ডিব্ৰুগড়ৰ লেপেটকটাৰ গ্ৰীণ আসাম টি ইণ্ডাষ্ট্ৰি লিমিটেডৰ বিনামূলীয়া চিকিৎসা শিবিৰ আৰু বৃক্ষৰোপণ কাৰ্যসূচী

ডিব্ৰুগড়ৰ লেপেটকটাৰ গ্ৰীণ আসাম টি ইণ্ডাষ্ট্ৰি লিমিটেডৰ বিনামূলীয়া চিকিৎসা শিবিৰ আৰু বৃক্ষৰোপণ কাৰ্যসূচী 
এম হাছিম  আলী, ডিব্ৰুগড়, ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড় জিলাৰ বৰবৰুৱাৰ লেপেটকটাৰ গ্ৰীণ আসাম টি প্ৰা: লিমিটেডৰ উদ্যোগত আৰু শিৱসাগৰ ৰজাবাৰী মাল্টি স্পেচিয়েলটি হস্পিটেলৰ সহযোগত বিনামূলীয়া চিকিৎসা সেৱা শিবিৰৰ লগতে বৃক্ষৰোপণ কাৰ্যসূচী  ৰূপায়ন কৰা হয়। গ্ৰীণ আসাম টি ফেক্টৰী মেনেজাৰ দেৱজিৎ কালোৱাৰে চিকিৎসা শিবিৰ সম্পৰ্কে আতঁধৰি চাহ শ্ৰমিক সকলৰ স্বাস্থ্য সুস্থ কৰি ৰখা আৰু স্বাস্থ্য সুৰক্ষিত কৰি ৰাখিবলৈ চিকিৎসা সেৱা গ্ৰহণৰ জৰিয়তে সচেতন তথা সজাগতা অৱলম্বন কৰাৰ সন্দৰ্ভত গুৰুত্ব আৰোপ কৰে লগতে সহযোগী ফেক্টৰী মেনেজাৰ হৰ্ষ ৰ্শমা উপস্থিত থাকে। । চিকিৎসা শিবিৰত শিৱসাগৰ ৰজাবাৰী মাল্টি স্পেচিয়েলটি হস্পিটেলৰ চকু বিশেষজ্ঞ ডা০ কংকনা গগৈসহ পাচ জনীয়া চিকিৎসকে বিনামূলীয়া চকু পৰীক্ষা, স্বাস্থ্য পৰীক্ষা কৰাৰ উপৰিও চিকিৎসা সেৱা আগবঢ়ায়। চিকিৎসা শিবিৰত চাহ শ্ৰমিক সকলক বিনামূলীয়াকৈ চিকিৎসা সেৱা প্ৰদান কৰাৰ লগতে ঔষধ বিতৰণ কৰা হয় বুলি উদ্যোক্তা সকলে জানিবলৈ দিছে । বিনামূলীয়া চিকিৎসা শিবিৰত গ্ৰীণ আসাম টি কোম্পানী প্ৰা লিমিটেডৰ সঞ্চালক নিৰজ গোয়েঙ্কা আৰু মুখ্য পৰিচালক প্ৰশান্ত শৰ্মা উপস্থিত থাকে। উল্লেখযোগ্য যে এই চিকিৎসা শিবিৰৰ কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি গ্ৰীণ আসাম টি কোম্পানী প্ৰা: লিমিটেডৰ উদ্যোগত বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ন কৰে। চিকিৎসা শিবিৰত মুখ্য অতিথি হিচাপে অসম চাহ জনজাতি ক্ৰীড়া আৰু সাংস্কৃতিক সন্থাৰ সম্পাদক ৰাজেশ বদন নায়ক গ্ৰীণ আসাম টি কোম্পানী প্ৰা: লিমিটেড আৰু শিৱসাগৰ ৰজাবাৰী মাল্টি স্পেচিয়েলটি হস্পিটেলে বিনামূলীয়াকৈ আগবঢ়োৱা চিকিৎসা সেৱা তথা বৃক্ষৰোপণ কৰা কাৰ্যসূচীৰ প্ৰতি অভিনন্দন জ্ঞাপন কৰে । অনুষ্ঠানত অসম চাহ জনগোষ্ঠী ক্ৰীড়া আৰু সাংস্কৃতিক সন্থাৰ সহকাৰী সম্পাদক চণ্টু মাহালিয়ে অংশগ্ৰহণ কৰে। এই চিকিৎসা শিবিৰত মুখ্য অতিথি আৰু উদ্যোক্তাকে ধৰি উপস্থিত বৰবৰুৱা প্ৰেছ ক্লাবৰ সম্পাদক মহানন্দ দত্ত প্ৰমুখ্যে সকলোকে সম্বৰ্ধনা জ্ঞাপন কৰে।