ডিব্ৰুগড়ৰ শ্ৰীশ্ৰী অনিৰুদ্ধদেৱ কণিষ্ঠ মহাবিদ্যালয়ত কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ ১৬৪ সংখ্যক জন্মতিথি পালন
এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- বিশ্বকবি, নাট্যকাৰ, দাৰ্শনিক, সংগীত নিৰ্মাতা, চিত্ৰকৰ, গল্পকাৰ তথা দেশপ্ৰেমিক তথা ভাৰতৰ প্ৰথমগৰাকী ন’বেল বঁটা প্ৰাপক কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ ১৬৪ সংখ্যক জন্ম দিবস ডিব্ৰুগড়ৰ অন্যতম উচ্চশিক্ষানুস্থান শ্ৰীশ্ৰী অনিৰুদ্ধদেৱ চিনিয়ৰ চেকেণ্ডেৰী স্কুলত পালন কৰে।শিক্ষানুষ্ঠানখনৰ অধ্যক্ষ ভূষণজ্যোতি সন্দিকৈ,পৰিচালনা সমিতি সম্পাদক হলিৰাম ফুকন,শ্ৰীশ্ৰী অনিৰুদ্ধদেৱ একাডেমীৰ শৈক্ষিক বিষয়া যাদৱ গগৈ, মাধুৰ্য বৰুৱাকে ধৰি অধ্যাপক অধ্যাপিকা,ছাত্ৰ ছাত্ৰী,কৰ্মচাৰী সকল উপস্থিত থাকে।অসমীয়া আৰু ইংৰাজী বিভাগৰ যৌথ উদ্যোগত অনুস্থিত হোৱা কবিগুৰু ৰবীন্দ্ৰ নাথ ঠাকুৰৰ কৰ্ম জীৱন আৰু বিশ্ববাসীলৈ আগবঢ়ায় থৈ যোৱা অবদানৰ বিষয়ে সমল ব্যক্তি সমাজ শাস্ত্ৰ বিভাগৰ অধ্যাপক প্ৰণাম প্ৰভু বৰুৱাই তথ্য সহকাৰে ব্যক্ত কৰে।অধ্যাপিকাদ্বয় দীপান্বিতা গগৈ আৰু চাবিনা নাচিফা আহমেদৰ তত্বাৱানত অনুষ্ঠিত হোৱা এই জন্মজয়ন্তীত শিক্ষানুষ্ঠানখনৰ ছাত্ৰ ছাত্ৰীসকলে ৰবীন্দ্ৰনাথৰ গীত, মাত,কবিতা আবৃত্তি পৰিবেশন কৰি উপস্থিত সকলোকে আপ্লুত কৰি তোলে ।