ডিব্ৰুগড়ৰ লাহোৱাল বকুল মাজগাঁওত মহাপুৰুষ শ্ৰীশ্ৰী অনিৰুদ্ধদেৱৰ ৩৯৮ সংখ্যক তিৰোভাৱ তিথি উদযাপন

ডিব্ৰুগড়ৰ লাহোৱাল বকুল মাজগাঁওত মহাপুৰুষ শ্ৰীশ্ৰী অনিৰুদ্ধদেৱৰ ৩৯৮ সংখ্যক তিৰোভাৱ তিথি উদযাপন:তিনি বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা
এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- বৰ্ণাঢ্য এদিনীয়া কাৰ্যসূচীৰে ৯ জানুৱাৰী তাৰিখে ডিব্ৰুগড়ৰ উপকন্ঠ অঞ্চল  বকুল মাজ গাঁৱৰ শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ কলাক্ষেত্ৰ বৰনামঘৰৰ প্ৰাঙ্গণত মায়ামৰা সমাজৰ আদিগুৰু শ্ৰী শ্ৰী অনিৰুদ্ধদেৱৰ ৩৯৮ সংখ্যক তিৰোভাৱ তিথি উদযাপন কৰা হয়। এই উপলক্ষে পুৱাভাগত কাঠগাঁৱৰ  অঞ্চলৰ পৰা অঞ্চলটোৰ ভক্তপ্ৰাণ ৰাইজৰ  সহযোগত মায়ামৰা সমাজৰ প্ৰচলিত গায়ন – বায়নেৰে ধৰ্মীয় শুভাযাত্ৰা বাহিৰ কৰা হয়। এই শুভাযাত্ৰা আনুষ্ঠানিকভাৱে মুকলি কৰে উজনি অসমৰ আগশাৰীৰ শ্ৰী শ্ৰী মায়ামৰা মদাৰখাত সত্ৰৰ ডেকা তথা সংস্কৃতি সাধক পাৰ্থপ্ৰতিম গোস্বামীয়ে। উদ্বোধনী ভাষণত সংস্কৃতি সাধকগৰাকীয়ে কয় যে ১৫৫৩ চনত জন্মগ্ৰহণ কৰা মায়ামৰা সমাজৰ আদিগুৰু শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ  অসমৰ  ভক্তি আন্দোলনৰ অন্যতম এজন মহাপুৰুষ আছিল। মহাপুৰুষ শংকৰদেৱ, মাধৱদেৱ, আৰু গোপালদেৱৰ পিছতেই এইগৰাকী মায়ামৰা সমাজৰ আদিগুৰুয়ে অসমৰ সমাজ ব্যৱস্থাত সংস্কৃতি আমূল পৰিৱৰ্তন ঘটাই ৰাগৰ আধাৰত গীত – মাত ৰচনা কৰা লগতে কেইবাখনো উল্লেখযোগ্য ধৰ্মীয় পুথি ৰচনা কৰিছিল। আৰু যি অমূল্য ৰচনাই বৰ্তমান মায়ামৰা সমাজৰ ভক্তসকলক এক নতুন গতিশীলতা প্ৰদান কৰিছে। ধৰ্মীয় গায়ন – বায়ন সমাপ্ত হোৱাৰ পিছতেই বৰনামঘৰত লাহোৱালৰ কেইবাখনো গাঁও ভক্তসকলৰ উপস্থিতিত ভাগৱত পাঠৰ জৰিয়তে তিথিভাগি আৰম্ভ কৰা হয়। ভাগৱত পাঠৰ অন্ত পৰা পিছতেই পিছতেই স্থানীয় গায়ন – বায়নৰ শিল্পীসকলে মহাপুৰুষজনাৰ অমৰ সৃষ্টি মাহুৰৰ গীতজনাৰ পৰিৱেশন কৰা হয়। অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি শ্ৰীশ্ৰী অনিৰুদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক পংকজ বৰঠাকুৰে কয় যে ভাৰতবৰ্ষৰ বা বিশ্বত বৰ্তমান যিমানবিলাক একতা মূৰ্তি বা ষ্টেচু অৱ ইউনিটি আছে। সেইবিলাকৰ ভিতৰত অসমত চাৰিশ বছৰৰ আগতে  মহাপুৰুষ অনিৰুদ্ধদেৱৰ পৰৱৰ্তী সময়ৰ ধৰ্মীয় গুৰু অষ্টভূজৰ দিনত যোৰহাটৰ মালৌপথাৰত স্থাপন হোৱা বৰভেটি একতা অন্যতম উচ্চ নিদৰ্শন।যি মায়ামৰা সমাজৰ বাবেই নহয় দেশৰ বাবে ই এক মহৎ অনুষ্ঠান। মায়ামৰা বুলি কলে  কেৱল মটক বা মৰাণকে নুবুজায়। ই এটি বিশ্বাস। যি বিশ্বাসৰ বাবে মহাপুৰুষ অনিৰূদ্ধই জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোকে এক কৰিব পাৰিছিল।