ডিব্ৰুগড়ৰ বেবেজীয়াত  ট্ৰাষ্ট ফ’ৰ হিউমিনিটিৰ উদ্যোগত নেচনেল পাব্লিক স্কুলৰ আধাৰশিলা স্থাপন 

ডিব্ৰুগড়ৰ বেবেজীয়াত  ট্ৰাষ্ট ফ’ৰ হিউমিনিটিৰ উদ্যোগত নেচনেল পাব্লিক স্কুলৰ আধাৰশিলা স্থাপন 

ৰঙিলী বাৰ্ত্তাসেৱা-  ডিব্ৰুগড়ৰ উপকন্ঠ অঞ্চল বেবেজীয়াত  ‘ট্ৰাষ্ট ফ’ৰ হিউমিনিটি’ নামৰ সংস্থাটিৰ উদ্যোগত বেবেজীয়া অঞ্চলত এগন নেচনেল পাব্লিক স্কুলৰ আধাৰশিলা স্থাপন কৰা হয় শিক্ষক দিৱসৰ দিনা।চি-বি-এচ-ই পাঠ্যক্ৰমৰ নাৰ্চাৰীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে শিক্ষাদান কৰিবলগীয়া এই অঞ্চলত এখন আগশাৰীৰ স্কুল স্থাপন হোৱাত বেবেজীয়া অঞ্চলৰ ৰাইজে  আনন্দ প্ৰকাশ কৰে। আধাৰশিলা স্থাপনৰ আৰম্ভনিতে কোৰাণ পাঠ আৰু মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ এফাকি বৰগীত-ভক্তি প্ৰসঙ্গ পাঠ কৰা হয়। সভাত অঞ্চলটোৰ অৱসৰপ্ৰাপ্ত শিক্ষক, সমাজ সেৱক ধীৰেন চন্দ্ৰ মৰাণে আবেগেৰে কয় যে স্বাধীনতাৰ আঠসত্তৰ বছৰ পাছতো এই বেবেজীয়া গ্ৰামাঞ্চলত এখন আগশাৰীৰ স্কুল স্থাপন নহল আৰু এই অঞ্চলত এখন স্কুলৰ আধাৰশিলা স্থাপন হোৱাত অঞ্চলবাসী সন্তোষ প্ৰকাশ কৰে আৰু  ভৱিষ্যতে ই আশাৰ বতৰা কঢ়িয়াই আনিব বুলি কয়। বিশিষ্ট সমাজ কৰ্মী তথা বাগ্মীবৰ  নীলমণি ফুকন হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক চেহিৰ আহমেদে সভাপতিত্ব কৰা  সভাত উপস্থিত গাওঁ প্ৰধানৰ সদস্যা ববিতা গগৈ শইকীয়া, জাপি সজীয়া গাওঁৰ গাওঁপ্ৰধান সঞ্জীৱ দাস, অৱসৰপ্ৰাপ্ত গাওঁ প্ৰধান সমাজ কৰ্মী ত্ৰিদিৱ শইকীয়া, উপায়ুক্ত কাৰ্য্যালয়ৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী হৰেণ দাস, সমাজ কৰ্মী কপুল মৰাণ, নিউজ লাইফৰ ডিব্ৰুগড়ৰ সংবাদদাতা সূৰুয দত্ত, অৱসৰপ্ৰাপ্ত জ্যেষ্ঠ উপ-পঞ্জীয়ক আলহাজ জেহিৰ উদ্দিন আহমেদ, সমাজ সেৱক অৰ্পনা বৰা, লেখিকা গৈৰিকা বৰুৱা আহমেদ , সমাজকৰ্মী- সাংবাদিক এম হাছিম আলী, সমাজ কৰ্মী গাওঁ প্ৰধান ৰাকেশ ৰাউত , নৌছাদ আদি আহমেদ আদি। সমাজকৰ্মী ইমৰাণ হুছেইনে আঁত ধৰা সভাত প্ৰস্তাৱনা পাঠ কৰে ট্ৰাষ্টৰ সম্পাদক আলহজ মুহিবুল হুছেইনে।ট্ৰাষ্টৰ উদ্দেশ্য আৰু লক্ষ্যৰ বিষয়ে সভাক অৱগত কৰে  ট্ৰাষ্টৰ প্ৰতিষ্ঠাপক আলহজ ইমতিয়াজ আহমদে। শলাগৰ শৰাই আগবঢ়ায় ট্ৰাষ্টৰ উপ-সভাপতি আলহজ ৰফিক আহমেদে। সভাৰ অন্তত সমূহ উপস্থিত ৰাইজৰ সাক্ষাতত আধাৰ শিলা স্থাপন কৰে অঞ্চলটোৰ উপস্থিত ৰাইজে।অনুষ্ঠানৰ  লগত সঙ্গতি ৰাখি নাৰীকণ্ঠ, সমাজ সেৱিকা অৰ্পনা বৰাই আগবঢ়োৱা এটি বকুল পুলি ৰোপন কৰা হয়।