ডিব্ৰুগড়ৰ শ্ৰীশ্ৰী অনিৰুদ্ধদেৱৰ ক্ৰীড়া বিশ্ববিদ্যালয়ৰ নতুন উপাচাৰ্য ড° হীৰেন্দ্ৰ নাথ শৰ্মাৰ ৰাজভৱনত শপত গ্ৰহণ

ডিব্ৰুগড়ৰ শ্ৰীশ্ৰী অনিৰুদ্ধদেৱৰ ক্ৰীড়া বিশ্ববিদ্যালয়ৰ নতুন উপাচাৰ্য ড° হীৰেন্দ্ৰ নাথ শৰ্মাৰ ৰাজভৱনত শপত গ্ৰহণ

এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা-  ডিব্ৰুগড়ৰ শ্ৰীশ্ৰী অনিৰুদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয়ৰ নতুন উপাচাৰ্য হিচাপে অৰুনাচল প্ৰদেশৰ ৰাজীৱ গান্ধী বিশ্ববিদ্যালয়ৰ জীৱ বিজ্ঞান বিভাগৰ অধ্যাপক ড° হীৰেন্দ্ৰ নাথ শৰ্মাক অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদে আচাৰ্যই আনুষ্ঠানিক ভাৱে ড° শৰ্মাক নিযুক্তি প্ৰদান কৰিছে ক্ৰীড়া বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য হিচাপে । আজি ৰাজভৱনত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই শপত বাক্য পাঠ কৰি দায়িত্ব প্ৰদান কৰা শৰ্মাই দ্বিতীয় গৰাকী উপাচাৰ্য হিচাপে শপতগ্ৰহণ কৰে। অনুষ্ঠানত অসম চৰকাৰৰ ক্ৰীড়া বিভাগৰ মন্ত্ৰী নন্দিতা গাৰ্লোচা, অসম চৰকাৰৰ উচ্চ পদস্থ বিষয়াৰ লগতে শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক পংকজ বৰঠাকুৰ শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে এই বিশ্ববিদ্যালয়ৰ খনৰ ভাৰপ্ৰাপ্ত উপাচাৰ্য হিচাপে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বৰ্তমানৰ উপাচাৰ্য ড০ জিতেন হাজৰিকা কাৰ্যনিৰ্বাহ কৰিছিল।