ডিব্ৰুগড়ৰ মৰাণত টাই আহোম যুৱ পৰিষদ (টাইপা) কেন্দ্ৰীয় সমিতিৰ সংবাদমেল 

ডিব্ৰুগড়ৰ মৰাণত টাই আহোম যুৱ পৰিষদ (টাইপা) কেন্দ্ৰীয় সমিতিৰ সংবাদমেল 

এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰাকমূহুৰ্তত বিজেপি চৰকাৰৰ বিৰুদ্ধে টাই আহোম যুৱ পৰিষদ চমুকৈ টাইপাৰ কাৰ্যসূচী ঘোষণা কৰে ইয়াৰ ভিতৰত জনজাতিকৰণ, স্বায়ত্তশাসন আৰু আহোমলেণ্ডৰ দাবীত অহা ৫ মাৰ্চত উজনি অসমৰ চাৰি ঠাইত পথ অৱৰোধ কৰিব টাইপাই । মৰাণত আজি সংবাদমেল যোগে ঘোষণা কৰিলে টাই আহোম যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি বিজয় ৰাজকোঁৱৰে ।তেওঁ কয় যে বিজেপি চৰকাৰে আহোম জাতিটোক বাৰে বাৰে প্ৰতাৰণা কৰি আহিছে। ২০১৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে অসম ভ্ৰমণৰ সময়ত কেন্দ্ৰত বিজেপি চৰকাৰ আহিলে টাই আহোমকে ধৰি ছয় জনগোষ্ঠীক ৬ মাহৰ ভিতৰত জনজাতিকৰণ কৰা হ’ব বুলি ঘোষনা কৰিছিল নৰেন্দ্ৰ মোডীয়ে । কিন্তু, আজিলৈকে কাৰ্যকৰী নহল সেই ঘোষণা । টাই আহোম জনগোষ্ঠীয়ে বিজেপি চৰকাৰৰ বিৰুদ্ধে, প্নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে আৰু হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ক্ষুন্ন হৈ পৰিছে । সেয়েহে ৫ মাৰ্চত পথ উজনি অসমৰ চাৰি ঠাইত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কাৰ্যসূচীৰে প্ৰতিবাদ সাব্যস্ত কৰিব টাইপাই । ইয়াৰ পিছটো নিৰ্বাচনৰ আগে আগে জনজাতিকৰন প্ৰদান নকৰিলে অসম বন্ধৰ দৰে কাৰ্যসূচী ৰূপায়ণ কৰিব বুলি টাইপাই সংবাদমেল যোগে ঘোষণা কৰে। তদুপৰি, নিৰ্বাচনৰ প্ৰাকমূহুৰ্তত নৰেন্দ্ৰ মোডী আৰু অমিত শ্বাহৰ অসম ভ্ৰমণ কাৰ্যসূচীত কলা পতাকা প্ৰদৰ্শন কৰি প্ৰতিবাদ সাব্যস্ত কৰিব বুলিও কয়। আনহাতে, বিজেপি চৰকাৰৰ আঁচনিত ভুল নগৈ বিজেপিক বৰ্জন কৰিবলৈ আহোম জনগোষ্ঠীক আহ্বান জনালে টাই আহোম যুৱ পৰিষদৰ সভাপতি বিজয় ৰাজকোঁৱৰে ।