ডিব্ৰুগড়ৰ লেজাইত বনৰীয়া ম’হৰ আতংকত ৰাইজ অতিষ্ঠ

ডিব্ৰুগড়ৰ লেজাইত বনৰীয়া ম’হৰ আতংকত ৰাইজ অতিষ্ঠ

এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড় জিলাৰ পশ্চিম ৰাজহ চক্ৰৰ অন্তগৰ্ত লৰুৱা মৌজাৰ বৃহত্তৰ লেজাই-কলাখোৱা অঞ্চলৰ বহুকেইখন গাঁৱত “মেডেলা সংৰক্ষিত বনাঞ্চল”ৰ পৰা জনাঞ্চললৈ বানপানী বা খাদ্যৰ সন্ধানত ওলাই অহা এটা প্ৰকাণ্ড বনৰীয়া ম’হে অঞ্চলটোত এক আতংকময় পৰিস্থিতিৰ সৃষ্টি কৰে। এতিয়াও এফালে বান আনফালে বনৰীয়া ম’হৰ তাণ্ডৱত দিন কটাব লগীয়া হৈছে স্থানীয় ৰাইজ। যোৱা চাৰি -পাচঁদিনৰ আগৰপৰা এই ম’হটোয়ে কৃষক সকলৰ খেতি পথাৰত সোমাই বহুখিনি খেতিৰ ক্ষতিসাধন কৰি আহিছে যদিও বন বিভাগৰ ফালৰ পৰা ম’হটো খেদি পঠিয়াবলৈ সক্ষম হোৱা নাই। কেইজনমান বনকৰ্মী উপস্থিত হৈ ব্লেংঙ্ক ফায়াৰ কৰি এই প্ৰকাণ্ড বেৰীয়া ম’হটো খেদিবলৈ চেষ্টা কৰি আছে বুলি স্থানীয় ৰাইজে অভিযোগ কৰিছে। অঞ্চলবাসী ৰাইজে বনবিভাগক অনুৰোধ জনাইছে যাতে জন -ধন ক্ষতি নোহোৱাৰ আগতেই বিজ্ঞান সন্মত ভাবে বনৰীয়া ম’হটো বনাঞ্চলৈ খেদি পঠিয়াই ৰাইজক সকাহ দিয়ে।