ডিব্ৰুগড়ৰ শ্ৰীশ্ৰী অনিৰুদ্ধদেৱ কণিষ্ঠ মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভা সম্পন্ন-নতুন সমিতি গঠন

ডিব্ৰুগড়ৰ শ্ৰীশ্ৰী অনিৰুদ্ধদেৱ কণিষ্ঠ মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভা সম্পন্ন-নতুন সমিতি গঠন

এম হাছিম আলী, ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড়ৰ বৈৰাগীমঠস্থিত শ্ৰীশ্ৰী অনিৰুদ্ধদেৱ কণিষ্ঠ মহাবিদ্যালয়ৰ পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভা ৯ আগষ্ট তাৰিখে হলিৰাম ফুকনৰ সভাপতিত্বত অনুষ্ঠিত হয়। মহাবিদ্যালয়ৰ অধ্যক্ষ তথা সম্পাদক ভূষণজ্যোতি সন্দিকৈয়ে আদৰণী ভাষণৰ লগতে সম্পাদকীয় প্ৰতিবেদন পাঠ কৰা অনুষ্ঠানটোত কাৰ্যকৰী সভাপতি চান কুমাৰ গোহাঁই,উপ সভাপতি হিৰণ্য সেনাপতি,শ্ৰীশ্ৰী অনিৰুদ্ধদেৱ সেৱা সমিতিৰ অসমৰ সভাপতি লনাথ চৌখাম, প্ৰাক্তন সভাপতি যতীন্দ্ৰ মোহন গগৈ, থিৰেশ্বৰ গোহাঁই, মটক সন্মিলনৰ উপদেষ্টা চন্দ্ৰ সেনাপতি, উপদেষ্টা যুগলতা গগৈ গোহাঁইকে প্ৰমুখ্যে কৰি সমিতিৰ বিষয়ববীয়া সকল উপস্থিত থাকে। এই সাধাৰণ সভাত বিগত কালৰ মহাবিদ্যালয়খনৰ শৈক্ষিক,আৰ্থিক তথা বিভিন্ন বিষয়ৰ ওপৰত উপস্থিত সকলে নিজ নিজ পৰামৰ্শ আগবঢ়ায় আৰু অনাগত দিনত ৰূপায়ণ কৰিবলগীয়া আঁচনি সমূহৰ বিষয়েও ব্যক্ত কৰে।এই সাধাৰণ সভাতেই আগন্তুক কাৰ্যকালৰ বাবে হলিৰাম ফুকনক সভাপতি, চান কুমাৰ গোহাঁইক কাৰ্যকৰী সভাপতি আৰু অধ্যক্ষ ভূষণ জ্যোতি সন্দিকৈক সাধাৰণ সম্পাদক হিচাপে লৈ এখন নতুন শক্তিশালী সমিতি গঠন কৰা হয়।নতুন সমিতিখনে অতি শীঘ্ৰে কাৰ্যনিৰ্বাহক বৈঠক অনুষ্ঠিত কৰি কাৰ্যপন্থা গ্ৰহন কৰা বাবে সিদ্ধান্ত গ্ৰহণ কৰিব বুলি উদ্যক্তা সমিতিয়ে জানিবলৈ দিয়ে।