ডিব্ৰুগড়ৰ মৰাণত দেশৰ প্ৰধানমন্ত্ৰীয়ে ১৪ ফেব্ৰুৱাৰীত ৰাষ্ট্ৰীয় ঘাইপথত যুঁজাৰু বিমানেৰে অৱতৰণ কৰিব

ডিব্ৰুগড়ৰ মৰাণত দেশৰ প্ৰধানমন্ত্ৰীয়ে ১৪ ফেব্ৰুৱাৰীত ৰাষ্ট্ৰীয় ঘাইপথত যুঁজাৰু বিমানেৰে অৱতৰণ কৰিব ::চুখয় আৰু ৰাফেলৰ দৰে ১৬ খন যুঁজাৰু বিমানে অংশ গ্ৰহণ কৰিব

এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- উত্তৰ-পূৰ্বাঞ্চলৰ যোগাযোগ আৰু প্ৰতিৰক্ষা ক্ষেত্ৰত এক ঐতিহাসিক অধ্যায়ৰ সূচনা কৰি ১৪ ফেব্ৰুৱাৰীত ডিব্ৰুগড়ৰ মৰাণত উপস্থিত হ’ব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। মৰাণত ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত নিৰ্মাণ কৰা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমটো জৰুৰীকালীন অৱতৰণ ফিল্ড উদ্বোধন কৰিবলৈ প্ৰধানমন্ত্ৰী গৰাকীৰ এই ভ্ৰমণক লৈ এতিয়া সমগ্ৰ ৰাজ্যতে ব্যাপক উছাহ উদ্দীপনা পৰিলক্ষিত হৈছে। ১২-২-২৬ তাৰিখে ডিব্ৰুগড় জিলা বিজেপিৰ কাৰ্যালয়ত অনুষ্ঠিত ক্ষেত্ৰীয় সংবাদ কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰি এই সন্দৰ্ভত বিতং তথ্য দাঙি ধৰে অসম প্ৰদেশ বিজেপিৰ মেডিয়া পেনেলিষ্ট নবীন কেওঁট আৰু সংবাদ মাধ্যম কোষৰ ৰাজ্যিক সহঃ আহ্বায়ক বিষ্ণু কোঁচে। তেওঁলোকে কয় যে ১৪ ফেব্ৰুৱাৰীৰ পুৱা ৭.১৫ বজাত দিল্লীৰ পৰা উৰা মাৰি প্ৰধানমন্ত্ৰীগৰাকী ৯.৫০ বজাত চাবুৱাত অৱতৰণ কৰিব আৰু ১০ বজাত এখন যুঁজাৰু বিমানেৰে মৰাণ অভিমুখে যাত্ৰা কৰিব। মৰাণৰ ৰাষ্ট্ৰীয় ঘাইপথত নিৰ্মিত অত্যাধুনিক অৱতৰণ ফিল্ডত তেওঁ ভাৰতীয় বায়ু সেনাৰদ্বাৰা আয়োজিত প্ৰায় আধা ঘণ্টা সময়ৰ এক বিশেষ এয়াৰ শ্ব’ উপভোগ কৰিব। এই প্ৰদৰ্শনীত চুখয় আৰু ৰাফেলৰ দৰে ১৬ খনকৈ অত্যাধুনিক যুঁজাৰু বিমানে অংশগ্ৰহণ কৰিব, যাৰ ভিতৰত কিছুমান বিমানে ঘাইপথৰ লেণ্ডিং ফিল্ডত অৱতৰণ কৰাৰ বিপৰীতে আন কিছুমানে আকাশত চমকপ্ৰদ কলা-কৌশল প্ৰদৰ্শন কৰিব। বিজেপি নেতৃত্বই কয় যে এসময়ত কংগ্ৰেছৰ শাসনকালত অসমৰ ৰাষ্ট্ৰীয় ঘাইপথৰ যি দুৰৱস্থা আছিল, বৰ্তমানৰ চৰকাৰৰ দিনত সেই পথত যুঁজাৰু বিমান অৱতৰণ কৰিব পৰা স্থিতি হোৱাটো সমগ্ৰ অসমবাসীৰ বাবে এক গৌৰৱৰ বিষয়। প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত উত্তৰ-পূৰ্বাঞ্চলত হোৱা দ্ৰুত উন্নয়নৰ খতিয়ান দাঙি ধৰি সংবাদমেলত বিজেপি নেতৃদ্বয়ে চাহ বাগিচা অঞ্চলসমূহৰ যাতায়াতৰ ব্যৱস্থা উন্নত হৈছে, শিক্ষাৰ বাবে মডেল স্কুল হৈছে, প্রাথমিক বিদ্যালয়ত চৰকাৰৰ তৰফৰ পৰা টেট উত্তীর্ণ শিক্ষক নিযুক্তি দিয়া হৈছে, এম্বুলেঞ্চ সেৱা উন্নত হৈছে, ২০০শ বছৰ লাইনৰ কোৱাটাৰত বসবাস কৰা চাহ শ্রমিক লোকসকলক ভূমিৰ পট্টা প্ৰদানৰ কাম আৰম্ভ হৈছে, চৰকাৰী চাকৰিত ৩% সংৰক্ষণৰ ব্যৱস্থা হৈছে, যাৰ দ্বাৰা এতিয়ালৈকে প্রায় ১০০০ৰো অধিক চাহ জনজাতি আদিবাসী যুৱক-যুৱতীয়ে নিযুক্তি লাভ কৰিছে, প্রসূতি মাতৃসকলে পূৰ্বৰ প্ৰসূতি ছুটি ৩ মাহৰ পৰিৱৰ্তে ৬ মাহ লাভ কৰিছে, পুষ্টিকৰ খাদ্যৰ বাবে ১২,০০০ টকাকৈ লাভ কৰিছে, জন ধন যোজনাৰ অধীনত চাহ শ্রমিক সকলৰ বেংকত একাউন্ট খোলাৰ লগতে ৫,০০০ কৈ এককালীন সাহায্য আৰু বর্তমান চাহ উদ্যোগৰ ২০০শ বছৰীয়া জয়ন্তী উপলক্ষে চাহ শ্রমিকসকলে চাহ উদ্যোগত আগবঢ়োৱা অৰিহনা হিচাপে প্রত্যেক চাহ শ্রমিকে ‘এটি কলি দুটি পাত’ আচঁনিৰ জৰিয়তে ৫,০০০ টকাকৈ এককালীন সাহায্য লাভ কৰিছে বুলি তেওঁলোকে ব্যক্ত কৰে। আনহাতে, তেওঁলোকে উল্লেখ কৰে যে ১৮ ফেব্ৰুৱাৰীৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে ডিব্ৰুগড় আৰু তিনিচুকীয়া ভ্ৰমণ কৰিব ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সভাপতি নীতিন নবীনে। তেওঁ ১৮ ফেব্ৰুৱাৰীত ডিব্ৰুগড় বিমানবন্দৰৰ পৰা পোনপটীয়াকৈ মানকটা চাহ বাগিচাৰ খেলপথাৰত উপস্থিত হৈ এখন জনসভাত সম্বোধন কৰিব। এই সংবাদমেলত অসম প্ৰদেশ বিজেপিৰ মেডিয়া পেনেলিষ্ট নবীন কেওঁট আৰু সংবাদ মাধ্যম কোষৰ ৰাজ্যিক সহঃ আহ্বায়ক বিষ্ণু কোঁচৰ লগতে ডিব্ৰুগড় সংবাদ মাধ্যম বিভাগৰ সহঃ আহ্বায়ক ভাস্কৰ জেচি বৰা উপস্থিত থাকে।