ডিব্ৰুগড়ৰ বৰবৰুৱা নিবাসী প্ৰাক্তন সংখ্যালঘু কোষৰ সভানেত্ৰী আলহাজিন লিলি বেগমৰ পৰলোক
এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড় জিলাৰ বৰবৰুৱা নিবাসী আলহাজিন লিলি বেগম কিছুদিন ধৰি অসুখত ভুগি যোৱা নিশা ৭৩ বছৰ বয়সত মৃত্যু হয়। ১৯৫১ চনত লেপেটকটাত জন্মগ্ৰহণ কৰা লিলি বেগম বৰবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পঢ়া শুনা কৰি সেই বিদ্যালয়খনতে কিছুদিন হিন্দী শিক্ষয়িত্ৰী হিচাপে চাকৰি কৰে। অসম সাহিত্য সভাৰ আজীৱন সদস্য, ডিব্ৰুগড় জিলা কংগ্ৰেছ কমিটিৰ সংখ্যালঘূ মহিলাকোষৰ অধ্যক্ষ, বৰবৰুৱা গাওঁৰক্ষী বাহিনীৰ সভানেত্ৰী, গাওঁ পঞ্চায়তৰ সভানেত্ৰী, ডিব্ৰুগড় জিলাৰ মুছলিম কল্যাণ পৰিষদৰ কাৰ্য্যকৰী সভানেত্ৰী, বৰবৰুৱা উপস্বাস্থ্য কেন্দ্ৰৰ কাৰ্য্যকৰী সদস্য আদি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত তেওঁ জড়িত হৈ আছিল। লিলি বেগমৰ মৃত্যুত ডিব্ৰুগড় চেন্টাৰ ফৰ ইছলামিক ষ্টাডিজৰ সভাপতি-সম্পাদক, ডিব্ৰুগড় জাতীয় ঐক্য পৰিষদৰ সভাপতি- সম্পাদক-উপদেষ্টা, ডিব্ৰুগড় জিলা জমিয়ত উলেমাৰ সভাপতি সম্পাদক আদিয়ে শোক প্ৰকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়ালক সমবেদনা জ্ঞাপন কৰে। মৃত্যুৰ সময়ত তেখেতে তিনি পুত্ৰ, দুই কন্যা, বোৱাৰী, জোৱাঁই আৰু নাতি-নাতিনীসহ পৰিয়ালৰ অনেক আত্মীয়ক ইহ সংসাৰত এৰি যায়। স্থানীয় বৰবৰুৱা কবৰস্থানত অনেক গুণমুগ্ধৰ উপস্থিতিত লিলি বেগমৰ জানাজা সম্পন্ন কৰা হয়।