ডিব্ৰুগড়ৰ বৰবৰুৱা সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনত দুটাকৈ আদৰ্শ অংগনৱাড়ী কেন্দ্ৰৰ উদ্বোধন বিধায়ক প্ৰশান্ত ফুকনৰ

ডিব্ৰুগড়ৰ বৰবৰুৱা সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনত দুটাকৈ আদৰ্শ অংগনৱাড়ী কেন্দ্ৰৰ উদ্বোধন বিধায়ক প্ৰশান্ত ফুকনৰ

এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা-  ডিব্রুগড়ৰ বৰবৰুৱা সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনত দুটাকৈ আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ ক্ৰমে- “সন্দিকৈ চুক আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ” আৰু “জামিৰা টি.ই আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ”ৰ আনুষ্ঠানিক ভাৱে আজি (২৪-৬-২৪) শুভ-উদ্বোধন কৰে ডিব্ৰুগড় বিধান সভা সমষ্টিৰ বিধায়ক প্ৰশান্ত ফুকনে। এই উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে ভাৰপ্ৰাপ্ত জিলা সমাজ কল্যাণ বিষয়া সুপ্ৰিয়া বাউলাৰী, বৰবৰুৱা শিশু উন্নয়ন প্ৰকল্পৰ প্ৰকল্প বিষয়া সুদৰ্শন শৰাই, বৰবৰুৱা উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া বিশ্বজিৎ দে, বৰবৰুৱা শিশু উন্নয়ন প্ৰকল্পৰ মুখ্য সেৱিকাসকল, অংগনৱাড়ী কেন্দ্রৰ কৰ্মকৰ্তা আৰু সহায়িকা প্ৰমুখ্যে স্থানীয় অন্যান্য বিশিষ্ট ব্যক্তিসকল তথা হিতাধিকাৰী সকল। আদৰ্শ অংগনৱাড়ী কেন্দ্ৰকেইটাই পোষণ অভিযানৰ লগত সংগতি ৰাখি শিশুসকলৰ শাৰীৰিক, মানসিক তথা বৌদ্ধিক বিকাশত যথেষ্ট বৰঙণি যোগাব, তদুপৰি পোষণ অভিযানৰ নিৰ্ধাৰিত সামগ্ৰিক বিকাশৰ লক্ষ্যত উপনিত হ’বলৈ সহজলভ্য কৰি তুলিব।