ডিব্ৰুগড়ৰ বিমানবন্দৰ সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ নামেৰে নামাকৰণৰ দাবীত প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ

ডিব্ৰুগড়ৰ বিমানবন্দৰ সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ নামেৰে নামাকৰণৰ দাবীত প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ বৃহত্তৰ প্ৰেছ ক্লাব, ডিব্ৰুগড় প্ৰেছ ক্লাব, ডিব্ৰুগড় সাহিত্য সভাৰ
এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা-  বিশ্ব বৰেণ্য শিল্পী সুধা কণ্ঠ ড° ভূপেন হাজৰিকাৰ নামেৰে ডিব্ৰুগড়ৰ মোহনবাৰীস্থিত বিমানবন্দৰৰ নামাকৰণ কৰাৰ দাবীত দেশৰ প্ৰধান মন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰদান কৰিছে বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবে। দেশৰ প্ৰতিৰক্ষাৰ ক্ষেত্ৰত পূৱ প্ৰান্তত অৱস্থিত ডিব্ৰুগড় মোহনবাৰী বিমানবন্দৰটো আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰলৈ উন্নিত কৰাৰ লগতে বিশ্ব বৰেণ্য শিল্পী , সুৰকাৰ, গীতিকাৰ, সংগীত পৰিচালক, চিত্ৰকৰ, লেখক, বিশ্ববিদ্যালয়ৰ শিক্ষক, চলচ্চিত্ৰ পৰিচালক আৰু আলোচনীৰ সম্পাদক তথা অসমৰ সাংস্কৃতিক পৰিচয় আৰু ভাৰতীয় ক’লা -সংস্কৃতিৰ প্ৰচাৰ প্ৰসাৰত অমূল্য অৱদান আগবঢ়াই যোৱা ‘ড° ভূপেন হাজৰিকা’ৰ নামেৰে নামাকৰণ কৰাৰ দাবীত ডিব্ৰুগড় জিলা আয়ুক্ত বিক্ৰম কৈৰীৰ জৰিয়তে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰা লগতে কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী, ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা,আৰু ডিব্ৰুগড় স্থানীয় বিধায়ক তথা মন্ত্ৰী প্ৰশান্ত ফুকনলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰে। বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ সভাপতি মনজিৎ বৰা আৰু সাধাৰণ সম্পাদক ৰাতুল গোহাঁই দ্বাৰা স্বাক্ষৰিত এক স্মাৰক পত্ৰৰ জৰিয়তে প্ৰধানমন্ত্ৰীলৈ আবেদন জনাই কয় যে,ভাৰত ৰত্ন, পদ্মভূষণ,পদ্ম বিভূষণ, দাদা চাহেব ফাল্কে বঁটা, সংগীত নাটক অকাডেমীকে ধৰি বিভিন্ন বঁটা-বাহনৰে বিভূষিত হোৱাৰ লগতে বিশ্ব দৰবাৰত দেশক ড০ হাজৰিকাই জিলিকাই তুলিছিল। তেওঁৰ জীৱন আদৰ্শ সামাজিক ন্যায়, সাংস্কৃতিক সংৰক্ষণ আৰু শিল্পৰ মাধ্যমত জনজাগৰণে নতুন প্ৰজন্মক সদায় উদ্বুদ্ধ কৰা লগতে সমগ্ৰ অসমীয়া জাতিক ধন্য কৰি থৈ গৈছে। ড০ হাজৰিকাৰ নামেৰে বিমানবন্দৰটি নামকৰণে অসমৰ সাংস্কৃতিক গৌৰৱক ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিষ্ঠা কৰাৰ বাবে অনুৰোধ জনায়, লগতে তেওঁৰ নামেৰে নামাকৰণ কৰা বিমানঘাটিয়ে অসমৰ লগতে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ পৰ্যটন আৰু অৰ্থনৈতিৰ বিকাশত সহায় হ’ব বুলি উল্লেখ কৰি প্ৰধান মন্ত্ৰীৰ পৰা সঁহাৰি আশা কৰে। আনহাতে আহমেদাবাদৰ বিমানঘাটি চৰ্দাৰ বল্লভভাই পেটেল আন্তজাৰ্তিক বিমানঘাটি , নাগপুৰৰ ড° বাবা চাহেব আম্বেদকাৰ আন্তজাৰ্তিক বিমানঘাটিৰ বিষয়ে উল্লেখ কৰি ড° ভূপেন হাজৰিকাৰ প্ৰতি ৰাষ্ট্ৰীয় সন্মানৰ কৃতজ্ঞতা চিন স্বৰূপে বিশ্ব মঞ্চত উজ্বলাই তোলাৰ আশা কৰে। আনহাতে একে দাবী ভিত্তিত পৃথকে ঐতিহ্যমণ্ডিত ডিব্ৰুগড় সাহিত্য সভাৰ হৈ উপ-সভাপতি যাদৱ গগৈ আৰু সম্পাদক ৰাতুল গোহাঁই স্বাক্ষৰিত এক স্মাৰক পত্ৰ  প্ৰধানমন্ত্ৰীলৈ প্ৰেৰণ কৰা লগতে কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী, ডিব্ৰুগড় সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা,আৰু ডিব্ৰুগড় স্থানীয় বিধায়ক তথা কেবিনেট মন্ত্ৰী প্ৰশান্ত ফুকনলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰে। আনহাতে ডিব্ৰুগড় প্ৰেছ ক্লাবৰ সভাপতি মানস জ্যোতি দত্ত, সম্পাদক ৰিপুঞ্জয় দাস আৰু উপদেষ্টা অনিল পোদ্দাৰৰ জৰিয়তে মোহনবাৰী বিমানবন্দৰৰ নামাকৰণ ‘সূধাকণ্ঠ ড° ভূপেন হাজৰিকা’ৰ নামেৰে নামাকৰণ কৰাৰ দাবীত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মালৈও স্মাৰকপত্ৰ প্ৰেৰণ কৰে।