ডিব্ৰুগড়ৰ লাহোৱালত বিশ্ব প্ৰেছ দিৱস উদযাপন

ডিব্ৰুগড়ৰ লাহোৱালত বিশ্ব প্ৰেছ দিৱস উদযাপন

এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- “সাংবাদিকৰ দ্বায়িত্ব আমি কেনেকৈ পালন কৰিম সেইয়া অতি গুৰুত্বপূৰ্ণ কথা- সাংবাদিক সকলে নিজকে পৰীক্ষা কৰিব লাগিব- বৰ্তমান সময়ত গুগল মেপে যেনেকৈ সঠিক দিক্ নিৰ্ণায়কৰ ভূমিকা লয় ,ঠিক তেনেকৈ আজিৰ সাংবাদিক সকলেও সত্য,সঠিক তথ্যৰে শুদ্ধ দিশলৈ সমাজখন লৈ যাব লাগিব আৰু ত্যাগ কৰিব পাৰিব লাগিব সঠিক তথ্য দিবলৈ- সমাজখন পোহৰ কৰাৰ মাধ্যম সাংবাদিকৰ ওপৰত, সাংবাদিক সমাজৰ আইনাস্বৰূপ”-এই বক্তব্য ডিব্ৰুগড় কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ, কৰ্মসূৰ্য ড° শশীকান্ত শইকীয়াৰ। ডিব্ৰুগড়ৰ লাহোৱাল প্ৰেছ ক্লাবৰ উদ্যোগত , বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাব আৰু ডিব্ৰুগড় জিলা সাংবাদিক সন্থাৰ উদ্যোগত দেওবাৰে বিশ্ব প্ৰেছ দিৱস উপলক্ষে লাহোৱাল অঞ্চলৰ তেলীয়াপট্টিৰ চেঁচা নৈৰ মনোমোহা পৰিৱেশৰ মাজত আড়ম্বৰপূৰ্ণ অনুষ্ঠানটি মুকলি সভাত নিদ্দিষ্ট বক্তাৰূপে অংশ গ্ৰহণ কৰি সাংবাদিক সকলৰ কৰ্তব্য আৰু ত্যাগৰ কথা উল্লেখ কৰে ড০ শইকীয়াই। দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা প্ৰেছ দিৱসৰ কাৰ্যসূচী অনুসৰি পুৱা ৭-০০ বজাত পৰিৱেশ নিকাকৰণ, ৯-০০ বজাত বৃক্ষৰোপণ, ১০-০০ বজাত আৰ্থিকভাৱে দুৰ্বলজনৰ মাজত খাদ্য সামগ্ৰী বিতৰণ, ১১-০০ বজাত অনুষ্ঠিত হয় আলোচনা চক্ৰ। আলোচনা চক্ৰৰ বিষয়। “সাংবাদিকতাৰ নীতি, প্ৰত্যাহ্বান, জনপ্ৰতিনিধিৰ তৰল মন্তব্য আৰু ভৱিষ্যৎ সম্পৰ্কে এক মুক্ত আলোচনা”। বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ সম্পাদক ৰাতুল বুঢ়াগোহাঁইয়ে আঁতধৰা অনুষ্ঠানত উদ্দেশ্য ব্যাখ্যা কৰে লাহোৱাল প্ৰেছ ক্লাবৰ সম্পাদক দিবাকৰ দত্তই। সভাৰ আৰম্ভনিতে অসমৰ হিয়াৰ আমঠু, সাংস্কৃতি জগতৰ নক্ষত্ৰ, জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জনায় ডিব্ৰুগড় জিলা সাংবাদিক সন্থাৰ সভাপতি তথা জ্যেষ্ঠ সাংবাদিক