ডিব্ৰুগড়ৰ শিক্ষা ভেলী স্কুলত বিস্ময় বালক খ্যাত গুগল বয় কৌটিল্য পণ্ডিত: বিদ্যালয় খনৰ অষ্টম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উপলক্ষে ছাত্ৰ ছাত্ৰীৰে মত বিনিময়
এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড়ৰ খনিকৰত অৱস্থিত আন্তৰাষ্ট্ৰীয় মানদণ্ডৰ অন্যতম শিক্ষানুষ্ঠান শিক্ষা ভেলী স্কুলত গুগল বয় খ্যাত তথা প্ৰবল স্মৃতি শক্তিৰ অধিকাৰী, বিস্ময় বালক কৌটিল্য পণ্ডিত উপস্থিত। শিক্ষানুষ্ঠান খনৰ অষ্টম বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে আয়োজন কৰা ‘তেজ’মায়া-৩’-শীৰ্ষক বিশেষ অনুষ্ঠানত উপস্থিত থাকি প্ৰবল স্মৃতি শক্তিৰ অধিকাৰী কৌটিল্যই ছাত্ৰ ছাত্ৰী সকলৰ সৈতে মত বিনিময় কৰে। ডিব্ৰুগড়ৰ শিক্ষা ভেলী বিদ্যালয়ৰ ‘তেজ’মায়া’-৩ শীৰ্ষক অনুষ্ঠানত গুগল বয় খ্যাত কৌটিল্য পণ্ডিতৰ উপস্থিতিয়ে ছাত্ৰ ছাত্ৰী সকলক উৎফুল্লিত কৰে। শিক্ষাৰ্থীসকলৰ সৈতে বহু সময় ধৰি মত বিনিময় কৌটিল্য পণ্ডিতৰ। শিক্ষক-শিক্ষাৰ্থীৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ দিলে গুগল বয়ে। সমাজ অৰ্থনীতিৰ পৰা বিশ্বৰ ৰাজনৈতিক পৰিস্থিতি সন্দৰ্ভত ব্যাখ্যা আগবঢ়ালে কৌটিল্য পণ্ডিতে। কথাৰ মাজতে তেওঁ ক’লে ডিব্ৰুগড়ৰ পৰিৱেশৰ কথা। ডিব্ৰুগড়ৰ জলবায়ু, তথা সেউজীয়া চাহ গছৰ মাজে মাজে থকা গছ-গছনিয়ে তেওঁক মোহাচ্ছন্ন কৰাৰ কথা ক’লে কৌটিল্য পণ্ডিতে। ছাত্ৰ-ছাত্ৰীক উদ্দেশ্যি তাৎপৰ্যপূৰ্ণ মন্তব্য গুগল বয়ৰ। পৰীক্ষাৰ নম্বৰে শিক্ষাৰ্থীৰ ভৱিষ্যত নিৰ্ণয় নকৰে বুলি উল্লেখ কৰি ভৱিষ্যত গঢ়িবলৈ হ’লে জ্ঞান অৰ্জনতহে গুৰুত্ব দিবলৈ আহ্বান জনাইছে কৌটিল্যই। বিস্ময়কৰ মেধা সম্পন্ন যুৱক জনে লগতে জীৱনত কঠোৰ শ্ৰম, একাগ্ৰতা আৰু ধৈৰ্য নহ’লে লক্ষ্যত উপনীত হ’ব নোৱাৰে বুলি ছাত্ৰ ছাত্ৰী সকলক উদ্দেশ্য কৰি কয়,লগতে যিকোনো এটা বিষয় খৰচী মাৰি শিকিবলৈ হ’লে বিষয়বস্তুটোৰ ভিতৰত আগ্ৰহেৰে সোমাই গ’লে নিশ্চয়কৈ বিষয়বস্তুটোৰ সন্দৰ্ভত খৰচী মাৰি শিকিব পাৰি। কৌটিল্যই ৰাজনীতি পৰা ক্ৰীড়ালৈকে, বিজ্ঞানৰ পৰা বুৰঞ্জীলৈকে বিভিন্ন বিষয়ৰ সন্দৰ্ভত বিভিন্ন তথ্য সহ বক্তব্য আৰু প্ৰশ্নৰ উত্তৰ দিয়ে। উল্লেখযোগ্য যে হাৰিয়ানাৰ সতীশ শৰ্মাৰ পুত্ৰ কৌটিল্যই মাত্ৰ পাঁচ বছৰ বয়সতে ৰাজনীতি, ভূগোলকে ধৰি সকলো বিষয়তে অবিশ্বাস্য দক্ষতা অর্জন কৰি সমগ্ৰ দেশত চৰ্চা লাভ কৰাৰ লগতে তেওঁৰ মেধাৰ দক্ষতা বিভিন্ন ৰাষ্ট্ৰীয় টেলিভিশ্যন যোগে ভাইৰেল হৈছিল।আজিৰ অনুষ্ঠানতে শিক্ষানুষ্ঠান খনৰ ছাত্ৰ ছাত্ৰী সকলৰ দ্বাৰা বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত হয়। উল্লেখযোগ্য যে, ডিব্ৰুগড় খনিকৰত বিশিষ্ট সমাজকৰ্মী তথা উদ্যোগপতি পুলিন চন্দ্ৰ গগৈৰ নিজা প্ৰচেষ্টাৰে তিনি বছৰ পূৰ্বে প্ৰতিষ্ঠা লাভ কৰা শিক্ষানুষ্ঠানখনে শেহতীয়াকৈ চি বি এছ ই হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত উল্লেখযোগ্য ফলাফল লাভ কৰিবলৈ সক্ষম হোৱা লগতে ক্ৰীড়া ক্ষেত্ৰতো ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে। এই অনুষ্ঠানত শিক্ষানুষ্ঠান খনৰ পৰিচালন সঞ্চালক পুলিন চন্দ্ৰ গগৈ, উপ পৰিচালন সঞ্চালক হেমন্ত কুমাৰ গগৈ, সঞ্চালক এচ পি সুৰেশ সহ শিক্ষানুষ্ঠান খনৰ অধ্যক্ষ,শিক্ষক- শিক্ষয়িত্ৰী লগতে অভিভাৱক- শুভাকাংক্ষী, ছাত্ৰ ছাত্ৰী সকল উপস্থিত থাকে।