱ মধ্য ইংৰাজী বিদ্যালয়ৰ পৰা অৱসৰ লোৱা শিক্ষক গৰাকীক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী,শিক্ষক-কৰ্মচাৰীৰ লগতে স্থানীয় ৰাইজৰ উদ্যোগত  ১৩ মে তাৰিখে  বিদায় সম্বধৰ্ণা সভা অনুষ্ঠিত হয়।বিদ্যালয়ৰ প্ৰধান দ্বীজেন বৰপাত্ৰই সভাৰ উদেশ্য ব্যাখ্যা আগবঢ়োৱা সভাত উপস্থিত থাকে সমাজ সেৱক,লাহোৱাল জিলা পৰিষদৰ প্ৰাক্তন সদস্য ভূপেন কুমাৰ গগৈ।তেখেতৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত সমাজ গঢ়াৰ কমাৰশাল স্বৰূপ ৰাজহুৱা খণ্ডৰ শিক্ষানুষ্ঠানসমূহ সাম্প্ৰতিক সময় আৰু পৰিস্থিতি সাপেক্ষে উপযোগী কৰিবলৈ বৰ্তমান চৰকাৰে লোৱা প্ৰদক্ষেপসমূহৰ কথা উল্লেখ কৰি শেষতীয়াভাৱে মূখ্যমন্ত্ৰীয়ে  ৰাজহুৱাভাৱে টিউটৰসকলৰ মজুৰি বৃদ্ধি হ’ব বুলি কৰা ঘোষণাক আদৰণি জনায়। সকলো শিক্ষকৰ সম- মৰ্যাদা কামনা কৰি ত্যগেৰে  ভবিষ্যত প্ৰজন্মক  শিক্ষাদান দি অহা শিক্ষাগুৰুসকলৰ সামাজিক স্বীকৃতি সদায় থাকিব বুলি সভাপতি ভাষণত ব্যক্ত কৰে। ফুলামপুৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী নিয়ন্তা গোহাঁই উপস্থিত থকা এই সভাখনত অৱসৰী শিক্ষকজনক সম্বধৰ্ণা প্ৰত্ৰৰ লগতে গামোছা,চেলেং,শৰাই গ্ৰন্থই  সম্বধৰ্ণা জ্ঞাপন কৰে।