ডিব্ৰুগড়ৰ মোহনবাৰী বিমান বন্দৰ সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ নামত নামাকৰণৰ আহ্বান

ডিব্ৰুগড়ৰ মোহনবাৰী বিমান বন্দৰ সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ নামত নামাকৰণৰ আহ্বান
এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- অসম-অৰুণাচল-নাগালেণ্ডকে ধৰি যোগাযোগৰ অন্যতম কেন্দ্রস্থল ডিব্ৰুগড়স্থ মোহনবাৰী বিমানঘাটি সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ নামত নামাকৰণৰ বাবে আজি( ৭-৫-২৫) ডিব্ৰুগড় হনুমানবক্স সূৰজমল কানৈ মহাবিদ্যালয় (স্বায়ত্বশাসিত) পৰিয়ালৰ তৰফৰ পৰা জিলা আয়ুক্তৰ যোগেদি মুখ্যমন্ত্রীলৈ অধ্যক্ষ ড° শশীকান্ত শইকীয়াই এক পত্র প্রেৰণ কৰিছে। এগৰাকী গায়ক, সুৰকাৰ, চলচ্চিত্র নির্মাতা আৰু সামাজিক কর্মী, যিগৰাকীৰ কৰ্মই ভাৰতবৰ্ষৰ লগতে সমগ্র বিশ্বক স্পর্শ কৰিছিল সেইগৰাকী মহান ব্যক্তিৰ নামত মোহনবাৰী বিমানঘাটি নামকৰণ কৰিবলৈ আহ্বান জনাইছে ডিব্ৰুগড় হনুমানবক্স সূৰজমল কানৈ মহাবিদ্যালয় পৰিয়ালে। সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ নামত মোহনবাৰী বিমান বন্দৰ নাম নামাকৰণ কৰিলে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় মঞ্চত তেখেতে আগবঢ়াই যোৱা অমূল্য অৱদানক সম্মান জনোৱ হ’ব আৰু তেওঁৰ স্মৃতি চিৰযুগমীয়া হৈ ৰ’ব লগতে ভৱিষ্যত প্রজন্মৰ বাবে এক অনুপ্ৰেৰণা হৈ থাকিব। মোহনবাৰী বিমানঘাটিৰ নাম সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ নামেৰে নামাকৰণ কৰিলে ইয়াৰ গাম্ভীর্যতা বৃদ্ধি হোৱাৰ লগতে শিল্পীগৰাকীৰ অৱদানক সন্মান জনোৱা হ’ব। এই সম্পর্কত কেবিনেট মন্ত্রী প্রশান্ত ফুকনকো অৱগত কৰিছে মহাবিদ্যালয় পৰিয়ালে।