ডিব্ৰুগড়ৰ ব্ৰহ্মপুত্ৰৰ খহনীয়া আৰু ছয় জনগোষ্ঠী সৰ্ম্পকত মুখ্যমন্ত্ৰী

ডিব্ৰুগড়ৰ ব্ৰহ্মপুত্ৰৰ খহনীয়া আৰু ছয় জনগোষ্ঠী সৰ্ম্পকত মুখ্যমন্ত্ৰী

এম হাছিম আলী, ডিব্ৰুগড়, ৰঙিলী বাৰ্ত্তাসেৱা-  ডিব্ৰুগড়ত হোৱা ব্ৰহ্মপুত্ৰৰ খহনীয়া বিষয়ে মোক কালিয়েই অৱগত কৰে বুলি মুখ্যমন্ত্ৰীয়ে কয়। তেওঁ কয় যে তেতিয়া মই ডিব্ৰুগড়ত নাছিলো আৰু মই খবৰ পোৱা মাত্ৰেই মন্ত্ৰী পীযুষ হাজৰিকাক ইয়ালৈ মতাই আনিছো। মন্ত্ৰী পীযুষৰ লগতে মন্ত্ৰী প্ৰশান্ত ফুকনে খহনীয়া  পৰিদৰ্শন কৰি বুজ লয়।তেওঁলোককক সুধিলে মই জানিব পাৰিম যে কি কি ব্যৱস্থা গ্ৰহণ কৰিছে আৰু আমি যিমান পাৰো ব্ৰহ্মপুত্ৰৰ খহনীয়া ৰোধৰ বাবে পাৰ্যমানে চেষ্টা কৰিম,যাতে ডিব্ৰুগড় সদায়েই সুৰক্ষিত হৈ থাকে। ছয় জনগোষ্ঠীৰ সম্পৰ্কে মুখ্যমন্ত্ৰীয়ে কয় যে ২৫ নৱেম্বৰত অসম বিধান সভাত,জনগোষ্ঠীৰ জনজাতি কৰণৰ প্ৰতিবেদন দাখিল হ’ব আৰু জনজাতিকৰণৰ ক্ষেত্ৰত ভাৰতীয় জনতা পাৰ্টীৰ সদায়ে সমৰ্থন কৰি আছে।ইয়াত আমি নিজেও জড়িত আছো,আমাৰ কাৰ্যকতাও জড়িত আছে।সমস্যাটো সমাধানৰ বাবে কিছু আলোচনাৰ মাজেৰে বাট প্ৰশস্ত কৰিব লাগে।বিভিন্ন পৰ্যায়ত ইয়াৰ আলোচনা চলিয়েই আছে।অহা ২৫ নৱেম্বৰত অসম বিধান সভাত,জনগোষ্ঠীৰ জনজাতি কৰণৰ বাবে গঠন কৰি দিয়া কেবিনেট কমিটিয়ে প্ৰতিবেদন দাখিল কৰিব।