বিপিন শৰ্মাৰ লগতে মাল্যাঅৰ্পন কৰে বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাৱৰ সভাপতি, অসম আদিত্য কাকতৰ সম্পাদক মনজিৎ বৰা,লাহোৱাল প্ৰেছ ক্লাৱৰ সভাপতি হোমেন ফুকনে। মুকলি সভা শুভ উদ্বোধন কৰে বৰবৰুৱা প্ৰেছ ক্লাৱৰ সভাপতি জ্যেষ্ঠ সাংবাদিক মনোৰঞ্জন হাজৰিকাই। লাহোৱাল প্ৰেছ ক্লাবৰ সভাপতি হোমেন ফুকনে আদৰণী ভাষণ আগবঢ়োৱা পাছতেই সভাত উপস্থিত থকা জ্যেষ্ঠ সাংবাদিক তথা ডিব্ৰুগড় জিলা সাংবাদিক সন্থাৰ সভাপতি বিপিন শৰ্মা, বৃহত্তৰ ডিব্ৰুগড় প্ৰেছৰ ক্লাবৰ সভাপতি মনজিৎ বৰা, বিভাস দুৱৰা, মটক যুৱ ছাত্ৰ সন্থাৰ উপ-সভাপতি অজয় গগৈ, সমাজ কৰ্মী তথা এছ কে এছ ইংলিচ একাডেমীৰ স্বত্বাধিকাৰী দয়ানন্দ শ্বাহ, লাহোৱাল প্ৰেছ ক্লাবৰ প্ৰাক্তন সভাপতি কনৌজ শইকীয়া, ৰশ্মিৰেখা সাউদ কলিতা আদিয়ে নিৰ্ধাৰিত বিষয়ত বক্তব্য ৰাখে। অনুষ্ঠানত ভাষণ প্ৰসংগত জ্যেষ্ঠ সাংবাদিক মনজিৎ বৰাই কয়, ” আমাক সাংবিধানিক স্বীকৃতিৰ প্ৰয়োজন নাই, কৰ্মই ধৰ্ম বুলি মানিব লাগিব। সাংবাদ ক্ষেত্রখন চৰকাৰৰ ওপৰত নিৰ্ভৰনহৈ ৰাইজৰ ওপৰত নিৰ্ভৰ হ’ব পাৰিব লাগিব। সাংবাদিক সকলে প্ৰশ্নবোধক চিন কাৰোপৰা নহাকৈ কাম কৰিব পাৰিব লাগিব। সমাজক আগুৱাই নিবলৈ শুদ্ধ পথ দিব জানিব লাগিব। সমাজৰ বিভিন্ন ঠাইত যেতিয়া সন্মুখৰ আসনখন সাংবাদিকক দিয়া হয়,তাৰ মৰ্যাদা ৰাখিবলৈ সাংবাদিক সকললৈ তেওঁ আহ্বান জনায়। আনহাতে বিশ্ব প্ৰেছ দিৱসৰ লগত সংগতিৰাখি ডিব্ৰুগড়ৰ জ্যেষ্ঠ সাংবাদিক বিভাস দুৱৰাক বিশেষ ভাৱে সম্বৰ্ধনা জনোৱা হয়। উল্লেখ্য যে, বিভাস দুৱৰাই বিগত তিনি দশক ধৰি নিষ্ঠা আৰু সততাৰে সংবাদ ক্ষেত্রখনলৈ নিৰৱচ্ছিন্নভাবে অৱদান আগবঢ়াই আহিছে। আজিৰ অনুষ্ঠানত বৃহত্তৰ ডিব্ৰুগড় প্ৰেছক্লাৱৰ লগতে লাহোৱাল প্ৰেছ ক্লাবৰ সমূহ বিষয়ববীয়া, সদস্য উপস্থিত থকাৰ লগতে চাবুৱা প্ৰেছ ক্লাবৰ সম্পাদক বিশ্বজিৎ ফুকন, চাবুৱা প্ৰেছ গিল্ডৰ সম্পাদক পুস্তক ফুকন, টিংখং প্ৰেছ ক্লাবৰ সম্পাদক কৃষ্ণ গগৈ প্ৰমুখ্যে শতাধিক সাংবাদিক তথা সংবাদকৰ্মীৰ লগতে স্থানীয় ৰাইজৰ উপস্থিতি উল্লেখনীয়।