ডিব্ৰুগড়ৰ বিশিষ্ট শাস্ত্ৰীয় সংগীত শিল্পী মালা দে’ৰ মৃত্যু

ডিব্ৰুগড়ৰ বিশিষ্ট শাস্ত্ৰীয় সংগীত শিল্পী মালা দে’ৰ মৃত্যু : শোকৰ ছাঁ 
এম্ হাছিম আলী, ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা-   ডিব্ৰুগড়ৰ শান্তিপাৰা বাশবাৰী নিবাসী বিশিষ্ট সংগীত শিল্পী, ডিব্ৰুগড়ৰ সাংস্কৃতিক জগতৰ পূৰোধা ব্যক্তি  মালা দে’ৰ বাৰ্ধক্য জনিত কাৰণত কালি (৫-১-২৫) ৮১ বছৰ বয়সত মৃত্যু হয়। বিশিষ্ট সংগীত শিল্পী মালা দে’ ৰ জন্ম হৈছিল গুৱাহাটীত ১৯৪৪ চনৰ ১২ চেপ্তেম্বৰত। তেঁওৰ পিতৃ আছিল শশাঙ্ক শেখৰ চৰকাৰ আৰু মাতৃ আছিল সুহাসিনী চৰকাৰ। মাত্ৰ ১৮ বছৰ বয়সত ডিব্ৰুগড়ৰ এগৰাকী প্রতিষ্ঠিত ব্যবসায়ী অনিল কুমাৰ দে’ ৰ সৈতে  বিবাহ পাশত আবদ্ধ হয়। ৩০ বছৰ বয়সৰ পৰা ভাৰতীয় শাস্ত্রীয় সংগীত চর্চা আৰম্ভ কৰা মালা দে’ তেওঁৰ গুৰু প্রহ্লাদ দাসৰ তত্বাবধানত  ১৯৭৫ চনত শাস্ত্রীয় সংগীতৰ স্নাতক ডিগ্রী লাভ কৰে। তেখেত ডিব্রুগড়ৰ আমোলাপট্টিৰ “সংগীত বিদ্যামন্দিৰ”  আৰু “সদাৰং কলা মন্দিৰ”ৰ দৰে অনুষ্ঠানৰ সৈতে জড়িত হৈ পৰে। মালা দে’ৰ মার্গ দর্শনত ২৫০ গৰাকীতকৈও অধিক সংগীত শিল্পীক শাস্ত্রীয় সংগীতৰ শিক্ষা দি নিজকে প্রতিষ্ঠা কৰিবলৈ সক্ষম হয়। তেখেতৰ মৃত্যুত ডিব্রুগড়ৰ লগতে অসমৰ শাস্ত্রীয় সংগীত জগতৰ বাবে এক অপূৰণীয় ক্ষতি হয়। তেওঁৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰে। মৃত্যুৰ সময়ত তেওঁৰ একমাত্ৰ পুত্ৰ আৰু বোৱাৰীৰ লগতে নাতিসহ পৰিয়ালৰ অনেক আত্মীয়ক ইহ সংসাৰত এৰি যায়। এইগৰাকী অশীতিপৰ ব্যক্তিক যোৱা বছৰ অৰ্থাৎ ২০২৪ চনৰ ২৩ জুনত ডিব্ৰুগড়ৰ সামাজিক অনুষ্ঠান চেন্টাৰ ফৰ ইছলামিক ষ্টাডিজে তেওঁলোকৰ ৰূপালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠানত স্মাৰকসহ বিশেষ ভাৱে সম্বৰ্ধিত কৰে। স্থানীয় চৌকিদিঙী শ্মশানত তেওঁৰ শেষকৃত সম্পন্ন কৰা হয়।