ডিব্ৰুগড়ৰ বৰবৰুৱাত গ্ৰীষ্ম কালীন আৰ্চাৰী প্ৰশিক্ষণ শিবিৰ সম্পন্ন: ২০৫ গৰাকীৰ অংশগ্ৰহণ
এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- অসম আৰ্চাৰী একাডেমি ডিব্ৰুগড়ৰ উদ্যোগত ডিব্ৰুগড় জিলা ক্রীড়া সন্থা, ডিব্ৰুগড় জিলা আৰ্চাৰী সন্থা, ডিব্ৰুগড় নগৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ অসীম হাজৰিকা অনুৰাগী মঞ্চ আৰু ডিব্ৰুগড় লায়ন্স ক্লাবৰ সহযোগত যোৱা ১০ জুলাই পৰা আৰম্ভ হোৱা ডিব্ৰুগড়ৰ বৰবৰুৱা চাহবাগিছা পূজা খেলপথাৰত ১০, ১৩ আৰু ১৫ বয়সৰ অনূর্ধ্ব আৰ্চাৰী প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত হয়। প্ৰশিক্ষণৰ শেষত ৰাষ্ট্ৰীয় বীৰ শহীদ বীৰছা মুণ্ডাৰ সোঁৱৰণত আৰ্চাৰী প্ৰশিক্ষণ লোৱা ২০৫ গৰাকী প্ৰশিক্ষাৰ্থীয়ে প্রশিক্ষণ শিবিৰত অংশগ্ৰহণ কৰা প্রশিক্ষার্থী খেলুৱৈয়ে কুচ-কাৱাজেৰে অভিবাদন প্ৰদৰ্শন কৰাৰ উপৰি ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰে। আৰ্চাৰী প্রশিক্ষণ শিবিৰৰ প্রতিযোগিতাৰ সৈতে সংগতি ৰাখি আয়োজন কৰা সভাত ডিব্ৰুগড় নগৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ অসীম হাজৰিকাই সভাপতিত্ব কৰে। সভাৰ আঁত ধৰি উজনি অসম আৰ্চাৰী একাডেমি, ডিব্ৰুগড়ৰ মুখ্য আহ্বায়ক ৰাজেশ বদন নায়কে ডিব্ৰুগড় জিলাত প্ৰথমবাৰৰ বাবে উজনি অসম আৰ্চাৰী একাডেমি, ডিব্ৰুগড়ৰ জৰিয়তে আৰ্চাৰী প্ৰশিক্ষণৰ যোগেদি ক্রীড়া প্রতিভা বিকাশ সাধনৰ উদ্দেশ্যে সেৱা আগবঢ়াই যাব বুলি প্রকাশ কৰে। সভাত খোৱাং সমজিলাৰ আয়ুক্ত জিন্টু বৰাই প্রশিক্ষার্থীসকলক খেলুৱৈ হিচাপে নিজকে প্ৰস্তুতি চলাবলৈ হ’লে লক্ষ্য স্থিৰ কৰি আগবাঢ়ি যাব লাগিব বুলি প্রকাশ কৰে। অনুষ্ঠানত অসম আৰ্চাৰী সন্থাৰ উপ-সভানেত্রী ঊষাৰাণী বৰুৱা সোণোৱাল উপস্থিত থাকে। ডিব্ৰুগড় লায়ন্স ক্লাবৰ সভাপতি ৰক্তিম গগৈ, সম্পাদক সঞ্জীব চেটার্জী, উজনি অসম আৰ্চাৰী একাডেমিৰ উপ-সভাপতি বিপুল কুমাৰ দাস, সমাজকর্মী শ্যামল ভূমিজ আৰু দীপক তাঁতী আদিও উপস্থিত থাকে। প্রশিক্ষণ শিবিৰত মুখ্য প্রশিক্ষক আৰ্চাৰী খেলুৱৈ ডেভিদ স্বর্গীয়াৰীৰ উপৰি মণিপুৰৰ চন্দপা সিঙে প্রশিক্ষণ প্রদান কৰে। অহা ৩ আগষ্ট খেলুইসকলক ৰাজহুৱাকৈ সন্মান জনোৱা হ’ব।