ডিব্ৰুগড়ৰ বৰবৰুৱা চ্যুকাফা ভৱনত সদৌ অসম জনস্বাস্থ্য কাৰিকৰী অস্থায়ী শ্রমিক কৰ্মচাৰীৰ সভা সম্পন্ন

ডিব্ৰুগড়ৰ বৰবৰুৱা চ্যুকাফা ভৱনত সদৌ অসম জনস্বাস্থ্য কাৰিকৰী অস্থায়ী শ্রমিক কৰ্মচাৰীৰ সভা সম্পন্ন

এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা-  ডিব্ৰুগড়ৰ বৰবৰুৱা চ্যুকাফা ভৱনত সদৌ অসম জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অস্থায়ী শ্ৰমিক-কৰ্মচাৰী পৰিষদৰ আহ্বানত শুক্ৰবাৰে এখনি গুৰুত্বপূৰ্ণ সজাগতা সভা অনুষ্ঠিত হৈ যায়। ডিব্ৰুগড়ৰ  জিলা সভাপতি কামাখ্যা প্ৰসাদ গগৈৰ  সভাপতিত্বত  অনুষ্ঠিত হোৱা সভাত কেন্দ্ৰীয় সমিতিৰ সভাপতি দেৱ কুমাৰ শৰ্মা, সম্পাদক বাপন নম:শুদ্ৰ, উপ-সভাপতি বাবুল নাথ, জিলা উপ-সভাপতি বসন্ত চুতীয়াকে ধৰি কেন্দ্ৰীয় আৰু জিলাৰ ভালেসংখ্যক বিষয়ববীয়া উপস্থিত থকা সভাখনিত  আঁত ধৰে জিলা  সম্পাদক ঋতুপৰ্ণ মাউৎ।  নৱজ্যোতি লাহনৰ নেতৃত্বত  ডিব্ৰুগড় জিলাৰ ভিন্ন প্ৰান্তৰ পৰা শতাধিক কৰ্মচাৰী উপস্থিত থকা সভাত  জলমিত্ৰ সকলক স্থায়ী নিযুক্তিৰ উপৰি শ্ৰমিক আইন অনুসৰি নূন্যতম ভাট্টা প্ৰদান কৰা, এঙ্গেজমেন্টৰ সলনি জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পৰা নিযুক্তি পত্ৰ প্ৰদান কৰা, জলমিত্ৰসকলৰ জীৱনৰ নিৰাপত্তা আৰু পৰিয়ালৰ সুৰক্ষা নিশ্চিত কৰা, জলমিত্ৰসকলৰ নিযুক্তি পাবলৈ থাকি যোৱা সকলো পুৰণা শ্ৰমিকক নিযুক্তি প্ৰদান কৰা, জলমিত্ৰৰ ইউজাৰ কমিটি, পঞ্চায়তৰ পৰা মুক্ত কৰি জনস্বাস্থ্য কাৰিকৰী বিভাগৰ দ্বাৰা দৰমহা প্ৰদানৰ ব্যৱস্থা কৰিবলৈ দাবী জনাইছে। আনহাতে আঁচনিৰ নামত (ভূমি) মাটিৰ গৰাকীয়ে পাবলগা টকাৰ  বিপৰীতে চৰকাৰীভাবে চোৱা চিতা কৰা বাবে পাবলগা ধন মোকলাই দিবলৈ চৰকাৰক দাবী জনায়। আগন্তক  দিনত দাবী পূৰণ নহ’লে গণতান্ত্ৰিকভাৱে আন্দোলন কৰিব বুলি চৰকাৰক দাবী জনায়।