যিখন সমাজ পৃথিবীত হয়তো দ্বিতীয় এখন বিচাৰি পাবলৈ নাই। এনে সমাজ অসমত অন্যান্য আৰু অদ্বিতীয়। তেখেতে নিজৰ ভাষণত কয় যে আজিৰ পৰা প্ৰায় তিনিশ বছৰ পূৰ্বে এই গৰাকী মহাপুৰুষে একতাৰ শক্তি বিষয়ে উপলব্ধি কৰাৰ লগতে এখন শক্তিশালী সমাজ গঠন কৰি বিশ্বৰ ভিতৰতে এক বিৰল প্ৰতিভাৰ পৰিচয় দিবলৈ সক্ষম হৈছিল যি বৰ্তমান তেনে আদৰ্শ সমগ্র দেশতে প্ৰযোজ্য হোৱা দেখিবলৈ পোৱা গৈছে বুলি নিজৰ ভাষণত উল্লেখ কৰে।  মুখ্য অতিথিৰ ভাষণৰ পিছতেই  বৰনামঘৰৰ প্ৰাঙ্গণত সম্বৰ্ধনা অনুষ্ঠানটি সম্পন্ন কৰা হয়। ডিব্ৰুগড়ৰ শিক্ষা, সমাজ, আৰু সংস্কৃতি ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানৰ বাবে তিনিগৰাকী বিশিষ্ট ব্যক্তি শ্ৰীশ্ৰী অনিৰুদ্ধদেৱ তিথি পৰিচালনা সমিতিৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়।  নতুন ভৰালী গাঁৱৰ বিশিষ্ট সমাজসেৱক তথা বৰগাঁওবুঢ়া পুস্প গোঁহাই, বকুল মাজ গাঁৱৰ বিশিষ্ট শিক্ষাবিদ, বৰগাঁওবুঢ়া গোলাপ চন্দ্ৰ হাজৰিকা আৰু নতুন বচাপথাৰ গাঁৱৰ নিপুন কুটিৰ শিল্পী তথা গাঁওবুঢ়া আদেম চেতিয়াক পৰিচালনা সমিতিৰ তৰফৰ পৰা চেলেং, মটকৰ গামোচা আৰু মানপত্ৰৰে সম্বৰ্ধনা জনোৱা হয়। শ্ৰীশ্ৰী অনিৰুদ্ধদেৱ তিথি পৰিচালনা সমিতিৰ সম্পাদক ৰঞ্জন হাজৰিকাই আঁতধৰা অনুষ্ঠানত শ্ৰীশ্ৰী মায়ামৰা মদাৰখাত সত্ৰৰ ডেকা প্ৰাৰ্থপ্ৰতীম গোস্বামী, শ্ৰীশ্ৰী অনিৰুদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক পংকজ বৰঠাকুৰ, ডিব্ৰুগড়ৰ জ্যেষ্ঠ সাংবাদিক যাদৱ গগৈ, মুক্তামণি হাজৰিকা, শ্ৰীশ্ৰী অনিৰুদ্ধদেৱ কলাক্ষেত্ৰ সভাপতি থানুৰাম ফুকন, শ্ৰীশ্ৰী অনিৰুদ্ধদেৱ তিথি পৰিচালনা সমিতিৰ  সভাপতি তাৰিণী চেতিয়া,  কাৰ্যকৰী সভাপতি লাচিত হাজৰিকা, উপ-সভাপতি সঞ্জীৱ হাজৰিকা, উৎপল হাজৰিকা, যুটীয়া সম্পাদক গহীন দত্ত,সহকাৰী সম্পাদক নিলোৎপল গগৈ, জিতুজিৎ কোঁৱৰ,মনোজ হাজৰিকা, দেৱজিৎ হাজৰিকা, কোষাধ্যক্ষ ত্ৰৈলোক্য হাজৰিকাকে ধৰি কেইবাগৰাকী পৰিচালনা সমিতিৰ বিষয়-ববীয়াসকলৰ উপস্থিতিত তিনি বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনোৱা হয়। একে অনুষ্ঠানতে ২০ জন মায়ামৰা ধৰ্মীয় সমাজৰ আগশাৰী ভকত বৈষ্ণব আৰু  ৭ গৰাকী আইমাতৃক অনুষ্ঠানৰ তৰফৰ পৰা মটক জনগোষ্ঠীৰ গামোচাৰে সম্ভাষণ জনোৱা হয়। সম্বৰ্ধনা অনুষ্ঠানৰ পিছতেই প্ৰসাদ বিতৰণ  কৰা লগতে অনুষ্ঠানটি সামৰণি পৰে। এই অনুষ্ঠানত চাবুৱা,মদাৰখাত, লেঙেৰী, ৰমাই, পাত্ৰ গাঁও, মেলেঙীয়াল, মোহনবাৰী, বকপৰা, কুচিয়াখানা, তিতাডিমৰু, লাহোৱাল, ৰজাখাত, নতুন ভৰালী, বচাপথাৰ আদিকে ধৰি ২০খনৰো অধিক গাঁৱৰ ভক্তপ্ৰাণ ৰাইজে অংশগ্ৰহণ কৰে।  অনুষ্ঠানৰ অন্ত পৰা পিছতেই মায়ামৰা সমাজৰ প্ৰতি ঘৰতেই সন্ধিয়াৰ চাকি – বন্তি জ্বলোৱা হয়।